Home Main Stories নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ জাননী প্রত্যাহাৰ কৰক : দাবী জনালে...

নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ জাননী প্রত্যাহাৰ কৰক : দাবী জনালে বিধায়ক মনোৰঞ্জন তালুকদাৰে

192
0

গণবাৰ্তা বিশেষ, বৰপেটাৰোড, ৬ জুন : ৰাষ্ট্রীয় কোম্পানী আইন ট্রাইবুলে [ National Company Law Tribunal ( NCLT ) ]ৰ পৰামৰ্শ ভিত্তিত লিকিউডেটৰ কুলদ্বীপ ভার্সাই যোৱা এক জুনত নগাঁও আৰু কাছাৰ কাগজ কল দুটা নিলামত দিয়াৰ যি পদক্ষেপ লৈছে তাক তীব্র বিৰােধীতা কৰিছে সৰভোগ সমষ্টিৰ চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ আজি বিধায়ক গৰাকীয়ে বৰপেটাৰোড প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ৰাজ্য চৰকাৰক এই পদক্ষেপ প্রত্যাহাৰ কৰি অসম চৰকাৰৰ অধীনত কাগও কল দুটা পুনৰুজ্জীৱিত ৰাৰ দাবী জনায়।

সংবাদ মেলত তেওঁ উল্লেখ কৰে যে ২০১৫ চনৰ অক্টোবৰ মাহত কাছাৰ কাগজ কল আৰু ২০১৭ চনৰ ১৩ মার্চ তাৰিখে নগাও কাগক্ত কল দুটা হঠাৎ বন্ধ কৰি দিয়াৰ পাছত এতিয়ালৈকে আর্থিক সংকটত ৮৭ জন কর্মচাৰীৰ মৃত্যু হৈছে আৰু কৰ্মচাৰীসকলৰ বাকেয়া ধন আজিও মােকলাই নিদিলে । দুয়ােটা কাগজ কল সুন্দৰভাৱেই চলি আছিল আৰু সময়ত সামান্য ধন ব্যয় কৰি মেৰামতিৰ কামখিনিও কৰিব পাৰিলেহেঁতেন । NCLT ত বিচাৰাধীন হৈ থকাৰ সময়ত অসম চৰকাৰে শপত নামা দাখিল নকৰি বাৰে বাৰে সময় বিচাৰি বিষয়টো পিচুৱাই লৈ গ’ল অথচ হিন্দুস্তান পেপাৰ নিগমৰ কেৰেলাত থকা নিউজ প্রিন্ট উদ্যোগতাে কেৰেলা চৰকাৰে নিজে চলােৱা দায়িত্ব লৈ NCLT ত শপতনামা দাখিল কৰে আৰু নিলামৰ পৰা ৰক্ষা কৰে ।

১৯৮৮ চনৰ এপ্রিল মাহত প্রথম উৎপাদনক্ষম হােৱা কাছাৰ কাগজ কলৰ ক্ষমতা আছিল বছৰি এক লাখ মেট্রিক টন আৰু ইয়াৰ নিৰ্মাণত ব্যয় হৈছিল মাত্র ৩৫৭ কোটি টাকা । সেইদৰে ১৯৮৫ চনৰ অক্টোবৰ মাহত বাণিজ্যিক উৎপাদন আৰম্ভ হােৱা নগাঁও কাগজ কলৰ উৎপাদন ক্ষমতা আছিল বছৰি এক লাখ মেট্রিক টন আৰু ইয় ব্যয় হৈছিল মাত্র ২৮৭ কোটি টকা । দুয়ােটা কাগজ কলত প্রায় ৭০০০ স্থায়ী আৰু অস্থায়ী কর্মচাৰী আছিল আৰু ইয়াৰ লগত পৰােক্ষভাবে জড়িত লােকৰ সংখ্যা এক লাখতকৈ অধিক আছিল । কাছাৰ কাগজ কলৰ বার্ষিক ব্যৱসায় প্রায় ১৭৫ কোটি টাকা পাইছিলগৈ । এই কাগজ কলত বছৰি ১৫০০০০ BDMT ( Bone Dry Metric Ton ) পৰিমানৰ বাহ কেঁচামাল হিচাবে ব্যৱহাৰ হৈছিল । নগাঁও কাগজ কলে অসম চৰকাৰক প্ৰতি টনত ৫৪০০০ টকাত কাগজ যােগান ধৰিছিল যি কাগজৰ দ্বাৰা চৰকাৰে বিনামূলীয়া পাঠ্যপুথি ছপা কৰিছিল ।

তেওঁ লগতে কয়– বিগত সময়ছােৱাত অসম চৰকাৰে বিধান সভাৰ ভিতৰে বাহিৰে কাগজ কল দুটা পুনৰ খােলা হ’ব বুলি বহুবাৰ ঘােষণা কৰিছিল । আনকি অসম বিধান সভাৰ যােৱা নিৰ্বাচনত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কাগজ কল । দুটা পুনৰুজ্জীৱিত কৰা হ’ব বুলি কোৱা কথা এক জীয়া ফাকিলৈ ৰূপান্তৰিত হ’ল । নিলাম ঘােষণাৰ দ্বাৰা বি জে পি চৰকাৰৰ ৰাজহুৱা খণ্ড বিবােধী তথা শ্রমিক বিৰােধী নীতি স্পষ্ট হৈ পৰিল ।

সেয়েহে ৰাজ্য চৰকাৰৰ ওচৰত তেওঁৰ দাবী:: নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলামৰ জাননী প্রত্যাহাৰ কৰক , দুয়ােটা কাগজ কল ৰাজহুৱা খণ্ডত পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰক, কাগজ কল দুটাৰ শ্রমিক কর্মচাৰীৰ বকেয়া ধন শীঘ্ৰে আদায় দিয়াত আৰু পুনৰুজ্জীৱিত নােহােৱালৈকে মাহেকীয়া মজুৰী প্ৰদান কৰি থাকক , এই সময়ছােৱাত মৃত্যু হােৱা কাগজ কল লুটাৰ শ্ৰমিকৰ পবিয়াকে পর্যাপ্ত আর্থিক সাহায্য দিয়ক, অসম চৰকাৰে নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰক, NCLATৰ পৰামৰ্শ কাৰ্য্যকৰী কৰক ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here