Home নগাঁও বিধায়ক নুৰুল হুদাৰ প্ৰশংসনীয় পদক্ষেপ : আৰক্ষী নিযুক্তৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ...

বিধায়ক নুৰুল হুদাৰ প্ৰশংসনীয় পদক্ষেপ : আৰক্ষী নিযুক্তৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ মুকলি

115
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, গণ বাৰ্তা, ৰূপহীহাট, ১১ ছেপ্টেম্বৰ ঃ আজি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ ব্যৱস্থাপনাত তথা ৰূপহী মহাবিদ্যালয় আইকিউএচিৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অসম আৰক্ষী বিভাগত নিযুক্তিৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লক্ষ্যৰে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয় । ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভুৱনানন্দ পাটনায়কৰ সঞ্চালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিধায়ক নুৰুল হুদাই অংশগ্ৰহণ কৰি কয়, ‘কৃতকাৰ্যতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মনোযোগ আৰু আগ্ৰহ থাকিলে মানুহ সৃষ্টিশীল প্ৰতিভাৰ অধিকাৰী হ’ব আৰু সৃষ্টিশীলতাৰ জ্ঞানৰ বাট প্ৰশস্ত কৰি তুলিব।জ্ঞান আহৰণ কৰিব পাৰিলেই মানুহ সফলতাৰ জখলাত বগাব পাৰিব।’ বিৰামহীন চেষ্টাই সফলতা আনিব পাৰিব বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি লগতে কয়, নিজকে কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। তেওঁ নৱ-প্ৰজন্মক বৌদ্ধিক, শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’বলৈ আহ্বান জনায়। বিধায়ক হুদাই ছাত্ৰী-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সহায়ক হোৱাৰ বাবে ৰূপহী মহাবিদ্যালয়ৰ পুথিভঁৰালত ১ হাজাৰখন বিভিন্ন সহায়ক পুথিৰ যোগান ধৰিব বুলিও ভাষণ প্ৰসংগত মন্তব্য কৰে। প্ৰশিক্ষণ শিবিৰত বিশিষ্ট অতিথি তথা প্ৰশিক্ষক হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক আইনুল হকে অংশগ্ৰহণ কৰি কয়, ইংৰাজসকলে মানুহক অত্যাচাৰ কৰাৰ বাবে আৰক্ষীক ব্যৱহাৰ কৰিছিল। কিন্তু দেশ স্বাধীনতা লাভৰ পিছত আৰক্ষীক জনসাধাৰণৰ সামগ্ৰিক সুৰক্ষাৰ লগতে আইন শৃংখলা আৰু ভাতৃত্ববোধ ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছে। তেওঁ আৰক্ষী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত থকা সম্পৰ্কৰ বিষয়েও ব্যাখ্যা দাঙি ধৰে। তেওঁ লগতে উল্লেখ কৰে যে যেতিয়াই আৰক্ষীয়ে সততা আৰু নিষ্ঠাৰে কাম কৰিব, তেতিয়াই দেশখন আগবাঢ়ি যাব। শিবিৰত অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখে প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলক অসম আৰক্ষীত নিযুক্তি লাভ কৰাৰ কৌশল দাঙি ধৰাৰ লগতে মৌখিক আৰু লিখিত পৰীক্ষাৰ বিষয়ে মনোগ্ৰাহী ব্যাখ্যা দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আমন্ত্ৰিত অতিথি হিচাপে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সাধাৰণ সম্পাদক তথা দৈনিক ‘গণ অধিকাৰ’ কাকতৰ পৰিচালন সম্পাদক ছাহজাহান তালুকদাৰ উপস্থিত থাকি  অনুপ্ৰেৰণামূলক আৰু দুই শতাধিক গৃহ বিভাগৰ চাকৰিপ্ৰত্যাশীসকলৰ মনোবল বৃদ্ধি কৰা সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়ায়। সভাৰ অন্তত গৃহ বিভাগৰ চাকৰিপ্ৰত্যাশী প্ৰতিগৰাকীকে বিনামূলীয়া সহায়ক পুথি বিতৰণ কৰা হয়। ইপিনে, ইয়াৰ আগতে ৰূপহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী প্ৰবক্তা মইনামণি দেৱী আৰু ইকবাল হুছেইনৰ লিখিত ‘আধুনিক অসমীয়া সাহিত্য’ আৰু মহাবিদ্যালয়খনৰে ইংৰাজী বিভাগৰ সহযোযী অধ্যাপক ড০ ৰিয়াজুল হকৰ ‘ফিমেল আইডেনটিটী ইন কণ্টেম্পৰাৰী নভেলছ অৱ ইণ্ডিয়ান ৱমেন ৰাইটাৰ্ছ’ নামৰ গ্ৰন্থ দুখনি উন্মোচন কৰে বিধায়ক নুৰুল হুদাই। ৰূপহী মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ আব্দুল জলিল আৰু হাতীচোং মহাবিদ্যালয়ৰ প্ৰবক্তা নেকিবুৰ ৰহমানে আঁত ধৰা সভাখনত স্থানীয় বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকলৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here