Home Main Stories নাজিৰা মহকুমাত মন্ত্ৰী, সাংসদৰ দুগ্ধ আৰু গাহৰি প্ৰকল্প পৰিদৰ্শন । গাহৰি মাংস...

নাজিৰা মহকুমাত মন্ত্ৰী, সাংসদৰ দুগ্ধ আৰু গাহৰি প্ৰকল্প পৰিদৰ্শন । গাহৰি মাংস সংশাধন প্ৰকল্পই সম্ভৱপৰ কৰিব এ এচ ই এ এন দেশলৈ ৰপ্তানি : মন্ত্ৰী অতুল বৰা

107
0

চৈয়দ খাইৰুল হাচান, নাজিৰা, ১২ জুন : অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু সমবায় বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি পুৱা নাজিৰাৰ চানবছাস্থিত ‘দুগ্ধ সংসাধন প্ৰকল্প’ পৰিদৰ্শন কৰে। তেওঁ সুন্দৰপুখুৰী দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধীনস্থ দুগ্ধ প্ৰকল্পটো পৰিদৰ্শন কৰি ইয়াক পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি জনায়। তদুপৰি ইয়াক সুচাৰুৰূপে চলাই থকাৰ বাবে প্ৰয়োজনীয় গাখীৰৰ উৎপাদন বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে । দুগ্ধ প্ৰকল্পটো পৰিদৰ্শনৰ পিছতে মন্ত্ৰীজনাই সমীপৱৰ্তী ‘গাহৰি মাংস সংসাধন প্ৰকল্প’ত উপস্থিত হয় । ‘অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম’ৰ অধীনস্থ আধুনিক প্ৰকল্পটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ জৰিয়তে নিবনুৱাসকলৰ বাবে আত্মসংস্থাপনৰ সুবিধা মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে । দৈনিক ৪০০টাকৈ গাহৰি সংসাধন ক্ষমতাৰ প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় গাহৰি নিয়মীয়াকৈ যোগানৰ বাবে দাঁতি-কাষৰীয়া জিলাসমূহত গাহৰি পালনৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। তেওঁ চৰকাৰৰ তৰফৰ পৰা ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে । মন্ত্ৰীজনাই উপস্থিত ৰাইজক গো-পালন, গাহৰি পালনৰ উপৰি পশুপালন তথা কৃষিক্ষেত্ৰত ব্ৰতী হৈ স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনক আৰ্থিক দিশত আগবঢ়াই নিবলৈ আহ্বান জনায় । লগতে তেওঁ কয় যে এই প্ৰকল্পটোৰ জৰিয়তে গাহৰি মাংস এ এছ ই এ এন দেশসমূহত ৰপ্তানি সম্ভৱপৰ হৈ উঠিব। উল্লেখযোগ্য যে আজিৰ এই ভ্ৰমণকালত মন্ত্ৰীজনৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়েও অংশগ্ৰহণ কৰে । ৰাইজক উদ্দেশ্যি দিয়া ভাষণত সাংসদগৰাকীয়ে এই দুগ্ধ আৰু গাহৰি সংসাধন প্ৰকল্প দুটিয়ে শিৱসাগৰৰ উপৰি দাঁতি-কাষৰীয়া জিলাসমূহৰ কৃষকসকললৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা দিব বুলি আশা প্ৰকাশ কৰে। ভ্ৰমণকালত উপস্থিত থাকি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই প্ৰকল্প দুটি যথাসম্ভৱ সোনকালে সম্পূৰ্ণ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলাখনৰ পশুপালন খণ্ডৰ উন্নয়নৰ বাবে জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছে বুলি উপায়ুক্তই সদৰী কৰে। মন্ত্ৰী তথা সাংসদৰ পৰিদৰ্শন কালত বিশেষভাৱে আঁত ধৰে নাজিৰাৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনে। নিজৰ আদৰণী ভাষণত তেওঁ পশুপালন মন্ত্ৰী হিচাবে পুনৰবাৰ দায়িত্ব গ্ৰহণ কৰি নাজিৰালৈ আহি প্ৰকল্প দুটি পৰিদৰ্শন কৰাৰ বিষয়টোৱে অঞ্চলটোৰ কৃষক ৰাইজৰ বাবে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিব বুলি উল্লেখ কৰে । তেওঁ গো-পালন আৰু গাহৰি পালনত উৎসাহিত কৰাৰ বাবে বিশেষ আঁচনি গ্ৰহণৰ বাবে অনুৰোধ জনায় । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে কয়- ‘দুগ্ধ আৰু গাহৰি প্ৰকল্প দুটা গতিশীল কৰাৰ বাবে চৰকাৰে এক অনুপ্ৰেৰণা আগবঢ়াইছে। গতিকে এই প্ৰকল্পৰ লগত জড়িত সকলো লোকে চৰকাৰে দিয়া সুবিধাসমূহ গ্ৰহণ কৰি সুপৰিকল্পিতভাৱে আগবঢ়া উচিত।’ উল্লেখযোগ্য যে আজিৰ এই ভ্ৰমণকালত মন্ত্ৰীজনৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়েও অংশগ্ৰহণ কৰে। তদুপৰি নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, ৰাজহ চক্ৰ বিষয়া শান্তনু গগৈ, নিৰ্বাচনী বিষয়া সুজাতা গগৈ, সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তৰ লগতে সমবায়খনৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকল, জিলা পশুপালন বিষয়াৰ উপৰি অঞ্চলটোৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মন্ত্ৰী তথা সাংসদৰ এই ভ্ৰমণে অঞ্চলটোৰ গো-পালকসকলক যথেষ্ট উৎসাহী কৰি তোলে। উক্ত সভাৰ অন্তত কৃষিমন্ত্ৰী অতুল বৰাই মেছাগড়ত শালি ধানৰ কঠীয়া সিঁচা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here