Home Main Stories কৰোণাৰ নীতি নিয়ম মানি ঈদৰ নামাজ আদায় কৰাৰ আহ্বান বিধায়ক জাকিৰ হুছেইন...

কৰোণাৰ নীতি নিয়ম মানি ঈদৰ নামাজ আদায় কৰাৰ আহ্বান বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ

32
0

গণ বাৰ্তা, জাৰাবাৰী, ১৩মে ২১ : পবিত্ৰ ৰমজান মাহৰ শেষত কাইলৈ অৰ্থাৎ ১৪ মেত হবলগা ঈদ উল ফিটৰ উপলক্ষে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে সমষ্টিবাসীৰ লগতে অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। শুভেচ্ছা জ্ঞাপন কৰি বিধায়কজনে ইছলাম ধৰ্মালম্বীলোকসকলক উদ্দেশ্য কয় যে- এমাহজোৰা ধৈৰ্য ধৰি আমি ৰোজা পালন কৰিছো এই কৰোণাকালত গতিকে আৰু কিছুদিন ধৈৰ্য ধৰি আমি কৰোণাৰ যুজত অৱতীৰ্ণ হব লাগিব। তাৰবাবে আমি ঘৰত থাকি প্ৰশাসনে বান্ধি দিয়া নিয়ম নীতি মানি আমি ঘৰতে ঈদৰ নামাজ আদায় কৰা উচিত। তাৰোপৰি প্ৰতিজন মুছলমানে ঈদৰ নামাজ আদায় কৰি আল্লাহৰ ওচৰত পৃথিৱীৰ পৰা কৰোণা নি:শেষ হৈ যোৱাৰ বাবে দোৱা কৰি উচিত। লগতে সিকদাৰে কয় যে এই পবিত্ৰ ঈদৰ জৰিয়তে দেশৰ লগতে সৰুক্ষেত্ৰীতো হিংসা বিদ্বেষ নাইকীয়া হৈ সকলোৰে মাজত এক সুস্থ ভাতৃত্ববোধৰ বাতাবৰণ গঢ় লৈ ওঠক তাকে কামনা কৰো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here