
বাবু মনি শৰ্মা, মৰিগাঁও, ২৩ মে : বিভিন্ন সমস্যাৰে জৰ্জড়িত অসমৰ ভূমিপুত্ৰ তিৱা জনজাতিৰ লোক সকলৰ সমস্যা সমূহ সমাধানৰ অৰ্থে বিগত চৰকাৰ সমূহক বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও জনগোষ্ঠীটোৰ গুৰুত্বপূৰ্ণ সমস্যা সমূহ আজিও সমাধান হোৱা নাই ৷ এই ক্ষেত্ৰত ৰাজ্যৰ নৱনিৰ্বাচিত চৰকাৰ খনে জনগোষ্ঠীটোৰ সমস্যা সমূহ সমাধানৰ দাবীত আজি মৰিগাঁৱত অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগৰ মন্ত্ৰী ৰণোজ পেগুক তিৱা মাথনলাই তখ্ৰাই ৮ টা দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ তিৱা মাথনলাই তখ্ৰাৰ সাধাৰণ সম্পাদক ড° বিদ্যুত বিকাশ সেনাপতিৰ স্বাক্ষৰিত স্মাৰকপত্ৰ খনৰ জৰিয়তে বিশেষকৈ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি তিৱা অধ্যুষিত অঞ্চলৰ বিদ্যালয় সমুহত তিৱা ভাষা প্ৰৱৰ্তন আৰু তিৱা শিক্ষক নিযুক্তি প্ৰদান , গুৱাহাটী বিশ্ব বিদ্যালয়ত তিৱা ভাষা পাঠ্যক্ৰম প্ৰৱৰ্তন দাবী , ভাৰতীয় সংবিধানত তিৱা সকলক লালুং পৰিৱৰ্তে তিৱা হিছাপে লিপিবদ্ধ কৰক , তিৱা সকলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত্ব শাসন প্ৰদান কৰা , জনজাতি খণ্ড আৰু আৱেষ্টনীসমূহ বেদখলমুক্ত কৰা , তিৱা স্বায়ত্ত্বশাসিত পৰিষদত অন্তভুৰ্ক্ত নোহোৱা অঞ্চল সমূহ পৰিষদৰ এলেকাত অন্তভূক্ত কৰা , অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ প্ৰাধিকৰণ আইন ২০১৭ অনুসৰি সম্প্ৰসাৰিত ৰাজধানী ক্ষেত্ৰত অন্তভূক্ত কৰিব বিচৰা তিৱা পৰিষদৰ এলেকা সমূহ সম্প্ৰসাৰিত ৰাজধানী ক্ষেত্ৰৰ পৰা বাতিল কৰা আৰু তিৱা ভাষা সাহিত্য উন্নয়নৰ বাবে অসম চৰকাৰৰ পৰা বাৰ্ষিক পুঁজি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত মন্ত্ৰী গৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ আনহাতে তিৱা জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে সদৌ তিৱা মহিলা সন্থা , স্বায়ত্ত্বশাসন দাবী সংগ্ৰামী মঞ্চ আৰু তিৱা সাংস্কৃতিক সমাজৰ হৈ মন্ত্ৰী গৰাকীক সদৌ তিৱা ছাত্ৰ সন্থায়ো ৮ টা দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ উল্লেখ যে এই স্মাৰকপত্ৰ প্ৰদান কৰা পিছত মন্ত্ৰী গৰাকীয়ে বিশেষকৈ তিৱা ভাষা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নতুন শিক্ষা নীতিত তিৱা ভাষাই বিশেষ মৰ্যাদা লাভ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷