Home নগাঁও সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ ফান্দ পাতিছে দুষ্ট-চক্ৰই সংবাদমেলৰ...

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ ফান্দ পাতিছে দুষ্ট-চক্ৰই সংবাদমেলৰ জৰিয়তে দুষ্ট-চক্ৰৰ চক্ৰান্ত ফাদিল কৰিলে নগাঁৱৰ ছাত্ৰ নেতাই

449
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৪ মাৰ্চ: অসাধু-চক্ৰৰ বাবে ধন ঘটাৰ আহিলাত পৰিণত হৈছে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানি৷ দুটা বৰ্ষৰ আগৰে পৰা ৰাজ্যত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈ আহিছিল সংখ্যালঘু বৃত্তিৰ নামত৷ শেহতীয়াকৈ চি আই ডিয়ে দুৰ্নীতি সন্দৰ্ভত তদন্ত আৰম্ভ কৰি কেইবাজনো লোকক আটক কৰিছিল যদিও বৃহৎ চক্ৰটোক সমূলঞ্চে উৎখাত কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ বাবে এই বৰ্ষতো পুনৰ এক বৃহৎ চক্ৰই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সংখ্যালঘু বৃত্তিৰ নামত আবিKI×ত কেইবাকোটি টকা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ মুখৰ পৰা কাঢ়ি খাবলৈ ফান্দ পতা পৰিলক্ষিত হৈছে৷ আজি নগাঁৱত এক সংবাদমেলত কেলেংকাৰীৰ কথা তথ্যসহকাৰে ফাদিল কৰে নগাঁৱৰ ছাত্ৰনেতা আছিফ জামান হকে৷ ছাত্ৰনেতাজনে সংবাদমেলত কয় – এটা চক্ৰই ৰাজ্যখনৰ কেইবাখনো জিলাত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত কৰি আহিছে৷ চক্ৰটোৱে গঢ়ি তুলিছে একাংশ ভুৱা শিক্ষা প্ৰতিষ্ঠান৷ ইয়াৰ ভিতৰত যোৰহাটৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়ত সৰ্বমুঠ ৯৩০গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰী দেখুৱাইছে৷ ইয়াৰ ভিতৰত মাত্ৰ ৩৪৬ জনক নিৰীক্ষণ সমাপ্ত কৰা দেখুৱাইছে৷ কিন্তু তথ্য জনাৰ অধিকাৰত পোৱা তথ্য অনুসৰি ছাত্ৰ-ছাত্ৰীৰ সকলো তথ্যই ভুৱা৷’ একেদৰে মৰিগাঁৱৰ ৩৬৩ জন, দৰং জিলাৰ ৩৪৭, কামৰূপ জিলাৰ ২০০ আৰু নলবাৰী জিলাৰ ৩৫৪জন ছাত্ৰ-ছাত্ৰীৰ সকলো তথ্য ভুৱা বুলি সংবাদমেল উল্লেখ কৰে ছাত্ৰনেতাজনে৷ ৰাজ্যখনৰ ৮৬ খন প্ৰতিষ্ঠানৰ এখনৰো তথ্য সঁচা নহয় বুলি তেওঁ প্ৰত্যাহ৩ান জনায় সংখ্যালঘু উন্নয়ন ব’ৰ্ডক৷ একাংশ বিভাগৰ বিষয়াৰ লগতে কাঠফুলাৰ দৰে গ্ৰামাঞ্চলত গঢ় লৈ উঠা বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ [চি এছ পি]য়ে মিলি বৃহৎ কেলেংকাৰী সংঘটিত কৰি সংখ্যালঘু বৃত্তিৰ কোটি কোটি টকা আত্মসাৎ কৰিবলৈ ফান্দ পতাৰ কথা উল্লেখ কৰে ছাত্ৰনেতাজনে৷ ছাত্ৰনেতাজনে সংবাদমেলত তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ অধীনত আবেদন কৰি লাভ কৰা সংখ্যালঘু বৃত্তিৰ ভুৱা হিতাধিকাৰীৰ তালিকাসমূহো প্ৰদৰ্শন কৰে৷ এতিয়া প্ৰশ্ন হয়, এই বৃহৎ কেলেংকাৰী তদন্ত চৰকাৰীভাৱে কৰি দুৰ্নীতিমুক্ত চৰকাৰে নিজৰ কৰণীয়খিনি সম্পাদন কৰিবনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here