Home গুৱাহাটী সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুথি উন্মোচন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুথি উন্মোচন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

357
0

গুৱাহাটী, ২১ এপ্ৰিল : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগমন্ত্ৰী পীয়ূষ হাজৰিকাই আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত ইউনিচেফ অসম আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰস্তুত কৰা “সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুথি” উন্মোচন কৰে৷ তথ্য আৰু জনসংযোগ বিভাগে ইউনিচেফ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগিতাত অনাগত সময়ত শিশু সুৰক্ষাৰ বাবে ৰাজ্যিক ভিত্তিত আৰম্ভ কৰা সুৰক্ষা অভিযানৰ অধীনত সংবাদ মাধ্যমৰ বাবে কৰ্মশালাৰ আয়োজন কৰিব বুলিও আজি উন্মোচনী সভাত ঘোষণা কৰা হয়৷ হাতপুথিখন উন্মোচন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে আমাৰ ভৱিষ্যৎ প্ৰজন্ম, বৰ্তমানৰ শিশুসকলক ভালকৈ ডাঙৰ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে৷ সমাজত থকা এচাম অৱহেলিত শিশুৰ ক্ষেত্ৰতো আমাৰ প্ৰত্যেকৰে কৰিবলগীয়া বহু আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইউনিচেফ, অসমে গ্ৰহণ কৰা কাৰ্যসূচীৰ প্ৰশংসা কৰে৷ আনহাতে ক’ভিডৰ পাছৰ সময়খিনিত শিশুসকলে সন্মুখীন হোৱা সমস্যাৰাজিৰ সমাধানৰ বাবেও আমি প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ সমাজৰ অৱহেলিত শিশুসকলৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰি তেওঁ আশা কৰে যে পৰৱৰ্তী সময়ত ইউনিচেফ, অসম আৰু ৰাজ্যৰ জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’বলগা কৰ্মশালাসমূহে সংবাদ মাধ্যমৰ লোকসকলক বিশেষভাৱে উপকৃত কৰিব৷ আনহাতে, আজিৰ উন্মোচনী সভাত “সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুথি”ৰ বিষয়ে নিজৰ ব্যক্তব্য ৰাখি ইউনিচেফ, অসমৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ মুৰব্বী ড॰ মধুলিকা জ’নাথনে কয় যে এই হাতপুথিখনত শিশু সুৰক্ষাৰ বিষয়ে বিভিন্ন তথ্যৰ লগতে আঁচনি, নীতি আদি সন্নিৱিষ্ট কৰা হৈছে৷ সুৰক্ষা অভিযানৰ জৰিয়তে মানুহক শিশু সুৰক্ষাৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে৷ আজিৰ এই উন্মোচনী সভাত ইউনিচেফ, অসমৰ কৰ্মকৰ্তাসকলৰ লগতে, জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here