Home অসম দুমুনিচকীত শিক্ষকৰ ৰূপত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী : বিদ্যালয়ৰ গুণোৎসব পৰ্য্যবেক্ষণ দৰঙৰ অভিভাৱক...

দুমুনিচকীত শিক্ষকৰ ৰূপত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী : বিদ্যালয়ৰ গুণোৎসব পৰ্য্যবেক্ষণ দৰঙৰ অভিভাৱক মন্ত্ৰীৰ

60
0

গণ বাৰ্তা, দুমুনিচকী, ১৩ মে’ ঃ দৰং জিলাৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগে আয়োজন কৰা তৃতীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ পিছতে বৃহস্পতিবাৰে ছিপাঝাৰ শিক্ষাখণ্ডৰ আন দুখন বিদ্যালয়ত উপস্থিত হয় দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দুমুনিচকীৰ ৰনং মাৰুৱাচকী প্ৰাথমিক বিদ্যালয় আৰু বাঁহগড়া গণেশ কুঁৱৰী জনজাতি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয় শ্ৰেণীকোঠাত৷ দৰঙৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্যমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুণোৎসৱৰ লগতে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গুণগত মান অনুধাৱন কৰাৰ বাবে উপস্থিত হয় দুমুনিচকীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ত৷ পুৱা ১১ বজাত মন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰনং মাৰুৱাচকী প্ৰাথমিক বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহ পৰিদৰ্শন কৰি বিদ্যালয়খনত কণ কণ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিভিন্ন বিষয়ত মত-বিনিময় কৰে৷ তদুপৰি প্ৰায় এক ঘণ্টা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষকৰ ৰূপত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাবৰ আদান-প্ৰদান কৰি আল্পুত হয়৷ ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত যথেষ্ট আগবঢ়া৷ তেওঁলোকে প্ৰায়বোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে আন কে’বাটাও প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে৷ ভৱিষ্যতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল এদিন উচ্ছ শিক্ষা লাভ কৰি সুনাম কঢ়িয়াই আনিব পাৰিব বুলি আশা কৰিব পাৰি৷ মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰো শলাগ লয়৷ মাৰুৱাচকী প্ৰাথমিক বিদ্যালয়ৰ পিছত একেটা পথত থকা বাঁহগড়া গণেশ কুঁৱৰী জনজাতি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰে৷ ইফালে, মন্ত্ৰীগৰাকীয়ে বিদ্যালয় দুখনৰ আন্তঃগাঁথনি, খোৱাপানী আদি বিষয়ত বুজ লৈ প্ৰয়োজনীয় অসুবিধা দূৰ কৰিবলৈ দৰং জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে৷ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ লগতে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিভাগীয় বিষয়াসকলে৷ ইফালে, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দুয়োখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা আদৰণি জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here