Home অসম হোজাই বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

হোজাই বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

383
0

গণ বাৰ্তা, হোজাই, ১৭ মে’ ঃ আজিও অপৰিৱৰ্তিত হোজাইৰ বান পৰিস্থিতি৷ নিতৌ বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাৱিত কৰিছে৷ বান পৰিস্থিতিৰ বুজ ল’বলৈ হোজাইত আহি উপস্থিত হয় ৰাজ্যৰ বনমন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবদ্য৷ মন্ত্ৰীগৰাকীয়ে জিলা সদৰ ঠাই শংকৰদেৱ নগৰস্থিত উপায়ুক্ত কাৰ্যালয়ত প্ৰথমে প্ৰশাসনৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ জিলাখনৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীৰ লোক আৰু এন ডি আৰ এফৰ লোকক মোতায়েন কৰি বানাক্ৰান্তক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ লগতে পৰিকল্পিতভাৱেই যিহেতুকে কামখিনি কৰিব লাগিব, সেয়েহে সেনাবাহিনী; এন ডি আৰ এফ বাহিনীৰ লগতে বৈঠকত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ; বিজেপিৰ জিলা সভাপতি অনুপ দেৱ, হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাৱালা দেৱী, উপায়ুক্ত অনুপম চৌধুৰী উপস্থিত থাকে৷ মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তক উদ্ধাৰৰ বাবে এতিয়াও পৰ্যাপ্ত সুবিধাখিনি হোৱা নাই বুলি স্বীকাৰ কৰে আৰু প্ৰশাসনৰ লোকে চেষ্টা আব্যহত ৰখা বুলি জানিবলৈ দিয়ে৷ পৰৱৰ্তী সময়ত সময়ত অভিভাৱক মন্ত্ৰীগৰাকীয়ে হোজাইৰ যোগীজান অঞ্চলত উপস্থিত হৈ বানপীড়িতৰ খবৰ লোৱাৰ লগতে অঞ্চলসমূহৰ শিবিৰ পৰিদৰ্শন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here