Home Main Stories শিৱসাগৰক ৰাজ্যিক ঐতিহ্য নগৰ হিচাপে স্বীকৃতি দিয়ক : সদস্যৰ সময়ত বিধায়ক অখিল...

শিৱসাগৰক ৰাজ্যিক ঐতিহ্য নগৰ হিচাপে স্বীকৃতি দিয়ক : সদস্যৰ সময়ত বিধায়ক অখিল গগৈৰ প্ৰস্তাৱ

31
0

শিৱসাগৰকে ধৰি আহোমৰ কৃৰ্তিচিহ্ন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব : মন্ত্ৰী বিমল বৰা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ জুলাই : আজি বিধানসভাৰ সদস্যৰ সময়ত বিষয়বস্তু উত্থাপন কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰক ৰাজ্যিক ঐতিহ্য স্থান অথবা নগৰ হিচাপে চিহ্নিত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰি আহোমযুগীয়া কীৰ্তিচিহ্নসমূহৰ বিজ্ঞানসন্মত উপযুক্ত সংৰক্ষণ আৰু শোভাবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ আহবান জনায়। আহোমৰ ছশ বছৰীয়া ৰাজত্বকালত ৰাজধানী শিৱসাগৰৰ বিভিন্ন কীৰ্তিচিহ্নই প্ৰাচীন গৌৰৱ বহন কৰি অহাৰ কথা উল্লেখ কৰাৰ লগতে ইয়াৰ বিভিন্ন সাংস্কৃতিক সম্পদ বিৰাজমান বুলি উল্লেখ কৰে। ৰংঘৰ, কাৰেংঘৰ, তলাতলঘৰ, জয়সাগৰ, শিৱদৌলকে আদি কৰি বিভিন্ন প্ৰাচীন স্থাপত্য কলাসমূহে নিজৰ স্বকীয়তা বহন কৰি আহিছে বুলি উল্লেখ কৰি আহোম যুগত কেনেধৰণে বিজ্ঞানসন্মতভাৱে এইসমূহ নিৰ্মাণ কৰা হৈছিল তাৰ অধ্যয়নৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। তদুপৰি শিৱসাগৰত প্ৰথম ছপাশাল আৰু অৰুণোদয়ৰ যোগেদি সাহিত্য চৰ্চা আৰম্ভ হৈছিল বুলি তেওঁ উল্লেখ কৰি ইয়াক ৰাজ্যিক ঐতিহ্য নগৰ হিচাপে চিহ্নিত কৰিলে বিভিন্ন ধৰণে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ ঘটিব বুলি তেওঁ উল্লেখ কৰে। আনকি ইয়াৰ ফলত পৰ্যটকসকল আকৰ্ষিত হ’ব বুলি উল্লেখ কৰি পৰ্যটন উদ্যোগটো ঠন ধৰি উঠিলে বহুতো লোকে কৰ্মসংস্থাপন লাভ কৰিব বুলি উল্লেখ কৰে। শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশৰ বাবে তেওঁ ১০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ আহবান জনায়। ইয়াৰ উত্তৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে ভাৰতীয় সভ্যতা পাঁচ হাজাৰ বছৰীয়া এক সভ্যতা, যাক অধ্যয়ন কৰাৰ যথেষ্ট থল আছে। কিন্তু ঐতিহ্য স্থাপন হিচাপে ঘোষণা কৰিলেই সকলো শেষ হৈ নাযায়। বিশ্ব ঐতিহ্য স্থান হিচাপে চিহ্নিত কৰাৰ বাবে বিভিন্ন নিয়ম-নীতিৰে আগবাঢ়িব লাগে। এনে নিয়ম-নীতি অনুসৰি এনে ঐতিহাসিক স্থানৰ কোনোধৰণৰ উন্নয়ন বা নিৰ্মাণ কাৰ্য কৰিব নোৱাৰে। যাৰ বাবেই ইয়াক ঐতিহ্য স্থান হিচাপে সংৰক্ষণ কৰা হোৱা নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচটা স্থানক ঐতিহাসিক স্থান হিচাপে চিহ্নিত কৰি ইয়াৰ সংৰক্ষণ আৰু শোভাবৰ্ধনৰ বাবে কাৰ্যপন্থা হাতত লৈছে। ইয়াৰ ভিতৰত শিৱসাগৰো আছে। শিৱসাগৰৰ ঐতিহাসিক স্থানসমূহ সংৰক্ষণৰ লগতে এটা যাদুঘৰো তৈয়াৰ কৰিব কেন্দ্ৰীয় পৰ্যটন বিভাগে। ইপিনে অকল শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহকে সংৰক্ষণ নকৰি ৰাজ্য চৰকাৰে শিৱসাগৰৰ আশে-পাশে চৰাইদেউপৰ্যন্ত যিসমূহ আহোমযুগীয়া সম্পদ আছে সেইসমূহ সংৰক্ষণ আৰু পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে কাম আৰম্ভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। চৰাইদেউত থকা মৈদামসমূহত ইতিমধ্যে কাম আৰম্ভ হৈছে বুলি মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়ে। তদুপৰি প্ৰয়োজন সাপেক্ষে শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহৰ বাবে এশ কোটিতকৈও অধিক টকা আবণ্টন কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here