Home Uncategorized নৱনিৰ্মিত ছুপাৰ স্পেচিয়েলিটী হস্পিতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

নৱনিৰ্মিত ছুপাৰ স্পেচিয়েলিটী হস্পিতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

451
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ অতিশীঘ্ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মাইক্ৰ’ বায়’লজী, পেথ’লজী, ৰেডিঅ’লজী আদি বিভিন্ন বিভাগৰ অধীনত কৰা পৰীক্ষাৰ প্ৰতিবেদন একেদিনাই লাভ কৰিবলৈ সক্ষম হ’ব ৰোগীৰ অভিভাৱকে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত জিএমচিএইচত এমআৰআই, চিটি স্কেন, এক্স-ৰে’ আৰু আলট্ৰাছাউণ্ডৰ ৰিপ’ৰ্ট এদিনতে দিয়াটো সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। তদুপৰি, অহা সোমবাৰৰ পৰাই জিএমচিএইচত এমআৰআই, চিটি স্কেন, এক্স-ৰে’ আৰু আলট্ৰাছাউণ্ডৰ দৈনিক পৰীক্ষাৰ সংখ্যাও বৰ্তমানতকৈ প্ৰায় দুগুণলৈ বৃদ্ধি পাব। ৰাজ্যৰ এই শীৰ্ষস্থানীয় চিকিৎসালয়খনত প্ৰতিদিনে চিটি স্কেন, এমআৰআই, আলট্ৰাছাউণ্ড, এক্স-ৰে’ কৰিবলৈ অহা ৰোগীসকলৰ একাংশই পৰীক্ষাৰ সুবিধাই নোপোৱাকৈ ঘূৰি যাব লগা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ জিএমচিএইচ কৰ্তৃপক্ষক দৈনিক পৰীক্ষণ সামৰ্থ্য তাৎক্ষণিকভাৱে বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। সেইমতে, অহা ২২ নৱেম্বৰৰ পৰাই জিএমচিএইচত কমেও ৫৫গৰাকী ৰোগীৰ এমআৰআই, জৰুৰীকালীন সেৱা বিভাগৰ চিটি স্কেন যন্ত্ৰৰ বাদে আন তিনিটা চিটি স্কেন যন্ত্ৰৰ জৰিয়তে ন্যূনতম ১৩৫ গৰাকীকৈ ৰোগী, ছুপাৰ স্পেচিয়েলিটী হস্পিতালৰ এক্স-ৰে’ যন্ত্ৰ বাদে ইনড’ৰ আৰু জৰুৰী শাখাৰ এক্স-ৰে’ যন্ত্ৰৰ জৰিয়তে ৩১০গৰাকীকৈ ৰোগীৰ এক্স-ৰে’ আৰু তিনিটা নিয়মীয়া আলট্ৰাছাউণ্ড যন্ত্ৰৰ জৰিয়তে ১৫০গৰাকী, ড’প্ল­াৰ আলট্ৰাছাউণ্ড যন্ত্ৰৰে ১০০গৰাকী আৰু বায়’প্সী আলট্ৰাছাউণ্ড যন্ত্ৰৰে ২০গৰাকীকৈ ৰোগীৰ দৈনিক পৰীক্ষা কৰিব পৰাকৈ সামৰ্থ্য বৃদ্ধি কৰা হৈছে।

ইয়াৰ বাবে পুৱা ৮ বজাৰ পৰা নশা ১০ বজালৈকে দুটা ছিফ্‌টত পৰীক্ষণ কাৰ্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰাৰ লগতে লেবৰীটেৰী টেকনিচিয়ান তথা কাৰিকৰী কৰ্মচাৰীৰ  সংখ্যাও বৃদ্ধি কৰা হৈছে। এই বিষয়ত চিকিৎসালয় কৰ্তৃপক্ষই লোৱা ব্যৱস্থাৱলী স্বচক্ষে বুজ লোৱাৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই আজি দুপৰীয়া জিএমচিএইচ চিকিৎসালয়ত উপস্থিত হৈ এমআৰআই, চিটি স্কেন, এক্স-ৰে’ আৰু আলট্ৰাছাউণ্ড পৰীক্ষাগাৰ পৰিদৰ্শন কৰে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মা, উপ- চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে জিএমচিএইচৰ পেথ’লজী, মাইক্ৰ’ বায়’লজী, ৰেডিঅ’লজী আদি বিভাগৰ মুৰব্বী অধ্যাপক তথা তত্ত্বাৱধায়ক আৰু জ্যেষ্ঠ লেবৰেটৰী টেকনিচিয়ান-নাৰ্ছৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত জিএমচিএইচত এমআৰআই, চিটি স্কেন, এক্স-ৰে’ আৰু আলট্ৰাছাউণ্ডৰ দৈনিক পৰীক্ষণ সামৰ্থ্য বৃদ্ধিৰ লগতে এদিনতে পৰীক্ষাৰ প্ৰতিবেদন (ৰিপ’ৰ্ট) ৰোগীৰ অভিভাৱকে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ লোৱা জৰুৰী কাৰ্যব্যৱস্থা সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়।  ইফালে, স্বাস্থ্যমন্ত্ৰী মহন্তই আজি জিএমচিএইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ নৱনিৰ্মিত ভৱনো পৰিদৰ্শন কৰে। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, এনএইচএমৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মণন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, উপ-সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কাৰ্ডিঅ’-নিউৰ’ চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যৰ সৈতে নৱনিৰ্মিত হাস্পতালখনৰ প্ৰতিটো বিভাগ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে অহা জানুৱাৰীৰ প্ৰথম ভাগতে নৱনিৰ্মিত জিএমচি ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আনুষ্ঠানিকভাৱে উদ্বোধনেৰে ৰাজ্যবাসীৰ সেৱাত উৎসৰ্গা কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here