Home স্থানীয় বিধায়ক সুৰেন ফুকনৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ দুই লাখ টকা দান

বিধায়ক সুৰেন ফুকনৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ দুই লাখ টকা দান

33
0

গণ বাৰ্তা,ডুমডুমা: ২৪ মে:তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ পৰা একেৰাহে দ্বিতীয় বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা  জনপ্ৰিয় বিধায়ক সুৰেন ফুকনে ক’ভিড পৰিস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই নিজাববীয়াকৈ দুই লাখ টকাৰ এখন চেক আজি দিছপুৰত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক সুৰেন ফুকনক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে, যোৱা বছৰো কৰ’নাৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ  অনুদান আগবঢ়োৱা বিধায়ক জনে নিজা উদ্যোগেৰে সমষ্টিৰ  তিন হাজাৰৰো অধিক লোকক লক ডাউনত খাদ্য দ্ৰব্যৰ যোগান ধৰিছিল।তেখেতে ৰাইজক এই মহামাৰীৰ সময়ত নীতি নিয়ম মানি চলিবলৈও আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here