Home স্থানীয় বঙাইগাঁৱৰ বন্ধ হৈ থকা প্ৰশান্তি ল’জৰ পৰা তিনি চোৰ আটক মহিলাৰ ডিঙিৰ...

বঙাইগাঁৱৰ বন্ধ হৈ থকা প্ৰশান্তি ল’জৰ পৰা তিনি চোৰ আটক মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই

134
0

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ, ৩০ জুনঃ বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱৰ প্ৰশান্তি ল’জত চুৰি কৰিবলৈ গৈ বুধবাৰে আৰক্ষীৰ হাতত তিনিজন চোৰ আটক হয় ৷ ধৃত তিনি চোৰ তিনিজন ক্ৰমে কলগাছিয়াৰ কাটাখালিৰ ৰহিম খান (১৮) , যোগীঘোপাৰ খেতাপাৰাৰ আনোৱাৰ হুছেইন (১৮) আৰু উত্তৰ বঙাইগাঁও শালবাগানৰ বিশাল চন্দ (১৯) বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে বুধবাৰে পুৱা দহ মান বজাত চোৰ তিনিজনে পৰিত্যক্ত অৱস্থাত থকা প্ৰশন্তি ল’জৰ ভিতৰত প্ৰৱেশ কৰা দেখি একাংশই আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ পিছ মুহুৰ্ততে আৰক্ষীৰ দল উপস্থিত হৈ ল’জৰ ভিতৰত হাতে-লোটে তিনিওকে কৰায়ত্ত কৰে ৷ তিনিওৰে পৰা ল’জৰ ভিতৰত থকা চুৰি কৰা সা -সামগ্ৰী জব্দ কৰে ৷ উল্লেখ্য যে দীৰ্ঘ দিনে ল’জটো বন্ধ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলটোতে সা -সামগ্ৰী চুৰি কৰি নিয়াৰ চেষ্টা চলায় ৷ ইতিমধ্যে চোৰে প্ৰশান্ত ল’জৰ ভিতৰৰ বহু সা- সামগ্ৰী চুৰি কৰি নিছে ৷

ইপিনে উত্তৰ বঙাইগাঁৱৰ বজাৰ ইণ্ডিয়াৰ সমীপত ই ৰিক্সাৰে আহি থকা মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই সোণৰ চেইন কাঢ়ি নিয়া আন এক ঘটনা সংঘটিত হয় ৷ দিনৰ প্ৰায় দুই মান বজাত বাইকত অহা দুজনীয়া দলে খাৰিজা দোলাইগাঁও – পালপাৰাৰ বাসিন্দা মিষ্টি ঘোষ নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইন লৈ উধাও হয় ৷ কিন্তু ঘটনাৰ পিছ মুহুৰ্ততে আৰক্ষী তৎপৰ হৈ পৰে আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জিলাখনৰ সকলো আৰক্ষীক সতৰ্ক কৰি দিয়ে ৷ চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি দুই দুৰ্বৃত্তৰ সন্ধানত আৰক্ষী নামি পৰে আৰু উত্তৰ শালমাৰাত সন্দেহজনক দুই যুৱকক বাইকসহ আটক কৰে ৷ কালগাছিয়াৰ টাৰাকান্দিৰ আশ্ৰাফুল ইছলাম আৰু ৰকিবুল ইছলাম নামৰ যুৱক দুজনক আৰক্ষীয়ে বঙাইগাঁৱলৈ আনি সোধ পোছ অব্যাহত ৰাখিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here