Home Main Stories মৰিগাঁৱত কভিদ’ পৰিস্থিতি বুজ ল’লে মন্ত্ৰী পীয়ুষ হাজৰিকাই

মৰিগাঁৱত কভিদ’ পৰিস্থিতি বুজ ল’লে মন্ত্ৰী পীয়ুষ হাজৰিকাই

88
0

চিকিৎসালয়ত কভিড কেয়াৰত চিকিৎসকক নেদেখি মন্ত্ৰী পীয়ুষৰ উগ্ৰ মূৰ্তি , উপায়ুক্তৰ সন্মূখতে অধীক্ষকক ধমক

বাবু মনি শৰ্মা, মৰিগাঁও, ১৫ মে’ : মৰিগাঁৱত আজি জলসম্পদ, জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্রী পীয়ুষ হাজৰিকাই উপস্থিত হৈ জিলাখনৰ ক’ভিদ সম্পৰ্কীয় পৰিস্থিতিৰ বুজ লয়। অসম চৰকাৰৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ দ্বায়িত্ব গ্ৰহণ কৰি আজি দিনৰ ভাগত প্ৰথম বাৰৰ বাবে গৃহজিলা মৰিগাঁৱত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহন কৰি বিষয়া সকলৰ সৈতে কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে।মৰিগাঁও জিলাত ক’ভিদ হস্পিতেলৰ বিচনাৰ সংখ্যাকে ধৰি অক্সিজেনৰ ব্যৱস্থা, এতিয়ালৈকে ভেকচিন কিমান মানুহক প্ৰদান কৰা হৈছে তাৰ ওপৰত বিতং ভাৱে আলোচনা কৰাৰ লগতে বৰ্তমান হোম আইচ’লেচনত কিমান জন ব্যক্তি আছে আৰু তেখেতসকলৰ ঔষধ যোগান আদি বিষয়ৰ ওপৰত মন্ত্ৰী হাজৰিকাই বুজ লয়। উপায়ুক্ত কাৰ্যালয় সভাকক্ষৰ পৰা মন্ত্ৰী পীয়ুষ হাজৰিকাই মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসালয় খনত থকা কভিড ৱাৰ্ড পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ত কভিড ৰোগীৰ ক্ষেত্ৰত পাবলগীয়া চিকিৎসাৰ কোনো ক্ষেত্ৰত যাতে কম নহয়, তাৰ ওপৰত চিকিৎসক সকলক প্ৰয়োজনীয় ব্যৱস্থা লবলৈ আহ্বান জনায়। কভিড ৰোগীৰ ৱাৰ্ডত ২৪ ঘণ্টাই চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈকো মন্ত্ৰী গৰাকীয়ে চিকিৎসক,নাৰ্চ আৰু চিকিৎসা কৰ্মীৰ প্ৰতি অনুৰোধ জনায়। চিকিৎসালয় খনত পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰী হাজৰিকাই মৰিগাঁও আবৰ্ত্ত ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে- বৰ্তমানে ৰাজ্য খনত ক’ৰোনা মহামাৰীৰে ভয়াবহতাৰ ৰূপ ধাৰণ কৰিছে। এই ক’ৰোনা মহামাৰী সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে আমি প্ৰত্যেকেই এই সময়ত সজাগ সচেতনতা হৈ থকাতো অতি প্ৰয়োজন হৈ পৰিছে। এইক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে ৰাজ্য খনত ক’ৰোনা মহামাৰী ৰোধ কৰাতো সম্ভৱ নহয় বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে সকলোকে সতৰ্ক হৈ থাকিবলৈও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰী গৰাকীয়ে ৫০ ৰ উৰ্ধৰ কভিদ পজিটিভ ব্যক্তিক বাধ্যতামূলক ভাৱে হস্পিতালত ভৰ্তি কৰোৱাৰ লগতে কভিদ পৰীক্ষাৰ হাৰ আৰু ভেকচিন প্ৰদানৰ হাৰ বৃদ্ধি কৰিবলৈ তেওঁ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। মন্ত্ৰী হাজৰিকাই কভিড পৰিস্থিতি ৰোধ কৰাৰ ক্ষেত্ৰত চিকিৎসক, গাওঁ পঞ্চায়তৰ সভাপতি, সদস্যৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য সকল, গাওঁবুঢ়া, সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতো আলোচনাত মিলিত হৈ সজাগতা বৃদ্ধিৰ বাবে জিলা উপায়ুক্তক কাৰ্যকৰী ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। মৰিগাঁও জিলাৰ ভগ্ন মথাউৰি সমূহ বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ সন্মূখত উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে মৰিগাঁও জিলাৰ বান গড়াখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ বান গড়াখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত স্থায়ীভাৱে কিবা কৰাৰো মতপোষন কৰে।
ইপিনে, মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি বিয়লি ভাগত জাগীৰোড সমষ্টিৰ বিভিন্ন স্থানত থকা কন্টেইনমেণ্ট জ’ন সমূহ পৰিদৰ্শন কৰি জ’ন সমূহত যাবতীয় সুবিধা আৰু প্ৰয়োজনীয় দিশ সমূহৰ বিষয়ে বিশদ ভাবে আলোচনা কৰাৰ লগতে অতি ক্ষীপ্ৰতাৰে সকলো পৰ্যাপ্ত সুবিধা লাভৰ ব্যৱস্থা কৰিবলৈ বিষয়াক নিৰ্দেশ দিয়াৰ লগতে কণ্টেইমেণ্ট জ’নত থকা একাধিক পৰিয়ালক সাহাৰ্য সামগ্ৰী কৰে। পিছত মন্ত্ৰী গৰাকীয়ে জাগীৰোড কাগজ কলত থকা কভিড হস্পিটেল খন মুকলি কৰে। উল্লেখ্য যে এই হস্পিটেলত বৰ্তমান অক্সিজেনৰে সৈতে ৬০ খন বিচনা উপলব্ধ যদিও অতি সোনকালে ইয়াত ৯০ খন বিচনাত অক্সিজেনৰ সুবিধাৰে চিকিৎসা কৰিব পৰা যাব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে আজি গৃহজিলাত উপস্থিত হোৱা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই ভ্ৰমণকালত তেওঁৰ লগত সংগ দিয়ে।
মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, লাহৰিঘাট সমষ্টিৰ বিধায়ক ডা: আচিফ নাজাৰ, মৰিগাঁও জিলাৰ উপায়ুক্ত সীমাৰেখা ভূঞা, জিলা আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলাৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া সকল, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়া সকলে সংগ দিয়ে।

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ কভিড ৱাৰ্ডত চিকিৎসকক নেদেখি অধীক্ষকক ধমক মন্ত্ৰী পীয়ুষৰ

আজি কভিড পৰিস্থিতিৰ বুজ ল’বলৈ মৰিগাঁৱলৈ অহা মন্ত্ৰী পীয়ুষ হাজৰিকাই মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ কভিড ৱাৰ্ডত চিকিৎসকক নেদেখি মন্ত্ৰী গৰাকী ক্ষুদ্ব হৈ পৰে। মন্ত্ৰী গৰাকীয়ে কি কাৰণত কভিড ৱাৰ্ড সমূহত চিকিৎসক সকল নাই বুলি প্ৰশ্ন উত্থাপন কৰে। কভিডৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ’ব বুলি চিকিৎসালয় খনতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক গৰাকীক উপায়ুক্তৰ সন্মূখতে ধমক দিয়ে। মন্ত্ৰী হাজৰিকাই মৰিগাঁও অসামৰিক চিকিৎসালয় খন অতি সুন্দৰ আৰু স্বাস্থ্য সন্মত ভাৱে ৰখাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈকো তেওঁ চিকিৎসালয় খনৰ অধীক্ষক ডা: নবীন ভূঞাক নিৰ্দেশ দিয়ে।



LEAVE A REPLY

Please enter your comment!
Please enter your name here