Home অসম জাগীৰোডৰ ডিমালজানত শ্লুইছ গেট আঁচনিৰ আধাৰশিলা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

জাগীৰোডৰ ডিমালজানত শ্লুইছ গেট আঁচনিৰ আধাৰশিলা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

391
0


জাগীৰোড, ১৯ ডিচেম্বৰ:জাগীৰোড সমষ্টিৰ দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তৰ অন্তৰ্গত মাটিপৰ্বত ডিমালজানত এটা শ্লুইছ গেট আঁচনি শুভাৰম্ভ কৰে মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই ৷ কিলিং কপিলী নদীৰ সংযোগস্থলীত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ পুঁজিৰ শিতানত প্ৰায় জ্জ্ব কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই শ্লুইছ গেট ৷ ইয়াৰ জৰিয়তে বৃহত্তৰ নেলী, শিলচাং আৰু ধৰমতুল অঞ্চলৰ কৃষকসকল উপকৃত হ’ব ৷ উল্লেখ্য যে প্ৰতিবছৰে উক্ত অঞ্চলৰ কৃষক ৰাইজে বানপানীৰ কবলত পৰি যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৷ কৃষকৰ সমস্যা সমাধানৰ প্ৰতি লক্ষ্য ৰাখি শ্লুইছ গেট নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ আনহাতে, অহা এমাহৰ ভিতৰত উক্ত অঞ্চলৰ কিলিং আৰু কপিলী নৈৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলিও ৰাজহুৱা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ লক্ষণীয় বিষয় যে উক্ত অঞ্চলৰ জনসাধাৰণে ভোট দিয়া নাই বুলি আক্ষেপ প্ৰকাশ কৰি সমষ্টিটোৰ প্ৰতিটো অঞ্চল উন্নয়নৰ স্বাৰ্থত সদায় কাম কৰি যাব বুলি ভাষণ প্ৰসংগত মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰে৷ কংগ্ৰেছৰ শিপা পাতাললৈকে আছে বুলি কোৱা সাংসদ প্ৰদু্যৎ বৰদলৈ সন্দৰ্ভতো আওপকীয়াকৈ কৰিলে বিস্ফোৰক মন্তব্য৷ বহু কংগ্ৰেছী বিধায়ক-সাংসদৰ মন হেনো এতিয়া বিজেপিত আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পীয়ূষ হাজৰিকাই৷ ধৰমতুল জিলা পৰিষদৰ সদস্য পল্লৱ বৰদলৈয়ে আঁত ধৰা শ্লুইছ গেট আঁচনি শুভাৰম্ভ অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, মায়ং মণ্ডল বিজেপিৰ সভাপতি প্ৰবীণ ডেকা, স্থানীয় সমাজ সেৱক তথা উদ্যোগপতি জিৎ নাৰায়ণ শ্ৰীবাস্তৱ, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, নেলীখলা ৰজা ৰামচিং দেওৰজা, শিলচাং ৰজা প্ৰবীণ দেওৰজা, মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ধৰণীধৰ বৰদলৈ, তিৱা স্বায়ত্ত পৰিষদৰ নেলীখলা সমষ্টিৰ কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ লগতে কেইবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here