ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত সেই বৰ্বৰ ঘটনা এতিয়াও প্ৰতিগৰাকী অসমীয়াৰ মাজত চৰ্চিত হৈ আছে। মিজোৰাম আৰক্ষীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হৈছিল ৬গৰাকী অসম সন্তান। এনে ভয়াৱহ আৰু বৰ্বৰতাৰ পিছতো যেন ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম। অসম-মিজোৰাম সীমান্তত আজিও অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন। সকলো ধৰণৰ বাধা কিম্বা চুক্তি অৱমাননা কৰি মিজোৰামে পুনৰবাৰ অসমৰ ভূমি বেদখল কৰিবলৈ উঠি-পৰি লাগিছে। অসম-মিজোৰাম সীমান্তৰ হাইলাকান্দি জিলাত মিজোৰাম আৰক্ষীয়ে দুটাকৈ শিবিৰ স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে। হাইলাকান্দি জিলাৰ ইনাৰলাইন সংৰক্ষিত বনাঞ্চলত বিলাইপুৰ এলেকাৰ ঢলাইখালত মিজোৰামে নিৰ্মাণ কৰিছে দুটাকৈ শিবিৰ। অসম আৰক্ষীয়ে ড্ৰোণৰ সহায়ত সীমান্ত নিৰীক্ষণ কৰাৰ সময়ত পোহৰলৈ আহে এই নতুন কেম্প নিৰ্মাণৰ তথ্য। মিজোৰামৰ এই আগ্ৰাসনৰ পিছতেই হাইলাকান্দি জিলা প্ৰশাসনে এক পত্ৰৰ জৰিয়তে মিজোৰামৰ কলাচিব জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰে। আনকি পত্ৰযোগে চুক্তি ভংগ হোৱাৰ অভিযোগ কৰি শিবিৰ দুটা আঁতৰাবলৈ অনুৰোধ কৰে। কিন্তু মিজোৰাম প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ দিয়া নাই। আনকি অসমৰ ভূমিত স্থাপন কৰা শিবিৰ আঁতৰাই নিয়া নাই। আনহাতে, যোৱাকালি একে এলেকাত মিজোৰামে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। নিৰ্মাণকাৰ্য চলাৰ সময়তেই হাইলাকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথ নিৰ্মাণ কাৰ্যত নিয়োজিত জেচিবি চালকক তাৰ পৰা আঁতৰাই পঠায়। এনে ঘটনাক কেন্দ্ৰ কৰি সীমান্তত উত্তেজনা অব্যাহত আছে। মিজোৰামৰ কলাচিব জিলাৰ উপায়ুক্তই হাইলাকান্দি জিলাৰ উপায়ুক্তক এক পত্ৰযোগে জেচিবি চালকক অপহৰণ কৰা বুলিহে ওলোটাই অভিযোগ কৰে। যি কি নহওক, অসম-মিজোৰাম সীমান্তৰ হাইলাকান্দিত এতিয়া উত্তেজনা অব্যাহত আছে। মিজোৰামৰ আগ্ৰাসী মনোভাবে সীমান্তৰ অসমীয়া লোকসকলক আতংকিত কৰি তুলিছে।