Home Main Stories গোৱালপাৰাত মন্ত্ৰী ৰঞ্জিৎ দাসৰ আজৱ মন্তব্য: শাক-পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত...

গোৱালপাৰাত মন্ত্ৰী ৰঞ্জিৎ দাসৰ আজৱ মন্তব্য: শাক-পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে

42
0

গণ বাৰ্তা,গোৱালপাৰা, ২৫ নৱেম্বৰঃ শাক পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে বুলি এক আজৱ মন্তব্য কৰে মন্ত্ৰী ৰঞ্জীত কুমাৰ দাসে।পটলৰ দাম বাঢ়িলেও সংবাদ মাধ্যমে হেনো দোষাৰোপ কৰে মন্ত্ৰী গৰাকীক। এই মন্তব্য যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ ৷ গোৱালপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্যপাহাৰ মহাপীঠ স্থানত আজি মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস উপস্থিত হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি ক্ষুদ্ৰ পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰে । সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ কয় যে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শ্ৰী শ্ৰী সূৰ্য্যপাহাৰ পৰিভ্ৰমণ কৰি ইয়াৰ যাৱতীয় সমস্যাৰ বুজ লৈ সমাধানৰ চেষ্টা চলাব । বজাৰত মূল্য বৃদ্ধিৰ প্ৰসংগত তেওঁ সংবাদ মাধ্যমৰ ওপৰত ক্ষোভ উজাৰি কয় যে শাক পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে যদিও সংবাদ মাধ্যমে তেওঁকে দোষাৰোপ কৰে । সূৰ্য পাহাৰৰ ভূমি বেদখল হোৱা সন্দৰ্ভতো জিলা উপায়ুক্তৰ সৈতে হোৱা সভাত আলোচনা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে বঙাইগাঁওত অনুষ্ঠিত কেবিনেট বৈঠকত অংশ লোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কালি বিয়লি গোৱালপাৰা জিলাত উপস্থিত হয় জন স্বাস্থ্য কাৰিকৰী আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । মন্ত্ৰী গৰাকীয়ে কালি সন্ধিয়া বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত দলীয় কৰ্মকৰ্তা সকলৰ লগত মত বিনিময় কৰাৰ লগতে অগপ ৰ কাৰ্যালয়তো উপস্থিত হৈ অগপৰ কৰ্মকৰ্তা সকলৰ সৈতে মত বিনিময় কৰে । একেদৰে আজি পুৱা গোৱালপাৰাৰ নতুন আৱৰ্ত ভৱনত তেওঁ অৰুনোদয় আঁচনিৰ হিতাধিকাৰী, পেঞ্চনাৰ আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে ১৫ গৰাকী হিতাধিকাৰী এক কালীন সাহায্যৰ চেক বিতৰণ কৰে । ইয়াৰ পিছতে তেওঁ ঐতিহাসিক শ্ৰী শ্ৰী সূৰ্যপাহাৰ মহাপীঠ স্থানত উপস্থিত হৈ এটি পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰে । সাংবাদিকৰে হোৱা কথা বতৰাত তেওঁ কয় যে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা শ্ৰী শ্ৰী সূৰ্য্যপাহাৰ পৰিভ্ৰমণ কৰি ইয়াৰ যাৱতীয় সমস্যাৰ বুজ লৈ সমাধানৰ চেষ্টা চলাব । বজাৰত মূল্য বৃদ্ধিৰ প্ৰসংগত তেওঁ সংবাদ মাধ্যমৰ ওপৰত ক্ষোভ উজাৰি কয় যে শাক পাচলিৰ মূল্য বৃদ্ধি যোগান বিভাগৰ পৰিসীমাত নপৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here