Home Main Stories মন্ত্ৰী পীয়ুষ হাজৰিকা ক’ভিডত আক্ৰান্ত: ৰাজ্যত ৯ জনলৈ বৃদ্ধি অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা,...

মন্ত্ৰী পীয়ুষ হাজৰিকা ক’ভিডত আক্ৰান্ত: ৰাজ্যত ৯ জনলৈ বৃদ্ধি অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা, সুস্থিৰ সাংসদ কুইন ওজাৰ অৱস্থা

124
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ জানুৱাৰী: ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত ক’ভিডৰ প্ৰাদুৰ্ভাৱ৷ দুদিন পূৰ্বে ৰাজ্যত মাত্ৰ দুজন অ’মিক্ৰন আক্ৰান্ত ৰোগী ধৰা পৰিছিল যদিও আজিৰ দিনটোলৈ ৰাজ্যত জ্ঝজন অ’মিক্ৰন ৰোগী ধৰা পৰিছে৷ উল্লেখ্য যে কালি ৰাজ্যত ৮৪৪জন ৰোগীৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল৷ আনহাতে, ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীতে ৩৬৯জন ক’ভিড আক্ৰান্ত ধৰা পৰিছিল৷ লক্ষণীয় যে ৰাজ্যত সম্প্ৰতি ক’ভিডৰ প’জিটিভিটিৰ হাৰ ২.৩৭ শতাংশলৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে এসপ্তাহ পূৰ্বে এই হাৰ ৰ শতাংশ আছিল৷ গুৱাহাটী মহানগৰী ক’ভিডৰ অন্যতম হটস্পট হৈ পৰিছে৷ লক্ষণীয় যে ৰাজ্যত সম্প্ৰতি ছগৰাকী অ’মিক্ৰন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে৷ এতিয়াও তিনিজন অ’মিক্ৰন আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে৷ ইপিনে, ক’ভিড পৰিস্থিতিক লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি সকলোকে মাস্ক পৰিধান কৰাৰ লগতে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায়৷ লগতে দুয়োপালি ভেকচিন ল’বলৈ তেওঁ আহ্বান জনায়৷ আজি এজন অ’মিক্ৰন ৰোগী সুস্থ হোৱাত জিএমচিএইচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, সাংসদ কুইন ওজাৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে অধীক্ষকগৰাকীয়ে৷ ইপিনে, ৰাজ্যৰ আন এগৰাকী ৰাজনৈতিক নেতা তথা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ দেহত ক’ভিড চিনাক্ত হৈছে৷ আজি পুৱাই জিএমচিএইচত উপস্থিত হৈ মন’ক্লৰেন এণ্টিবায়’টিক ইনজেকচন লৈ হোম আইছলেচনলৈ যায় মন্ত্ৰীগৰাকী৷ মন্ত্ৰী পীয়ূষ হাজৰিকা লক্ষণবিহীন ক’ভিড ৰোগী বুলি সাংবাদিকক জানিবলৈ দিয়ে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here