Home Main Stories দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা জ্যেষ্ঠ অধ্যাপক বিল্লাল হুছেইনক সাক্ষাৎ বিধায়ক আব্দুৰ ৰহিম...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা জ্যেষ্ঠ অধ্যাপক বিল্লাল হুছেইনক সাক্ষাৎ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ

47
1

গণবাৰ্তা,হাউলী, ১৭ মেঃ নামনি অসমৰ বৰপেটা জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাউলীৰ বি,এইচ,কলেজৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ বিল্লাল হুছেইনে দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মুম্বাইস্থ টাটা মেম’ৰিয়েল হস্পিটেলত চিকিৎসা গ্ৰহন কৰি বৰ্তমান হাউলীস্থিত নিজ বাস ভৱনত চিকিৎসাধীন হৈ আছে যদিওঁ স্বাস্থ্য দিনক দিনে অৱনতি হোৱা পৰিলক্ষিত হৈছে | ৰবিবাৰে দিনৰ ১০-৩০ বজাত বৰপেটা সদৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক আব্দুৰ ৰহিম আহমেদক অধ্যাপক বিল্লাল হুছেইনৰ বাস ভৱনত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয় আৰু তেখেতৰ সু-স্বাস্থ্য কামনা কৰে | বিধায়ক আব্দুৰ ৰহিম আহমেদৰ সৈতে হাউলীৰ জ্যেষ্ঠ সাংবাদিক দিদাৰ হুছেইন, মৈৰামাৰা গাওঁ পঞ্চায়তৰ সভাপতি ছোৰহাব আলী, হিলাপাকৰি হাই মাদ্ৰাছাৰ শিক্ষক ছাজাহান আলী আহমেদ, সমাজ কৰ্মী তথা উদীয়মান যুৱক বিনয় ঘোষেও অধ্যাপকৰ ঘৰত উপস্থিত হৈ তেখেতৰ আশু আৰোগ্য কামনা কৰে |

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here