পৰাণজ্যোতি বৰা, মাজুলী, ২৮ ফেব্ৰুৱাৰী: মাজুলীৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে৷ ৰথী-মহাৰথীয়ে মাজুলীত ভিৰ কৰিছে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি তিনিটা দিনে মাজুলীত বাহৰ পাতি মিত্ৰজোঁটৰ প্ৰচাৰ কাৰ্যক নেতৃত্ব দিয়া পৰিলক্ষিত হৈছে৷ মন্ত্ৰীগৰাকীৰ নেতৃত্বত সমগ্ৰ জিলাখনতে বিজেপি মিত্ৰজোঁটে জোৰদাৰ কৰি তুলিছে প্ৰচাৰ অভিযান৷ আজি মন্ত্ৰীগৰাকীয়ে গড়মূৰ গাঁও পঞ্চায়ত, মধ্য মাজুলীৰ পকাজৰা গাঁও পঞ্চায়ত, কমলাবাৰী পঞ্চায়ত, দক্ষিণ কমলাবাৰী পঞ্চায়ত আৰু দক্ষিণপাট পঞ্চায়তত ভুবন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ প্ৰচাৰ সভাসমূহত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিখন সভাতে মাজুলীবাসী ৰাইজৰ পাৰভগা উছাহ-উদ্দীপনা, অভূতপূৰ্ব সঁহাৰিয়ে ভুবন গামৰ বিজয় সুনিশ্চিত কৰিছে বুলি দাবী কৰে৷ মন্ত্ৰীগৰাকীয়ে আজি কমলাবাৰী চাৰিআলিতো মিত্ৰজোঁটৰ এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে৷ ইফালে, কালি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামক লগত লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মাজুলীত কে’বাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ কলিতাই উজনি মাজুলী মিলন সংঘ [নয়াবজাৰ], টটয়া মিলন সংঘ, গোৱালগাঁও আৰু মাজুলী মিলন সংঘ [কমলাবাৰী]ৰ প্ৰেক্ষাগৃহত আয়োজিত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভুবন গামৰ হৈ চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ ইফালে, প্ৰচাৰ সভাৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ভুবন গামৰ হৈ অহা ৩ মাৰ্চত মাজুলীৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিবলগীয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচীৰ সন্দৰ্ভত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে পৰ্যালোচনা কৰে৷ ইফালে, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে কাইলৈ মাজুলীত আহি উপস্থিত হ’ব অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু অগপৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ নেতা দুগৰাকীয়ে অগপৰ পকাজৰা আঞ্চলিকৰ উদ্যোগত মধ্য মাজুলীৰ কাকতিবাৰীত অনুষ্ঠিত হ’বলগীয়া এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব৷ মাজুলীৰ অন্যান্য কে’বাটাও স্থানতো প্ৰচাৰ সভাত মন্ত্ৰী দুগৰাকীয়ে অংশ ল’ব বুলি দলীয় সূত্ৰই জানিবলৈ দিছে৷ আনহাতে, কংগ্ৰেছ, ৰাইজৰ দল আৰু বাঁও দলৰ সমৰ্থিত অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ কংগ্ৰেছকে ধৰি অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতাসকলে মাজুলীত বাঁহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে৷