Home অসম বাক্সাত মন্ত্ৰী পিযুষ হাজৰিকাই ঘৰে ঘৰে গৈ বুজ ল’লে চৰকাৰী আঁচনিৰ

বাক্সাত মন্ত্ৰী পিযুষ হাজৰিকাই ঘৰে ঘৰে গৈ বুজ ল’লে চৰকাৰী আঁচনিৰ

51
0

গণ বাৰ্তা,মুছলপুৰ,২৫ নৱেম্বৰ: বঙাইগাঁওত অনুষ্ঠিত কেবিনেট বৈঠকৰ পৰা উভটাৰ পথত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি বাক্সা জিলাত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা ৷ পুৱা জিলাখনৰ বৰমাত অৱস্থিত টিহু-বৰমা উন্নয়ণ খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে অঞ্চলটোত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনি সমূহ আৰু অঞ্চলবাসীক প্ৰদান কৰা ক’ভিড ভেকচিনৰ সামগ্ৰিক ব্যৱস্থাৱলীৰ খতিয়ান লয়। ইয়াৰ পাছতে বৰমাৰ সমীপৰ দীঘেলীত অটল অমৃত যোজনাৰ দুই হিতাধিকাৰী দেৱনন্দ বড়ো আৰু বীণা বড়োৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকে এই অটল অমৃত কাৰ্ডৰ জৰিয়তে সুচাৰুৰূপে চিকিৎসা সেৱা লাভ কৰিছে নে নাই তাৰ বুজ লয়। ইয়াৰ পিচতে মন্ত্ৰী হাজৰিকাই মথাতুলিত অটল অমৃত যোজনা আৰু আয়ুষ্মান ভাৰত আঁচনিৰ হিতাধিকাৰী প্ৰবীণ ব্ৰহ্ম আৰু জৌমিশ্ৰী ব্ৰহ্ম, খাৰুৱাজানত শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ দুই হিতাধিকাৰী আওদা বড়ো আৰু কানিপ্ৰিয়া বড়ো, কালজাৰত ইন্দিৰা মিৰি বিধৱা পেন্সন আঁচনিৰ হিতাধিকাৰী বাসন্তী ৰাভা, অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী প্ৰমীলা ৰাভা আৰু বৰিমাখাত মুখ্যমন্ত্ৰী বিশেষ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ হিতাধিকাৰী কুইনী বড়োৰ ঘৰত উপস্থিত হৈ হিতাধিকাৰী সকলৰ সৈতে মত বিনিময় কৰি চৰকাৰৰ আঁচনিসমূহ সঠিক ৰূপত ৰূপায়িত হৈছে নে নাই তাৰ বুজ লয় ৷ ইয়াৰ পিছতে আৱৰ্ত ভৱনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে জিলা খনত চলি থকা বিভিন্ন বিভাগৰ উন্নয়ণমূলক কাম তথা অভাৱ-অভিযোগৰ বুজ লয় ৷ তাৰ পিচত মন্ত্ৰী গৰাকীয়ে মুছলপুৰস্থিত বাক্সা জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সভাত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰে ৷ ইপিনে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত অখিল গগৈয়ে বিধায়ক পদ এৰি কা আন্দোলন কৰিলে শিৱসাগৰত বিজেপিয়ে শেষ হাঁহি মাৰিব বুলি অখিল গগৈ সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই ৷ লগতে পুনৰ কা আন্দোলনৰ বাবে বিধায়ক পদ এৰিব বিচৰা অখিল গগৈক আগতীয়াকৈ অভিনন্দনো জ্ঞাপন কৰে মন্ত্ৰী হাজৰিকাই। উল্লেখ্য যে মন্ত্ৰী পিযুষ হাজৰিকাৰ আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীৰ লগত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, জিলা উপায়ুক্ত আয়ুস গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, বাক্সা জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মাও উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here