Home Main Stories লখিমপুৰত উপস্থিত শ্ৰম মন্ত্ৰী তথা লখিমপুৰ – ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয়...

লখিমপুৰত উপস্থিত শ্ৰম মন্ত্ৰী তথা লখিমপুৰ – ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ

131
0

গণবাৰ্তা বিশেষ, লখিমপুৰ, ৮ জুলাই : লখিমপুৰৰ কভিড সমস্যাৰ বুজ লবলৈ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা লখিমপুৰ , ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ বুধবাৰে নিশাই লখিমপুৰত উপস্থিত হয়। বৃহস্পতিবাৰে মন্ত্ৰী গৰাকীয়ে জিলাখনৰ পানীগাওঁ,খাৰকাটি, দলহাট,বগীনদী,ঘিলামৰা, ঢকুৱাখনা আদি ঠাইত কভিড আক্ৰান্ত তথা কন্টেইনমেন্ট জ’ন সমূহ পৰিদর্শন কৰি সমস্যাৰ বুজ লোৱাৰ উপৰিও লখিমপুৰ জিলা উপায়ুক্তৰ সহিতে স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ লগত এই অঞ্চল সমূহ পৰিদর্শন কৰি উপযুক্ত কার্য্য ব্যৱস্থা গ্ৰহণ কৰাৰ নির্দ্দেশ দিয়ে ৷ তেখেতে নৱ নির্ম্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় খনিও পৰিদর্শন কৰি নির্ম্মান কার্য্যৰ বুজ লয় ৷ তিনি দিনৰ বাবে জিলাখনলৈ অহা মন্ত্ৰী সঞ্জয় কিষাণে জিলা উপায়ুক্তৰ সভাকক্ষত জিলা প্ৰসাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰে এখন পর্য্যলোচনা সভাত মিলিত হয় ৷ সাংবাদিকৰে লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে- জিলাখনত পৰ্যাপ্ত পৰিমানৰ কভিড প্ৰতিষেধক যোগানৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু লকডাউনৰ নীতি নির্দ্দেশনা সমূহ সর্ম্পূণ ৰূপে মানি চলিবলৈ প্ৰশাসনক কঠোৰ হবলৈ নির্দ্দেশ প্ৰদান কৰা ৷ কেবিনেটৰ সিদ্ধান্ত মতে অভিভাৱক মন্ত্ৰী সকলক বেচিকৈ কভিড আক্ৰান্ত জিলাসমুহলৈ গৈ পৰিস্থিতিৰ বুজ লবলৈ লোৱা সিদ্ধান্ত মর্মে তেখেতে লখিমপুৰলৈ ৩ দিনীয়া কার্যসূচীৰে আহিছে বুলি উল্লেখ কৰে ৷ তেখেতে লগতে কয় যে জিলাখনত নিতৌ ৬০০০ কৈ কভিড প্ৰতিষেধক ভেকচিন প্ৰদান কৰি ৰাইজ উপকৃত হব পৰাকৈ ব্যৱস্হা গ্ৰহণ কৰা হৈছে বুলিও মত প্ৰকাশ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here