Home নগাঁও নগাঁৱত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত, বিজেপি, অগপ আৰু কংগ্ৰেছৰ ৰথী-মহাৰথীৰ...

নগাঁৱত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত, বিজেপি, অগপ আৰু কংগ্ৰেছৰ ৰথী-মহাৰথীৰ প্ৰচাৰ

246
0



ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৩ মাৰ্চ: সমাগত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰৰ কাইলৈ অন্তিম দিন৷ সেয়ে ৰাজ্যখনৰ আন আন পৌৰসভাৰ লগতে নগাঁও জিলাৰ চাৰিখন পৌৰসভা ক্ৰমে নগাঁও, ধিং, ৰহা আৰু কামপুৰ পৌৰসভাৰ প্ৰচাৰ অভিযান তুংগত উঠিছে৷ জিলাখনৰ চ্ছটা মহলাযুক্ত নগাঁও পৌৰসভাৰ ২৩টা মহলাত, কামপুৰ, ৰহা, ধিং পৌৰসভাৰ ১০টাকৈ মহলাত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নগাঁও, কামপুৰ, ৰহা পৌৰসভাত বিজেপি-অগপ মিত্ৰজোঁট আৰু কংগ্ৰেছ-অসম জাতীয় পৰিষদৰ মিত্ৰশক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব৷ কেইবাটাও মহলাত নিৰ্দলীয় প্ৰাৰ্থীও প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে৷ নগাঁও পৌৰসভাৰ ১৪নং মহলাত আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ছাবিৰ হুছেইনে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ ছাবিৰ হুছেইনে ঘৰে ঘৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷ আজি স্বাস্থ্যমন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নগাঁও পৌৰসভাত প্ৰতিদ্বন্দ্বিতা কৰা অগপৰ প্ৰৰ্থী ক্ৰমে মনালিছা বৰুৱা ৰহমান, মুক্তা জয়ছোৱাল, তৌহিদুল ৰহমান আৰু ৰূপালী শইকীয়াৰ হৈ প্ৰচাৰ অভিযান চলায়৷ এই উপলক্ষে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী মহন্তই কয়– সমগ্ৰ ৰাজ্যৰ পৌৰসভা নিৰ্বাচনত বিজেপি-অগপ মিত্ৰজোঁটে ভাল ফলাফল প্ৰদৰ্শন কৰিব৷ ৰাজ্যখনৰ সকলো পৌৰসভাতে আমাৰ ফলাফল ভাল হ’ব৷ কংগ্ৰেছক কঠোৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়– কংগ্ৰেছে অপপ্ৰচাৰেৰে ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে৷ কংগ্ৰেছৰ এই অপপ্ৰচাৰৰ কথা ৰাইজে বুজি উঠিছে৷ অসমৰ ৰাইজ এতিয়া বিজেপি-অগপ মিত্ৰজোঁটৰ পক্ষত আছে৷ নগাঁও পৌৰসভা মিত্ৰজোঁটে দখল কৰাতো এশ শতাংশই নিশ্চিত হৈছে৷ ইপিনে, সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়– পৌৰসভা নিৰ্বাচনত বিজেপি-অগপৰ সৌহাৰ্দ্যপূৰ্ণভাৱে মিত্ৰতা হৈছে৷ ক’ৰবাত ক’ৰবাত মিত্ৰতাৰ ক্ষেত্ৰত অগাপিছা হয়৷ দুই একত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে৷ মিত্ৰতাক লৈ আমাৰ কোনো সংকোচ নাই৷ ক্ষোভ নাই৷ আমি মনখুলি মিত্ৰতা কৰিছোঁ৷ মন্ত্ৰীগৰাকীৰ লগত জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও জিলা অগপৰ সভাপতি মণি মাধৱ মহন্তকে ধৰি কেইবাগৰাকী অগপ নেতাই অগপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়৷ ইপিনে, নগাঁও পৌৰসভাত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ২৩টা মহলাৰ আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মাৰাথন প্ৰচাৰ অভিযান চলায়৷ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কয়– বিজেপি চৰকাৰৰ দিনত নগৰ-চহৰৰ লগতে সমগ্ৰ ৰাজ্যখনত দ্ৰুত উন্নয়ন হৈছে৷ নগাঁও চহৰতো উন্নয়নে নতুন ৰূপ লৈছে৷ আমাৰ চৰকাৰৰ দিনত হোৱা উন্নয়নৰ বাবে ৰাইজ এতিয়া বিজেপিৰ প্ৰতি ধাৱমান হৈছে৷ নগাঁও পৌৰসভা বিজেপি মিত্ৰজোঁটে দখল কৰাতো এশ শতাংশই নিশ্চিত হৈছে৷ বিজেপিৰ হৈ ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো বিজেপি নেতা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আদিয়ে প্ৰচাৰ অভিযান চলায়৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হকে সাংসদ প্ৰদু্যৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা শান্তনু শৰ্মা, সুৰেশ বৰা, ইক্ৰামুল হুদাই প্ৰচাৰ অভিযান চলায়৷ সাংসদ বৰদলৈয়ে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি বিজেপি-অগপক কঠোৰ সমালোচনা কৰি কয়– বিজেপি চৰকাৰৰ দিনত নিবনুৱা সমস্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ নিবনুৱা সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হৈছে৷ কংগ্ৰেছ চৰকাৰৰ দিনত অসমত উন্নয়নৰ দুৱাৰ মুকলি হৈছিল বুলি সাংসদগৰাকীয়ে মন্তব্য কৰি এইবাৰ পৌৰ নিৰ্বাচনত ৰাইজে কংগ্ৰেছক আঁকোৱালি ল’ব বুলি মন্তব্য কৰে৷ কংগ্ৰেছৰ মিত্ৰশক্তি অসম জাতীয় পৰিষদৰ হৈ পৰিষদৰ ৰাজ্যিক সভাপতি ছমচেৰ সিং আৰু সাংগঠনিক সম্পাদক উৎপল বণিয়া আদিয়ে প্ৰচাৰ অভিযান চলায়৷ এনেদৰে এতিয়া নগাঁৱত পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here