Home সম্পাদকীয় সংখ্যালঘু যুৱ সমাজ সমীপেষু

সংখ্যালঘু যুৱ সমাজ সমীপেষু

911
0


খবিৰ আহমেদ,৩ অক্টোবৰ : আমাৰ দেশৰ অৰ্ধেক জনসংখ্যাৰ বয়স পয়ত্ৰিছ বছৰৰ তলত। এই কথা ধৰ্মীয় সংখ্যালঘুসকলৰ ক্ষেত্ৰতো প্ৰজোয্য।  এই বিৰাটসংখ্যক জনসমষ্টিৰ মনোজগত, এওঁলোকৰ চিন্তা-চৰ্চা, ৰুচি-অভিৰুচি আৰু উদ্যমিতাৰ ওপৰত সমাজখনৰ ভৱিষ্যৎ নিৰ্ভৰশীল। সেয়েহ, ধৰ্মীয় সংখ্যালঘু যুৱ সমাজক উদ্দেশ্য কৰি দুষাৰমান কথা ক’ব খুজিছো। কথাখিনি ক’ব খুজিছো ৰাজনীতিৰ গণ্ডীৰ পৰা ওলাই গৈ। য’তেই ৰাজনীতি আছে তাতেই হিংসা, বিদ্বেষ, অশান্তি আৰু অৰিয়াঅৰি আছে। কোনোবা ৰাজনীতিকে কোনোবা জনগোষ্ঠীৰ চৈধ্য পুৰুষক গালি পাৰি ক্ষমতাত আহিব পাৰিব। ক্ষমতাৰ বলত বলীয়ান হৈ হয়তো কোনোবাই অন্যায়-অবিচাৰো কৰিব। কিন্তু ক্ষমতা চিৰস্থায়ী নহয়। ক্ষমতাত আহিব আৰু এটা সময়ত ক্ষমতাৰ পৰা বাহিৰো হ’ব লাগিব। কিন্তু সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমি এইখন অসমতে আমি অসমীয়া হৈ থাকিব লাগিব চিৰদিন-চিৰকাল। এয়াই শাশ্বত কথা, এয়াই বাস্তৱ। ইয়াৰ অন্যথা হ’ব নোৱাৰে। কিয়নো, ধৰ্মীয় সংখ্যালঘুৰ কাৰণে দ্বিতীয় কোনো দেশ নাই। জীৱনে-মৰণে তেওঁলোকে অসমত অসমীয়া হৈ জীয়াই থাকিব লাগিব। সেই কাৰণেই আমি ভাবো যে এখন শান্তি, সমন্বয়, সংহতি আৰু প্ৰগতিৰ অসম গঢ়াৰ ক্ষেত্ৰত মিঞা অসমীয়া সকলোৰো বহুত কৰিবলগীয়া আছে।
ভাৰত-বাংলাদেশৰ সীমাত অৱস্থিত ঠাইবোৰ বহু সময়ত ভ্ৰমণ কৰিছোঁ। দেখিছো কিছুমান পৰিয়ালৰ থকা ঘৰ অসমত, কিন্তু খেতিবাতি ৰৈ আছেগৈ বাংলাদেশত। কিছুমানৰ থকা ঘৰ ভাৰতত, আকৌ ৰান্ধনী ঘৰ বাংলাদেশত। মানুহবোৰ ইছলাম ধৰ্মীয়। কেতিয়াবা সুধিছো যে ইচ্ছা কৰিলেই আপোনালোকৰ পূৰ্বপুৰুষ পাকিস্তানলৈ গুচি যাব পাৰিলেহেঁতেন, কিন্তু নগ’ল কিয়? তেতিয়া তেওঁলোকে উত্তৰ দিছিল এনেদৰে — ‘পাকিস্থানলৈ (এতিয়াৰ বাংলাদেশ) নোযোৱাৰ কাৰণে আমি আমাৰ পূৰ্বপুৰুষসকলক ধন্যবাদ দিওঁ। আমি ভাগ্যৱান। আমি ভাগ্যৱান এই কাৰণেই যে বাংলাদেশৰ নাগৰিকতকৈ আমি অনেক শান্তিত আছো।’ পিছত চিন্তা কৰি দেখিছিলো যে তেওঁলোকে এনেয়ে কথাখিনি কোৱা নাই; কৈছে বাস্তৱ অভিজ্ঞতাৰ পৰা। বাংলাদেশেই কওক আৰু পাকিস্তানেই কওক, স্বাধীনতা পাইছে ঠিকেই; কিন্তু গণতান্ত্ৰিক ব্যৱস্থা তাত কায়েম হোৱা নাই কোনোদিন। স্বাধীনতাৰ পিছত অৰ্ধেক সময় যদি তথাকথিত গণতন্ত্ৰ চলিছে অৰ্ধেক সময় চলিছে তাত সামৰিক শাসন। ধৰ্ম নিৰপেক্ষতাৰৰো প্ৰশ্নই নাহে। নামমাত্ৰ গণতান্ত্ৰিক শাসন চলিলেও চৰকাৰ থাকিব লাগে সামৰিক শক্তিৰ বহতীয়া হৈ। প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পিছতেই পৰাজিত দলৰ নেতাবোৰ দেশ এৰি পলাবলগীয়া হয়। চৰকাৰ চলে কেৱল তিনি-চাৰিশ মানুহৰ ছিণ্ডিকেটৰ জৰিয়তে। অশিক্ষা, কুশিক্ষা, দৰিদ্ৰতা, অন্ধবিশ্বাস, ড্ৰাগ্‌ছ, বন্দুকৰ বিভীষিকা আৰু সৰ্বত্ৰ মানৱ অধিকাৰ উলংঘনে বাংলাদেশ আৰু পাকিস্তানৰ নাগৰিকৰ জীৱন আজি বিপৰ্যস্থ। সবাতোকৈ ভয়ংকৰ কথা হৈছে ধৰ্মীয় গোড়ামী আৰু ৰক্ষণশীলতাই এই দুয়োখন দেশক অক্টোপাছৰ দৰে ঘেৰি ধৰিছে। বাংলাদেশৰ মাদ্ৰাছাৰ ছাত্ৰবোৰে এতিয়া মুকলিকৈ ৰাজপথত সমদল কৰি শ্লোগান দিয়ে এনেদৰে — ‘আমৰা হ’ব তালিবান, বাংলা হবে আফগান’। বাংলাদেশ এতিয়া ইছলামিক মৌলবাদীসকলৰ মুক্ত বিচৰণ ভূমি; ইছলামিক সন্ত্ৰাসবাদীসকলৰ মুখগহ্বৰত।  যিকোনো মুহূৰ্ততেই বাংলাদেশৰ অৱস্থা আফগানিস্তানৰ দৰে হ’ব পাৰে। বাংলাদেশ আৰু পাকিস্তানৰ এইবোৰ কথালৈ লক্ষ্য কৰিলে বুজা যায় যে দেশ বিভাজনৰ পিছত আমাৰ  পূৰ্বপুৰুষসকলে ভাৰতবৰ্ষৰ এইখন শংকৰ-আজানৰ দেশতেই ৰৈ যাবলৈ লোৱা সিদ্ধান্ত আছিল অতিকৈ নিৰ্ভুল আৰু সঠিক। দৰাচলতে এনে এখন ৰাজ্যত জন্মগ্ৰহণ কৰি অসমীয়া মিঞাসকলে গৌৰৱ কৰিব লাগে।
অসমীয়া মিঞাসকল ইছলামধৰ্মী মানুহ। ইছলাম ধৰ্মৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই আছে স্বদেশ প্ৰেমৰ কথা। সেই কাৰণে কোৱা হয়, ‘হুবুল ৱাতনে মিনাল ইমান’। অৰ্থাৎ দেশক ভাল পোৱাটো ইমানৰ অংগ। যিজন মুছলমানে নিজৰ মাতৃভূমিক ভাল পাব নাজানে তেওঁৰ ইমান সম্পূৰ্ণ নহয়, তাৰ মানে তেওঁ পূৰ্ণ মুছলমান নহয়। মুছলমানৰ ইমান দি-খণ্ডিত হ’ব নালাগে, হ’ব নোৱাৰে। দ্বি-খণ্ডিত ইমান লৈ কোনেও প্ৰকৃত মুছলমান হ’ব নোৱাৰে। আমাৰ মানুহ বিলাকৰ কেৱল অভিযোগ আৰু অভিযোগ। দেশে আমাক এইটো নিদিলে বা দেশে আমাক সেইটো নিদিলে। কিন্তু আমি এবাৰো ভাবি নাচাওঁ যে দেশৰ বাবে আমিনো কি কৰিছো? দেশপ্ৰেমটো স্বৰ্ত সাপেক্ষে হ’ব নোৱাৰে। আমি কেৱল নিজৰ আৰু আৰু জ্ঞাতি-কুটুমৰ প্ৰতিপত্তি আৰু প্ৰতিষ্ঠা লাভৰ চিন্তা-চৰ্চাত মচগুল হৈ আছোঁ।  হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যিটো কাৰ্যালয়ত বহি ৰাষ্ট্ৰ পৰিচালনা কৰে সেই কাৰ্যালয়ত এষাৰি কথা লিখা আছে, ‘ট্টব্দন্স ুপ্সব্ধ ভ্ৰন্ধ্ৰaব্ধ ম্ভপ্সব্ভব্জ ন্তুপ্সব্ভুব্ধব্জম্ভ ন্ধ্ৰaব্দ স্তুপ্সুঙ্গ ন্দ্ৰপ্সব্জ ম্ভপ্সব্ভ, ব্জaব্ধন্ধ্ৰঙ্গব্জ aব্দন্স ভ্ৰন্ধ্ৰaব্ধ ম্ভপ্সব্ভ ন্ধ্ৰavঙ্গ স্তুপ্সুঙ্গ ন্দ্ৰপ্সব্জ ম্ভপ্সব্ভব্জ ন্তুপ্সব্ভুব্ধব্জম্ভ’. অৰ্থাৎ, এই কথা নুসুধিবা যে তোমাৰ দেশে তোমাৰ কাৰণে কি কৰিছে, বৰং নিজকে প্ৰশ্ন কৰা যে তুমি তোমাৰ দেশৰ কাৰণে কি কৰিছা? এই বিখ্যাত কথাষাৰীৰ লেখক হ’ল বিখ্যাত এৰাবিক উপন্যাসিক নাজিম মাহ্‌ফুজ। ইছলাম ধৰ্মাৱলম্বী লোকসকল যি দেশতেই গৈছে সেই দেশৰেই ভাষা-সংস্কৃতি গ্ৰহণ কৰি সম্পূৰ্ণৰূপে একাত্ম হৈ পৰিছে। কোনো জাতিৰ লগত কেতিয়াও কোনো বিৰোধ কৰা নাই। আমি যিখন দেশত জন্মগ্ৰহণ কৰিছো, যি দেশৰ মাটিৰ পৰা আমাৰ শৰীৰৰ পুষ্টি সাধন হৈছে, যি ঠাইৰ মুক্ত বতাহ আৰু পানী আহৰণ কৰি আমি জীয়াই আছো আৰু মৃত্যুৰ পিছতো যিখন দেশৰ ধূলিকণাৰ লগত আমি মিহলি হৈ যাম, সেইখন জন্মভূমিৰ প্ৰতি আমাৰ একোৱেই কৰণীয় নাই নেকি?
সংখ্যালঘু সমাজৰ যুৱ বন্ধুসকল, অসমৰ অন্তৰাত্মাক বুজি পোৱাৰ চেষ্টা কৰক। আমি ভাল অসমীয়া হ’ব লাগিব। ভাল অসমীয়া হ’ব লাগিব অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি ভাল পোৱাৰ মাজেৰে, এইবোৰৰ চৰ্চাৰ মাজেৰে। আমি যদি অসমৰ অসমীয়া তেনেহ’লে অসমৰ ইতিহাস জানিব লাগিব, অসমীয়া জাতিৰ পিতৃপুৰুষ শ্ৰীমন্ত শংকৰ দেৱক জানিব লাগিব, ভালপাব লাগিব। অসমীয়া জাতিৰ পিতৃপুৰুষ আছিল শ্ৰীমন্ত শংকৰ দেৱ। শংকৰ দেৱৰ জন্মৰ সময়ত অসমৰ সমাজ জীৱন আছিল অন্ধ বিশ্বাসেৰে ভৰা। মানুহে তন্ত্ৰ-মন্ত্ৰক বিশ্বাস কৰিছিল, আনকি নৰবলিও দিয়া হৈছিল। শৈৱ ধৰ্মৰ বিপৰীতে বৈষ্ণৱ ধৰ্মৰ গুৰিত তেওঁ সাৰ-পানী দিলে। তেওঁ প্ৰচাৰ কৰিলে ‘এক দেৱ, এক সেৱ, এক বিনে নাহি কেৱ’। এই কথাৰ লগত ইছলাম ধৰ্মৰ এক ইশ্বৰৰ বিশ্বাসৰ কথা হুবহু মিল আছে। সংখ্যালঘু ইছলাম ধৰ্মীসকলে বিশ্বাস কৰে ‘লা-শ্বাৰি কালাহু’— অৰ্থাৎ আল্লাহ এক আৰু অনন্য, আল্লাহৰ কোনো অংশীদাৰ নাই’। এনেদৰে দেখা যায় যে এই দুই ধাৰাৰ চিন্তাৰ মাজত কোনো পাৰ্থক্য নাই। অসমীয়া জাতিৰ অন্তৰাত্মাৰ লগত মিলা-মিচা কৰিলেহে সেইবোৰ কথা বুজি পোৱা যায়। অসম এখন ৰূপহী-ৰচকী দেশ। ভাল অসমীয়া হ’বলৈ হ’লে অসম দেশৰ মাটি, পানী, বায়ু, পাহাৰ, পৰ্বত, নৈ, জান-জুৰিৰ লগত একাত্মবোধ অনুভৱ কৰিব পাৰিব লাগিব।  দিহিং, দিচাং, ধনশিৰি, সোৱণশিৰিৰ কাহিনী শুনি আপ্লুত হ’ব লাগিব। জীৱন আৰু যৌৱনৰ জয়গান গোৱা বিহুগীত শুনি যাৰ মন-প্ৰাণ এবাৰো উদ্বেলিত হোৱা নাই, সাধাৰণ অসমীয়া মানুহৰ সৰলতা, আতিথ্য আৰু বদান্যতাত যাৰ মন এবাৰো বিগলিত হোৱা নাই, তেওঁ অসমৰ আচল ৰূপেই দেখা নাই। যিবিলাক মানুহে জ্যোতি-বিষু্ণৰ নাম শুনা নাই, ভূপেন হাজাৰিকাৰ গীত শুনি যিজন মানুহে এবাৰো আত্মাহাৰা হোৱা নাই সেইজন মানুহ কেনেকৈ ভাল অসমীয়া হ’ব পাৰে?
তাকে নকৰি সংখ্যালঘু অসমীয়া মিঞাসকলে যদি বঙালী আৰু বাংলাদেশৰ সংস্কৃতিৰ প্ৰতি আনুগত্য দেখুৱায় তেনেহ’লে নিশ্চতভাৱে তেওঁলোকৰ অসমীয়াকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব। দেখা যায় যে প্ৰতিবছৰে অসমীয়া মিঞা অধ্যুষিত বহুতো অঞ্চলত পশ্চিমবংগ অথবা বাংলাদেশৰ পৰা কিছুমান নিম্নমানৰ শিল্পীক আমন্ত্ৰণ কৰি অনা হয়। তাৰ পিছত কাণ তাল মৰা মাত্ৰাধিক শব্দ প্ৰদূষণৰ জৰিয়তে গোটেই ৰাতি চলে অসামাজিক, উত্তেজক আৰু অশ্লীল নৃত্য-গীতৰ কচৰৎ। যোৱাবাৰ বৰপেটা জিলাৰ জনীয়াত, কামৰূপ জিলাৰ গৰৈমাৰীত আৰু বহু ঠাইত সাংস্কৃতিক সন্ধিয়াৰ নামত যিবোৰ কাণ্ড হ’ল সেয়া বিজতৰীয়া সংস্কৃতি নহয়নে?  একাংশ অসমীয়া মিঞা সমাজৰ যুৱক-যুবতীসকলে এইবোৰ বাৰুকৈয়ে উপভোগ কৰে আৰু সেইসমূহ বাৰে ভচহু বজৰুৱা সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰে। শুভ বুদ্ধি সম্পন্ন স্থানীয় লোকে প্ৰতিবাদ কৰিলেও বিপথে পৰিচালিত যুৱ চামৰ আতিশয্যৰ ওচৰত সেই প্ৰতিবাদৰ মূল্য নাথাকে। নৃত্য-গীতৰ আমি বিৰোধী নহওঁ, বৰং যিবিলাক মানুহে ধৰ্মৰ দোহাই দি মনোৰঞ্জনৰ পৰা আমাৰ নতুন প্ৰজন্মক আঁতৰত ৰাখিব খোজে তেওঁলোককহে আমি বেয়া পাওঁ। কিন্তু গীত-মাত, নৃত্যানুষ্ঠান যদি পাতিবই লাগে তেনেহ’লে সেইবোৰ হ’ব লাগে ৰুচিসম্পন্ন, স্থান, কাল আৰু সমাজিকতাৰ লগত সংগতি ৰাখি। আৰু সেইবোৰৰ বাবে অসম মুলুকত শিল্পী নাই নেকি? অসমৰ গায়ক জুবিন গাৰ্গ, জুব্‌লী, পাপন আৰু নাহিদ আফ্ৰিনহঁতে অসমৰ বাহিৰেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম বুটলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ বাহিৰেও শ শ উঠিঅহা কলা-কুশলীয়ে নৃত্য-গীতেৰে অসমৰ আকাশ-বতাহ ৰজন্‌জনাই ৰাখিছে। আমি আমাৰ স্থানীয় শিল্পীসকলক আমন্ত্ৰণ কৰিব নোৱাৰো নেকি? বাংলাদেশৰ গীত-মাত, নিম্নমানৰ বাৰে ভচহু ভিডিঅ’, ভাদাইমা জাতীয় অভিনেতাৰ ফটুৱামি, নাটক আদি বহুতো মিঞা অসমীয়াৰ মোবাইলত থাকে। সেইবোৰ যদি অসমলৈ আহিব পাৰে তেনেহ’লে মৌলবাদী ধাৰণাবোৰো অসমলৈ আহিব পাৰে। বাংলাদেশৰ একাংশ ধৰ্মগুৰুৰ মৌলবাদক উচটনি দিয়া আৰু ধৰ্মৰ ভুল ব্যাখ্যাসম্বলিত ভাষণবোৰ ফেচবুক আৰু ইউটিউবত সহজেই উপলব্ধ। সেইবোৰ চাই অসম তথা ভাৰতৰ এচাম মানুহ প্ৰভাৱান্বিত হয়। আহক আমি দাবী জনাওঁ যে অসমত সেই চেনেলবোৰ বন্ধ হ’ব লাগে। উজনি-নামনি অসমৰ বহুকেইখন জিলাত চাকৰি কৰি বুজিব পাৰিছো যে অসমীয়া জাতিটো হৈছে মূলতঃ আতিথ্য পৰায়ণ জাতি। অসমীয়াসকল হৈছে নাচ-গান কৰি ভালপোৱা এটা ফূৰ্তিবাজ জাতি। উজনি অসমত ব’হাগ বিহু এমাহলৈকে চলি থকা দেখিছো। গতিকে তেনেকুৱা জাতি এটাৰ অংশীদাৰ হ’বলৈ হ’লে, তেওঁলোকৰ মনৰ ভিতৰত সোমাবলৈ হ’লে আমি তেওঁলোকৰ শিল্প-সংস্কৃতিক আপোন কৰি ল’ব লাগিব। বাংলাদেশৰ বিজতৰীয়া সংস্কৃতিৰ লগত আমি সম্পৰ্ক চ্ছেদ কৰিব লাগিব।
এনেবোৰ কথাৰ অৱতাৰণা কৰিলে মিঞা সমাজৰ একাংশ উতনুৱা যুৱেক উভতি ধৰে। তেওঁলোকে অলপো আত্মসমালোচনা সহ্য কৰিব নোৱাৰে। প্ৰতিটো কথাতেই তেওঁলোকে ‘ভিক্টিম কাৰ্ড’ খেলে। ‘বিজেপি, আৰ এছ এছে এইবোৰ কৰিছে, সেইবোৰ কৰিছে, আমি কিয় নকৰিম’—কথাবোৰ এনেধৰণৰ। কিন্তু দেশখনতো বিজেপি আৰু আৰ আছ এছৰ নহয়। ভাৰতৰ অধিকসংখ্যক মানুহেই গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সহনশীল আৰু উদাৰ। আমি সংখ্যালঘুসকলে সদায়েই সেই উদাৰ আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ হাত শক্তিশালী কৰিব লাগিব। নিজে সাম্প্ৰদায়িক হৈ অন্য সাম্প্ৰদায়িক শক্তিক কেতিয়াও পৰাভূত কৰিব নোৱাৰি। আবেগ-উচ্ছাসৰ নদীত উটি-ভাহি গৈ একাংশ যুৱকে এইবোৰ উদাৰ আৰু সহনশীল চিন্তা-চতনাৰ বিৰোধিতা কৰে। কেতিয়াবা অকথ্য, অশ্লীল ভাষাৰে ফেচবুক গৰম কৰে। বহুতেই ফেচবুকত বিপ্লৱ আনে। অথচ তেওঁলোকৰ কথাত কোনো নতুন দৃষ্টিভংগী নাই, সেই একেবোৰ ঘাঁহ পাগুলা কথা, পুৰণি চিনেমাৰ কেছেট বজোৱা। কেতিয়াবা অন্ধই অন্ধৰ সমালোচনা কৰে, অন্ধই অন্ধক পথ দেখুৱায়। কিন্তু সঁচা কথাবোৰ আমি যিকোনো মূল্যৰ বিনিময়ত ক’ম। আমি ক’ম যে এই শ্ৰেণীৰ যুৱকে অসমৰ ইতিহাস, ঐতিহ্য, সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি সচেতন নহয়। দেশ আৰু চৰকাৰ একে নহয়। চৰকাৰ আহিছে যাব। কিন্তু এই দেশ আমাৰ দেশ, আমি ইয়াৰ মাটি খাঁমুচি জীয়াই থাকিব লাগিব চিৰদিন, চিৰকাল। আৰু দেশ হৈছে দেশৰ মানুহ। দেশ হৈছে দেশৰ মাটি, পানী, বায়ু, পৰ্বত-ভৈয়াম, জান-জুৰি, নৈ, পথাৰ-সমাৰ। এইবোৰৰ সমষ্টিয়েই অসম, সনাতন ভাৰতবৰ্ষ।
আহক আমি আমাৰ মাতৃভূমিক ভাল পাবলৈ শিকোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here