Home Main Stories তিনিচুকীয়াত মন্ত্ৰী পিয়ুষ বান খহনীয়া পৰিদৰ্শন, ৰজা সৰ্বানন্দ সিংহৰ সমাধি সংৰক্ষণৰ নিৰ্দেশ

তিনিচুকীয়াত মন্ত্ৰী পিয়ুষ বান খহনীয়া পৰিদৰ্শন, ৰজা সৰ্বানন্দ সিংহৰ সমাধি সংৰক্ষণৰ নিৰ্দেশ

55
0

গণ বাৰ্তা, ডুমডুমা, ১৩ জুন : তিনিচুকীয়া গুঁইজানৰ গড়াখহনীয়াৰ বিষয়ে চৰ্চিত হৈ থকাৰ সময়তে আজি গুঁইজানত জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈয়েই ডিব্ৰু নৈৰ সমীপত অৱস্থিত গৰাখহনীয়াৰ কবলত পৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধা অৰ্পণ কৰি সমাধি ক্ষেত্ৰখনক খহনীয়াৰ পৰা শীঘ্ৰে ৰক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰে আৰু এমাহৰ ভিতৰত পুনৰ পৰিদৰ্শনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তাৰ পাছতে মন্ত্ৰীগৰাকী নতুনগাঁও, ৰঙাগড়া, টেঙাবাৰী, মিৰিগাঁও আদি অঞ্চলৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজৰ স্থান নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি প্ৰায় ৬৫ কিলোমিটাৰ অঞ্চল পৰিদৰ্শন কৰি গৰাখহনীয়া, বান্ধ আদিৰ বুজ লয় আৰু ৰহমৰীয়াৰ পৰা ডিব্ৰুগড় জিলাৰ বগীবিললৈ নাৱেৰে যাত্ৰা কৰে। আজি পৰিদৰ্শন কৰি অঞ্চলটোক বান সমস্যাৰ পৰা মুক্ত কৰিবলৈ বিজ্ঞাসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰিবলৈ, পৰ্কুিউপাইন বান্ধ, জিঅ’বেগ আদিৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে আৰু যিকোনো কাৰণতে গৰাখহনীয়াক ইয়াতকৈ অধিক মাটি খহাই নিবলৈ দিয়া নহ’ব বুলি জানিব দিয়ে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। লগতে এতিয়া যিসমূহ ঠাইত পানীৰ কাৰণে গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধান কৰিবলৈ অসুবিধা হয়, সেইসমূহ ঠাইত এতিয়া জৰুৰীকালীনভাৱে কাম হাতত লৈ পৰৱৰ্তী সময়ত পানী কমাৰ লগে লগে স্থায়ীভাৱে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। আজিৰ কাৰ্যসূচীত জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, বলীন চেতিয়া, পোনাকণ বৰুৱাৰ লগতে জলসম্পদ বিভাগৰ উপ-মুখ্য অভিযন্তা, জিলা উপায়ুক্ত পাৱাৰ নৰসিং সম্ভাজি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here