Home স্থানীয় মন্ত্ৰী যোগেন মহনৰ সমষ্টিত পথ নিৰ্মাণৰ দাবীত মৰাণত মহিলা সমাজৰ পথ অৱৰোধ

মন্ত্ৰী যোগেন মহনৰ সমষ্টিত পথ নিৰ্মাণৰ দাবীত মৰাণত মহিলা সমাজৰ পথ অৱৰোধ

93
0

প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ৭ জুলাইঃ : মন্ত্ৰী যোগেন মহনৰ সমষ্টি মাহমৰাৰ এটা পথকলৈ ক্ষোভিত হৈ উঠিছে মহিলা সমাজ । মৰাণ ট্ৰেফিক পইণ্টৰ পৰা সোণাৰী পথৰ হৈ মৰাণ অইল ইণ্ডিয়া সংযোগী পথটো দীৰ্ঘদিনে জৰাজীৰ্ণহৈ থকাত পথটোত দৈনিক সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । উক্ত পথটো নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনক স্থানীয় ৰাইজে নিৰ্মাণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰাৰ লগতে মৰাণ অইল ইণ্ডিয়া কৰ্তৃপক্ষইয়ো পথটো মেৰামতি তথা পুননিৰ্মাণত গুৰুত্ব প্ৰদান নকৰাত আজি মৰাণ উষাপুৰৰ মহিলা সমাজে মৰাণৰ ৰেলৱে লাইনৰ সমীপত ১ ঘণ্টা ধৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ পিছতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈ পথ অৱৰোধস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচন কৰাত পথ অৱৰোধ উঠাই লয় । প্ৰতিবাদকাৰী সকলে উল্লেখ কৰে যে উক্ত পথচোৱা শীঘ্ৰে পুননিৰ্মাণ তথা মেৰামতি নকৰিলে অনাগত দিনত আন্দোলন চলি যাব বুলি উল্লেখ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here