Home Uncategorized মথাউৰী কামৰ শুভাৰম্ভ বিধায়ক বলীন চেতিয়াৰ

মথাউৰী কামৰ শুভাৰম্ভ বিধায়ক বলীন চেতিয়াৰ

174
0

মাইনু মৰাণ: গণবাৰ্তা: ডুমডুমা : ১৩ এপ্ৰিল: ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন S.O.P.D. (F.D.R.) শিতানৰ পুঁজিৰ দ্বাৰা জলসম্পদ বিভাগে ৰূপায়ন কৰিবলৈ লোৱা তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত “লোহিত নদীৰ বাওঁপাৰে চিচিনি ভূজনীৰ পৰা কেঁচাইখাটী থানলৈ সংযোগী মথাউৰি নিৰ্মাণ”ৰ আচঁনিৰ শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই কামৰ শুভাৰম্ভ কৰে । শুভাৰম্ভ অনুষ্ঠানত বিধায়ক চেতিয়াৰ সৈতে ছৈখোৱা মণ্ডল বিজেপিৰ সভাপতি বিৰাজ সোনোৱাল , শদিয়া বিজেপিৰ জেষ্ঠ নেতা ক্ৰমে ফটিক আচাৰ্য্য , দেৱজিত কলিতা, বিপুল সোনোৱাল, আৰৈমূৰীয়া গাওঁ পঞ্চায়তৰ সভাপতি হোমেন কোঁৱৰ, হাঁহখাটী গাওঁ পঞ্চায়তৰ সভানেত্ৰী কাজল থাপা, ছৈখোৱা গাওঁ পঞ্চায়তৰ সভাপতি বিকাশ মোদী আৰু বিভাগীয় বিষয়া তথা স্থানীয় ৰাইজ সকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here