গণবাৰ্তা বিশেষ,যোৰহাট, ২৬ ডিচেম্বৰ: উজনি অসম তথা ৰাজ্যৰ আগশাৰীৰ অন্যতম কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান হৈছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়। বহু ঘাট প্ৰতিঘাত অতিক্ৰম কৰি সেইসময়ৰ শিক্ষামন্ত্ৰী দেৱেশ্বৰ শৰ্মাৰ আপ্ৰাণ প্ৰচেষ্টাত ১৯৬০ চনত প্ৰতিষ্ঠা লাভ কৰা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে ইতিমধ্যে প্ৰতিষ্ঠাৰ ষাঠি বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে আজিৰে পৰা দুদিনিয়াকৈ আৰম্ভ হৈছে হীৰক জয়ন্তী সমাৰোহ। আজি পুৱা পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা তাছা, শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুকে ধৰি বহু বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি পুৱা অনুষ্ঠিত হোৱা মুকলি সভাত স্মৰণিকা উন্মোচন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। স্মৰণিকা উন্মোচন কৰি দিয়া ভাষণত ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, নতুন শিক্ষানীতিৰ আধাৰত শিক্ষাৰ ক্ষেত্ৰত মহাবিদ্যালয় খনে ব্যাপক সংস্কাৰ আনিবলৈ সক্ষম হব। এখন মহাবিদ্যালয়ে ৬০ টা বছৰ অতিক্ৰম কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। এই খন মহাবিদ্যালয়ে বহু ঘাত-প্ৰতিঘাতৰ মাজেদি আহি আজিৰ পৰিস্থিতিত উপনীত হোৱাৰ লগতে বহু মানৱ সম্পদ সৃষ্টি কৰিছে। যিসকলে ৰাজ্যৰ লগতে দেশ বিদেশতো উজলি উঠিবলৈ সক্ষম হৈছে। এই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে যি ৬০ টা বৰ্ষ অতিক্ৰম কৰিলে, ঠিক একেদৰে এই মহাবিদ্যালয় খনে আগন্তুক ৬০ বৰ্ষৰ বাবে আঁচনি প্ৰস্তুত কৰা উচিত। যাতে আৰু অধিক মানৱ সম্পদ এই মহাবিদ্যালয় ৰ পৰা উত্তীৰ্ণ হৈ সমাজৰ প্ৰতি সেৱা আগবঢ়াব পাৰে। মই আহ্বান জনাওঁ যাতে এই মহাবিদ্যালয় খনে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী ৰ বাবে নতুন শিক্ষা নীতিৰ আধাৰত আঁচনি প্ৰস্তুত কৰে। অসম চৰকাৰে ইতিমধ্যে এনে মহাবিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নয়ন ৰ বাবে আঁচনি গ্ৰহণ কৰিছে। আৰু সেই আঁচনিৰ অধীনত এই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় খনলৈ অনুদান আগবঢ়োৱা হৈছে। আৰু নতুন যিখিনি কাম বাকী আছে এই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত সেই খিনিও আমি অতি সোনকালে পূৰণ কৰিম। আনহাতে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত মন্ত্রী বিদ্যালয়ৰ ক্ষেত্ৰত কোনো নতুন এচ অ পি নাই বুলি উল্লেখ কৰি মন্ত্ৰী জনে কয় যে নতুন বছৰ আহিছে সকলোৰে ভাল হওক, মোৰ বাবে কিন্তু আতংক। যিহেতু এটা বছৰ পাৰ হৈ গল, বহু কাম কৰিবলৈ বাকী আছে। আনহাতে সভাত উপস্থিত থাকি সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে, আমি দেখা পাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰী সকলক একাংশ ইংৰাজী, বিজ্ঞান আৰু অংকত যথেষ্ট দুৰ্বল। মই আশা কৰোঁ নতুন শিক্ষা নীতিয়ে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক নতুন উদ্যম প্ৰদান কৰিব। আনহাতে বৰ্তমান সময়ত দেখা গৈছে যে, সকলো ক্ষেত্ৰত অভিযন্তা সকলৰ প্ৰয়োজন আহি পৰিছে। সমাজ খন পৰিচালনা কৰিবৰ বাবে অভিযন্তা, চিকিৎসক সকলৰ প্ৰয়োজন অতি বেছি। যদি এজন ছাত্ৰক সোধা যায় যে ভৱিষ্যত ৰ দিনত কি হব তেন্তে তেওঁ কব চিকিৎসক, অভিযন্তা হম বুলি। সেইবাবে আমাৰ সমাজত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠান ৰ প্ৰয়োজন আছে। এই সমূহ শিক্ষানুষ্ঠান হৈছে মানৱ সম্পদ গঢ় দিয়াৰ এক উৎকৃষ্ট মাধ্যম।
Home Main Stories ‘নতুন বছৰ মোৰ কাৰণে আতংক’ : যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহত...