Home Main Stories যোৰহাট মেডিকেল কলেজত মন্ত্ৰী কেশৱ মহন্তৰ আকস্মিক পৰিদৰ্শন। ব্যক্তিগত চিকিৎসালয়ৰ মাচুলৰ ক্ষেত্ৰত...

যোৰহাট মেডিকেল কলেজত মন্ত্ৰী কেশৱ মহন্তৰ আকস্মিক পৰিদৰ্শন। ব্যক্তিগত চিকিৎসালয়ৰ মাচুলৰ ক্ষেত্ৰত লব ব্যৱস্থা

22
0

গণবাৰ্তা বিশেষ,যোৰহাট, ২৭ মে’ : স্বাস্থ্যমন্তী কেশৱ মহন্তই আজি সন্ধ্যা যোৰহাট মেডিকেল কলেজত আকস্মিক পৰিদৰ্শন কৰে। জিলা প্ৰশাসনৰ অজ্ঞাতে মন্ত্ৰী জনে হঠাৎ চিকিৎসা মহাবিদ্যালয় খনৰ কোভিড পৰিস্থিতিৰ বুজ লয়। বৰ্তমানৰ আই চি ইউ, বিছনাৰ সংখ্যাৰ বুজ লোৱাৰ লগতে নিৰ্মান হৈ থকা বিচনা আৰু আই চি ইউ আদিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী জনে। জুন মাহত ভালে খিনি আই চি ইউ, বিচনা আদিৰ নিৰ্মান সম্পূৰ্ণ হব বুলি তেওঁ উল্লেখ কৰে।
ইফালে কোভিড চিকিৎসা কৰা ব্যক্তিগত চিকিৎসালয় সমূহক শীঘ্ৰে নিয়ন্ত্ৰণ কৰা হব আৰু কোনেও বেছি বিল আদায় কৰিব নোৱাৰিব বুলি মন্ত্ৰী জনে স্পষ্ট কৰে। আজি পৰিদৰ্শন কালত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্ন তালুকদাৰ আৰু অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱা উপস্থিত থাকে|

LEAVE A REPLY

Please enter your comment!
Please enter your name here