ইজৰাইল, ১৩ ডিচেম্বৰ : সুদীৰ্ঘ ২১ বছৰৰ পিছত ভাৰতে জিকিলে মিছ ইউনিভাৰ্ছৰ খিতাপ। ২০২১ৰ মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰিলে চণ্ডিগড়ৰ কন্যা হাৰ্নাজ কৌৰ সান্বুূৱে। ইজৰাইলৰ ইলিয়েট চহৰত অনুষ্ঠিত মিছ ইউনিভাৰ্ছৰ চূড়ান্ত ৰাউণ্ডত ২১ বৰ্ষীয়া হাৰ্নাজ সান্বুূৱে তেওঁৰ প্ৰতিদ্বন্দ্বী পাৰাগুৱেৰ নাডিয়া ফৰেলা আৰু দক্ষিণ আফ্ৰিকাৰ ললেলা মছবানেক পৰাজিত কৰি খিতাপ দখল কৰে। উল্লেখ্য যে ২০২১ৰ ৭০সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা এইবাৰ ইজৰাইলত আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাত বিশ্বৰ বহুকেইগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। সেই প্ৰতিযোগীসকলক অতিক্ৰম কৰি হাৰ্নাজ সান্বুূৱে মিছ ইউনিভাৰ্ছৰ খিতাপ শিৰত তুলি লয়। ২০২০ৰ মিছ ইউনিভাৰ্ছৰ বিজেতা মেক্সিকোৰ আদ্ৰিয়া মেনজাই হাৰ্নাজ সান্বুূক এইবাৰৰ বিজয়ৰ মুকুট পিন্ধাই। উল্লেখ্য যে হাৰ্নাজে সোতৰ বছৰ বয়সৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছিল। ইয়াৰ পূৰ্বে তেওঁ ২০২১ত মিছ ডিভা খিতাপ দখল কৰিছিল। ২০১৯ত তেওঁ ফেমিনা মিছ ইণ্ডিয়া পঞ্জাবৰ খিতাপ দখল কৰিছিল আৰু ২০১৯ত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ ১২ত স্থান দখল কৰিছিল। ইয়াৰ উপৰি তেওঁ দুখন পাঞ্জাবী চলচ্চিত্ৰতো অভিনয় কৰিছে। খিতাপ দখল কৰি তেওঁ কয় যে ইয়াৰ বাবে তেঁও ঈশ্বৰ, পৰিয়াল আৰু মিছ ইণ্ডিয়াৰ সংগঠনসমূহক ধন্যবাদ জনাইছে। উল্লেখ্য যে সান্বুূৰ পূৰ্বে মিছ ইউনিভাৰ্ছৰ খিতাপ ভাৰতে দুবাৰহে লাভ কৰিছিল। ১৯৯৪ চনত প্ৰথমবাৰ সুস্মিতা সেনে আৰু ২০০০ চনত দ্বিতীয়বাৰ লাৰা দত্তই এই খিতাপ দখল কৰিছিল।