Home অসম বৰপেটা লোকসভা এইবাৰ মিত্ৰজোঁটৰ দখলত থাকিব,পাঠশালাত মিত্ৰজোঁটৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী ৰনজিৎ...

বৰপেটা লোকসভা এইবাৰ মিত্ৰজোঁটৰ দখলত থাকিব,পাঠশালাত মিত্ৰজোঁটৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী ৰনজিৎ দাস

135
0

গণ বাৰ্তা, পাঠশালা, ১৫ মে’: ‘সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে মিত্ৰজোঁটৰ চৰকাৰৰ কাম-কাজত সন্তুষ্ট৷ আমি ৰাইজক আশা-ভৰসাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছো৷ যাৰ বাবে ৰাইজে আমাক বিশ্বাসত লৈছে৷ ৰাজ্যৰ শেহতীয়া পৌৰসভা আদি নিৰ্বাচনে প্ৰমাণ কৰে এই কথা৷’– উক্ত মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি পাঠশালাত অসম গণ পৰিষদৰ পাটাছাৰকুছি বিধান পৰিষদৰ উদ্যোগত অগপ আৰু বিজেপি মিত্ৰজোঁটৰ পাঠশালা, পাটাছাৰকুছি আৰু টিহু পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি আৰু ৱাৰ্ড কমিছনাৰসকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিবাৰে বৰপেটা লোকসভাৰ আসনখন মিত্ৰজোঁটে দখল কৰিব পৰা নাই৷ কিন্তু এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা আসনখন দখল কৰাটো একপ্ৰকাৰ খাটাং বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ পাঠশালাৰ নৈবদ্য বিবাহ ভৱনত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকলক নিঃস্বাৰ্থভাৱে কাম কৰি যাবলৈ আহ৩ান জনায়৷ অসম গণ পৰিষদৰ পাটাছাৰকুছি বিধান পৰিষদৰ সভাপতি জিণ্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপৰ বজালী জিলা সমিতিৰ সভাপতি ড॰ মনোৰঞ্জন দাস, প্ৰাক্তন বিধায়ক ভূপেন ৰয় আদি নেতাসকলে ভাষণ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here