Home স্থানীয় চাদগুৰিত কৰ’নাত মৃত্যু বৰণ কৰা পৰিয়ালৰ গৃহত উপস্থিত বিধায়ক ৰকিবুল ■...

চাদগুৰিত কৰ’নাত মৃত্যু বৰণ কৰা পৰিয়ালৰ গৃহত উপস্থিত বিধায়ক ৰকিবুল ■ চামগুৰিত কৰ’না ৰোগীৰ বাবে ৪ খন এম্বুলেন্স প্ৰদান

47
0

গনবাৰ্তা চামগুৰি, ২০ মে : নগাঁও জিলাৰ চামগুৰিত ক’ভিড আক্ৰান্ত সংখ্যাই ইতিমধ্যে প্ৰায় পাঁচ শতাধিকৰ ঘৰ স্পৰ্শ কৰিছে। চামগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গ্ৰামাঞ্চলৰ এই লোকসকল ক’ভিডত আক্ৰান্ত হৈ ইতিমধ্যে ঘৰত আছুতীয়াকৈ থকাৰ লগতে বহু কেইজন ৰোগী জিলা খনৰ বিভিন্ন ক’ভিড কেয়াৰ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ লগতে সংকট জনক বহু কেইজন গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ যোৱা ২৫ এপ্ৰিলত বৰদল মিকিৰ গাঁৱৰ আৰক্ষীৰ জোৱান বিমল হেৰে(৫২) ক’ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ পাছত পুনৰ একেটা পৰিয়ালৰে বিমল হেৰেৰ মাতৃ ৰীনা ওৰফে ৰেণু হেৰে(৭৭) আৰু শিক্ষয়িত্ৰী বায়েক সীমা হেৰে(৫৭)ৰ ১৫ মেৰ দিনা মৃত্যু হৈছিল। স্বাস্থ্য বিভাগৰ হাতত ৰীনা আৰু সীমা হেৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি তথ্য নাই বুলি প্ৰকাশ কৰাৰ বিপৰীতে ওচৰ চুবুৰীয়াই দুয়োগৰাকী মহিলা ক’ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে বুলি অভিযোগ কৰিছে।আজি পুৱা লাওখোৱা আৰু বাজিয়াগাঁও ব্লক কংগ্ৰেছ কাৰ্যালয়ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন উপস্থিত হৈ দুয়োটা ব্লকৰ অন্তৰ্গত পঞ্চায়ত এলেকা সমূহত ক’ভিডত আক্ৰান্ত হোৱা লোকক খবৰ লয় । চামগুৰি বিলপাৰত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লীলা কান্ত শইকীয়াৰ গৃহত আজি উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক জনে সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালটোলৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ লগতে পুষ্টিকৰ খাদ্য আৰু ঔষধ প্ৰদান কৰে। পৰিয়ালটোৰ আন কেইবাজনো সদস্য বৰ্তমানেও ক’ভিডত আক্ৰান্ত হৈ আছুতীয়াকৈ থকাৰ লগতে দেৱজিত নেওগ নামৰ যুৱকজন আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে। দেৱজিতৰ ঘৰৰ পদুলিত বিধায়ক হুছেইন উপস্থিত হৈ ফোন যোগে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ লগতো পৰিয়ালটোক বাৰ্তা লাপ কৰাই দিয়ে। লগতে প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক সিঙে ক’ভিডত মৃত্যু বৰণ কৰা লীলা কান্ত শইকীয়াৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে। বিধায়ক হুছেইনে সমষ্টিৰ ক’ভিড আক্ৰান্ত বহু কেইটা পৰিয়ালৰ গৃহত উপস্থিত হৈ পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে।ইপিনে ক’ভিডত আক্ৰান্ত হৈ শিঙ্গীয়া কেকূৰাচুকৰ নাট্যকৰ্মী যুৱক সমুদ্ৰ বৰা (৪২)ৰো যোৱা ২ মেত মৃত্যু হৈছিল। এই পৰিয়ালটোৰ গৃহতো চামগুৰিৰ বিধায়ক জন উপস্থিত হৈ সমবেদনা জ্ঞাপনৰ লগতে ব্যক্তিগত ভাবে আৰ্থিক কিছু অনুদান আগবঢ়ায়।

আজি পুৱা লাওখোৱা আৰু বাজিয়াগাঁও ব্লক কংগ্ৰেছ কাৰ্যালয়ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী হুছেইন উপস্থিত হৈ দুয়োটা ব্লকৰ অন্তৰ্গত পঞ্চায়ত সমূহলৈ ক’ভিড আক্ৰান্ত পৰিয়াললৈ মাস্ক, চেনিটাইজাৰ,ইমিউনিটি বৃদ্ধিৰ বাবে ভিটামিন প্ৰদান কৰিবলৈ দুজনকৈ কংগ্ৰেছ প্ৰতিনিধিৰ হাতত অৰ্পণ কৰে। চামগুৰি সমষ্টিত ক’ভিড ৰোগী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সুবিধাৰ বাবে ৪ খনকৈ এম্বুলেন্স দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here