গুৱাহাটী, ২৮ জুন : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত সোমবাৰে বন আৰু পৰিৱেশ, মীন, আবকাৰী আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়ববীয়াসকলৰ লগত সংশ্লিষ্ট বিভাগৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আবকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ আদি উপস্থিত থকা এই সভাত আবকাৰী বিভাগক জিলাখনৰ চুলাই মদৰ ঘাটিসমূহ সম্পূৰ্ণ উচ্ছেদ কৰিবলৈ আৰু কোনেও যাতে অৰুণাচলী মদ বিক্ৰী কৰিব নোৱাৰে তাৰ উপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। লালিগুড় বেচা-কিনাৰ ক্ষেত্ৰত পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ উপযুক্ত প্ৰমাণ নাপালে সেই ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে কয় যে লালিগুড়যুক্ত চুলাই মদ সেৱনে এচাম মানুহক ডেকাতে বুঢ়া কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে। আনহাতে যোৱা বছৰতকৈ চলিত বছৰত এপ্ৰিল-মে’ মাহত ৬০ শতাংশ আবকাৰী ৰাজহ বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰি চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত ৬৯ কোটি আবকাৰী ৰাজহ আহৰণ হৈছে বুলি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। আনহাতে দীপৰ বিলৰ কথা প্ৰসঙ্গত মন্ত্ৰীজনে উল্লেখ কৰে যে দীপৰ বিলক নতুন ৰূপত সজাই-পৰাই কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূবৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাটো তেওঁৰ সপোন। এই সপোন তেওঁ এইখন চৰকাৰৰ কালত বাস্তৱায়িত কৰিব। এই ক্ষেত্ৰত দীপৰ বিলৰ অন্তৰ্গত জলাহ ভূমিৰ সঠিক মাপ কৰি সৌন্দৰ্যবৰ্দ্ধনৰ কাম আৰম্ভ কৰিবলৈ তেওঁ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশ দিয়ে। সেইদৰে আমছাং, শিলসাঁকো আদিৰ দৰে যিবোৰ ৰাজহ অথবা বনভূমি বেদখলকাৰীৰ কবলত, অথচ সেই ভূমিখণ্ড বনভূমি নে ৰাজহ ভূমি সেয়া স্পষ্ট নহয়, সেই স্থানসমূহ উচ্ছেদ কৰাৰ ক্ষেত্ৰত জ’নেল মাষ্টাৰ প্লেন প্ৰস্তুত কৰি বন বিভাগক ৰাজহ বিষয়াৰ লগত সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। বনাঞ্চলৰ পৰা মানুহৰ বসতিস্থানলৈ হাতী ওলাই অহা বিষয়টোও সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ বন বিভাগক নিৰ্দেশ দি তাক ফলপ্ৰসূ সমাধানৰ নিৰ্দেশ দিয়ে মন্ত্ৰীজনে। আনহাতে মুখ্যমন্ত্ৰীৰ গুৱাহাটী মহানগৰ সেউজকৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিমানবন্দৰৰ পৰা আৰম্ভ কৰি এলানি গছপুলি ৰোপণৰ কাৰ্যসূচী সম্পাদন কৰিবলৈ তেওঁ সামাজিক বনানীকৰণ বিভাগক নিৰ্দেশ দিয়ে।