Home Main Stories কাজিৰঙাৰ পশু চিকিৎসালয়ক আধুনিকীকৰণৰ পৰিকল্পনা : মন্ত্ৰী অতুল বৰা

কাজিৰঙাৰ পশু চিকিৎসালয়ক আধুনিকীকৰণৰ পৰিকল্পনা : মন্ত্ৰী অতুল বৰা

103
0

গণ বাৰ্তা, বোকাখাত, ৩০ মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ লগতে বৃহত্তৰ কাজিৰঙা অঞ্চলৰ পশুধনৰ চিকিৎসাৰ কাৰণে অতি প্ৰয়োজনীয় কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়খন আধুনিকীকৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । আজি বোকাখতৰ বিধায়ক তথা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়খন পৰিদৰ্শন কৰি পশু চিকিৎসক বিশ্বজিৎ বৰুৱা, সমাজকৰ্মী ফটিক বৰা, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক স্বপন নাথ আদিৰ সৈতে আলোচনা কৰি বৰ্তমান পশু চিকিৎসালয়খনৰ পৰিস্থিতিৰ বুজ লয় । উল্লেখ্য ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডী কাজিৰঙালৈ আহোতে কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়খনৰ মেৰামতি কৰা হৈছিল আৰু তাৰ পিছত বোকাখাত সমষ্টিৰ পূৰ্বৰ বিধায়ক জিতেন গগৈৰ কালত কেইটামান কোঠা নিৰ্মাণ কৰা হৈছিল । আজি বোকাখতৰ বিধায়ক তথা কৃষি আৰু পশুপালক মন্ত্ৰী অতুল বৰাই নিজে উক্ত চিকিৎসালয়ৰ চৌহদ , বৰ্তমান চিকিৎসালয় কি অৱস্থাত পৰিচালিত হৈ আছে তাৰ বুজ লয় । উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ চিকিৎসা তথা স্থানীয় ৰাইজৰ পশুধনৰ চিকিৎসাৰ কাৰণে এই পশু চিকিৎসালয়খন উন্নয়ণ কৰাটো অতি প্ৰয়োজন হোৱাৰ বাবে আধুনিক সকলো সা- সৰঞ্জাম থকাকৈ কহঁৰা পশু চিকিৎসালয়ক আধুনিকীকৰণ কৰাৰ পৰিকল্পনা কৰাৰ কথা মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে । বৰ্তমান এজন পশু চিকিৎসক আৰু দুজন ক্ষেত্ৰ কৰ্মীৰ দ্বাৰা চিকিৎসালয়খন পৰিচালিত হৈ আছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কথা চিন্তা কৰি কাজিৰঙাত পশু বিশেষজ্ঞ তথা আৰু কৰ্মচাৰীৰ প্ৰয়োজন বুধ কৰি অতি সোনকালে ব্যৱস্থা কৰাৰ কথাও মন্ত্ৰীজনে প্ৰকাশ কৰে । মন্ত্ৰী অতুল বৰাই জানিব দিয়া মতে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ চিকিৎসাৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষক চৰকাৰে এখন এম্বুলেঞ্চে গাড়ী প্ৰদান কৰিছে । উল্লেখ্য কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চৌহদত পুৰণি জৰাজীৰ্ণ হৈ থকা কেইবাটাও কোঠাই সৌন্দৰ্য নষ্ট কৰাত মন্ত্ৰী অতুল বৰাই অতি সোনকালে এই জৰাজীৰ্ণ গৃহকেইটা ভাঙি সৌন্দৰ্য বৰ্ধণৰ ব্যৱস্থা কৰিব । অন্যহাতে কাজিৰঙাৰ কেন্দ্ৰস্থল কহঁৰা অৰণ্য মাৰ্কেটখন উন্নতি কৰাৰ কথাও মন্ত্ৰী অতুল বৰাই জানিব দিয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ -বিদেশৰ পৰ্যটকৰ লগতে অঞ্চলটোত ৰাইজৰ সুবিধা হোৱাকৈ পুৰণি অৰণ্য মাৰ্কেটখন ভাঙি নাবাৰ্ডৰ অৰ্থ সাহাৰ্য্য লৈ এক আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ গৃহ নিৰ্মাণ কৰাৰো পৰিকল্পনাৰ কথা মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে । কহঁৰা বজাৰ গৃহ নিৰ্মাণ কৰিলে স্থানীয় বহু যুৱক – যুৱতীয়ে সংস্থাপন লাভ কৰাৰ সুবিধা পাব । উল্লেখ্য মন্ত্ৰী অতুল বৰাই আজি কহঁৰা অৰণ্য মাৰ্কেট পৰিদৰ্শন কৰি নাবাৰ্ডৰ মুখ্য পৰিচালকৰ সৈতে ফোন যোগে আলোচনা কৰি কহঁৰা বজাৰ গৃহ নিৰ্মাণ কৰাৰ উপৰিও কাজিৰঙাৰ কেন্দ্ৰস্থল কহঁৰা চাৰিআলিৰ সৌন্দৰ্য বৰ্ধণৰ কাম কৰিবলৈ আহ্বান জনোৱাত মুখ্য পৰিচালকে সন্মতি প্ৰকাশ কৰে বুলিও মন্ত্ৰী অতুল বৰাই জানিব দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here