Home অসম আধুনিক অসম নিৰ্মাণৰ ক্ষেত্ৰত লোকপ্ৰিয় বৰদলৈৰ অৱদান আছিল পৰ্বতসম: মুখ্যমন্ত্ৰী ৰাজ্যৰ ৯৯...

আধুনিক অসম নিৰ্মাণৰ ক্ষেত্ৰত লোকপ্ৰিয় বৰদলৈৰ অৱদান আছিল পৰ্বতসম: মুখ্যমন্ত্ৰী ৰাজ্যৰ ৯৯ গৰাকী অ-ৰাজপত্ৰিত বিষয়া-কৰ্মচাৰীলৈ লোকসেৱা বঁটা প্ৰদান

102
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ আগষ্ট ঃ
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২সংখ্যক পুণ্য তিথি উপলক্ষে ৰাজ্যজুৰি উদ্‌যাপিত লোক কল্যাণ দিৱসৰ সৈতে সংগতি ৰাখি দিছপুৰ খেলপথাৰত অনুষ্ঠিত লোকসেৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শনৰ লগতে কৰ্ম-সংস্কৃতি, নিয়মানুৱৰ্তিতা তথা দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰা অৰাজপত্ৰিত বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ সেৱাৰ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটা ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰিছে৷ এইবাৰ এনে ৯৯গৰাকী অৰাজপত্ৰিত বিষয়া-কৰ্মচাৰীলৈ লোকসেৱা বঁটা আগবঢ়োৱা হৈছে৷ এনে প্ৰতিগৰাকী বঁটাপ্ৰাপকৰ চাকৰিৰ কাৰ্যকাল এবছৰ বৃদ্ধি হোৱাৰ লগতে তেওঁলোকক একোখনকৈ স্মাৰক-পত্ৰসহ ২৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ অনুষ্ঠানত ইয়াৰে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে নিৰ্বাচিত ১০গৰাকী অৰাজপত্ৰিত বিষয়া-কৰ্মচাৰীলৈ লোকসেৱা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ব্যক্তিত্ব, স্বাধীনতা সংগ্ৰাম, কেবিনেট মিছনৰ আঁচনি ব্যৰ্থ কৰাত লোৱা ভূমিকা তথা এখন আধুনিক অসম নিৰ্মাণৰ ভেটি স্থাপনত তেওঁৰ অৱদান আদি সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে গোপীনাথ বৰদলৈৰ জীৱনটো আছিল ৰাজহুৱা সেৱাৰ বাবে আৰু তেওঁ সমগ্ৰ জীৱন অসমৰ ৰাজনৈতিক, সামাজিক তথা অৰ্থনৈতিক উত্তৰণৰ অৰ্থে উৎসৰ্গা কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে এগৰাকী ৰাজনৈতিক নেতা হিচাপে বৰদলৈৰ নেতৃত্বৰ সাৰ্থকতাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন হৈছে কেবিনেট মিছনৰ আঁচনি ব্যৰ্থ কৰাত তেওঁ প্ৰদৰ্শন কৰা বিচক্ষণতা৷ অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই প্ৰস্তাৱ ব্যৰ্থ কৰাত বৰদলৈৰ ভূমিকা আৰু অৱদান কৃতজ্ঞ অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ কেবিনেট মিছনৰ প্ৰস্তাৱ সফল হোৱা হ’লে অসমৰ মানচিত্ৰ আৰু ইতিহাসেও আন ৰূপ ল’লেহেঁতেন বুলি মন্তব্য কৰি তেওঁ কয় যে কেন্দ্ৰীয় কংগ্ৰেছৰ নিৰ্দেশকো অমান্য কৰি অসমক জগাই তোলা আৰু পৰোক্ষভাৱে কেবিনেট মিছনৰ সেই সমগ্ৰ আঁচনিকে ব্যৰ্থ কৰাৰ প্ৰধান কৃতিত্ব নিঃসন্দেহে বৰদলৈৰ৷ সেই সময়ত মহাত্মা গান্ধীৰ সহায়ৰ দৰেই সৰ্বভাৰতীয় নেতা হিচাপে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সমৰ্থনো গোপীনাথ বৰদলৈ আৰু অসমৰ ৰাইজৰ বাবে সহায়ক হৈছিল বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে দেশ বিভাজন আৰু স্বাধীনতাৰ পিছতো অসমৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে বৰদলৈয়ে যুঁজ অব্যাহত ৰাখিছিল৷ নগাপাহাৰ, মিজোপাহাৰ জিলা, খাচিয়া-জয়ন্তীয়া পাহাৰ, গাৰোপাহাৰ আৰু মিকিৰ পাহাৰৰ শাসন ব্যৱস্থা সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা অথবা অসমৰ ভৈয়ামত বসবাস কৰা জনজাতীয় লোকসকলক ‘প্লেইন্‌ছ ট্ৰাইবেল’ হিচাপে সুকীয়া সাংবিধানিক স্বীকৃতিৰ ব্যৱস্থা কৰা আদি প্ৰতিটো ক্ষেত্ৰতে বৰদলৈয়ে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি চিৰকাললৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলবাসীৰ অন্তৰত সুকীয়া চাপ এৰি যাবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পৰৱৰ্তী কালত মাত্ৰ তিনিবছৰীয়া কাৰ্যকালত বৰদলৈ চৰকাৰে আন্তঃগাঁথনিৰ দিশত এক অভূতপূৰ্ব পৰিৱৰ্তন আনি অসমক এখন আধুনিক ৰাজ্য হিচাপে গঢ় দিয়াৰ পৰিকাঠামো নিৰ্মাণ কৰিছিল৷ এখন আধুনিক অসম নিৰ্মাণৰ ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদান পৰ্বতসম আছিল বুলি অভিহিত কৰি তেওঁ স্বাধীনতাৰ আগত বৰদলৈয়ে পমুৱা মুছলমানৰ আগ্ৰাসনৰ পৰা অসমক ৰক্ষা কৰাৰ দিশত লোৱা ভূমিকাৰ কথাও উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী মহান ব্যক্তিক অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে আৰু তেওঁৰ পুণ্য তিথিত লোক কল্যাণ দিৱস উদ্‌যাপনে বৰদলৈৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আৰু তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ সংকল্পবদ্ধ হোৱাৰ বাবে অসমবাসীক সুযোগ প্ৰদান কৰিছে৷ প্ৰসংগক্ৰমে তেওঁ মন্তব্য কৰে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈক তদানীন্তন অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতৰত্নৰে বিভূষিত কৰি তেওঁক সমসাময়িক অসমৰ ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত পুনৰ প্ৰাসংগিক কৰি তুলিছিল৷ উল্লেখ্য যে অসম চৰকাৰে লোক কল্যাণ দিৱসৰূপে উদ্‌যাপন কৰা আজিৰ দিনটোতে সদ্ভাৱনা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে চৰকাৰ এখনক যেতিয়া ৰাইজে লোকসেৱাৰ মাধ্যম হিচাপে নাভাবে বৰং বোজা হিচাপেহে গণ্য কৰে, তেনে অৱস্থাত গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে৷ যিকোনো সমস্যা আৰম্ভণিতে যদি মোকাবিলা কৰিব পৰা যায় তেতিয়া তেনেবোৰ সমস্যা জটিলৰূপে আত্মপ্ৰকাশ কৰিব নোৱাৰে৷ এনে চিন্তা সন্মুখত ৰাখিয়েই ৰাজ্য চৰকাৰে সদ্ভাৱনা প্ৰকল্প আৰম্ভ কৰিছিল যাতে অসম সচিবালয়ক এখন আদৰ্শ কৰ্মস্থলী তথা ৰাজহুৱা সেৱা প্ৰদানৰ নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিব পৰা যায়৷ তেওঁ সদৰী কৰে যে এই সদ্ভাৱনা প্ৰকল্পৰ অধীনত ৰাজ্য চৰকাৰে জনসাধাৰণৰ পৰা যিমান অভিযোগ লাভ কৰিছিল সেই সকলোৰে ১০০ শতাংশই কালি সন্ধিয়ালৈকে নিষ্পত্তি কৰা হৈছে৷ তেওঁ কয় যে এই সময়ছোৱাত সচিবালয়ত প্ৰায় ৩.২৪ লাখ ফাইলৰ ২.৭৫ লাখ ফাইল নিষ্পত্তি কৰা হৈছে৷ ইয়াৰে কিছুসংখ্যক ফাইল স্থায়ীভাৱে ৰখা হ’ব, কিছুসংখ্যক ফাইল আৰ্কাইভত ৰখা হ’ব৷ আনহাতে, ভৱিষ্যতে প্ৰয়োজন নথকা কিছুসংখ্যক ফাইল নষ্ট কৰি পেলোৱাৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰে৷ আগন্তুক ২ অক্টোবৰৰ পৰা অসম সচিবালয় সম্পূৰ্ণ ‘ডিজিটেলাইজড্‌’ হ’ব বুলি ঘোষণা কৰি তেওঁ কয় যে এই পদক্ষেপৰ ফলত ৰাজ্যৰ যিকোনো অঞ্চলৰ জনসাধাৰণে সচিবালয়লৈ নহাকৈয়ে অনলাইন ব্যৱস্থাৰ জৰিয়তে নিজ আবেদন বা অভাৱ-অভিযোগ দাখিল কৰিব পৰিব আৰু সেইমৰ্মে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে সু-শাসন হৈছে আশাৰ পোহৰৰ দৰে৷ একমাত্ৰ সু-শাসনৰ জৰিয়তে আমি আমাৰ অসমখন আগুৱাই নিব পাৰিম৷ দুৰ্নীতিৰ পৰা দূৰৈত থাকি জনকল্যাণৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি প্ৰতিটো দিনেই ৰাজহুৱা সেৱাৰ বাবে উৎসৰ্গা কৰিবলৈও ড॰ শৰ্মাই ৰাজ্যৰ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰতি আহ৩ান জনায়৷ ভাষণ প্ৰসংগত তেওঁ ঘোষণা কৰে যে অসম সচিবালয়ৰ প্ৰতিটো ভৱনতে এগৰাকীকৈ ন’ডেল বিষয়া নিযুক্ত কৰি সমগ্ৰ সচিবালয় পৰিসৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব৷ তেনেদৰে সচিবালয়ত কৰ্মৰত মহিলা কৰ্মচাৰীসকলৰ যিসকলৰ শিশু আছে তেওঁলোকৰ সুবিধাৰ্থে শিশুৰ ওমলা ঘৰ [ক্ৰেছ]ৰ ব্যৱস্থা, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া আৰু অসম অসামৰিক সেৱাৰ বিষয়াৰ জিৰণি তথা বাৰ্তালাপৰ সুবিধাৰ্থে বিশেষ কক্ষ নিৰ্মাণ আৰু সচিবালয়ৰ কৰ্মচাৰীসকলৰ যাতায়াতৰ সুবিধাৰ্থে বিনামূলীয়া বাছসেৱা প্ৰৱৰ্তন কৰা হ’ব বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত সাধাৰণ প্ৰশাসন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মুখ্য সচিব জিষ্ণু বৰুৱা, অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, প্ৰশাসনিক সংস্কাৰ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনৰ প্ৰাংগণত সদ্ভাৱনা প্ৰকল্পৰ অধীনত নিৰ্মিত অস্থায়ী নথিগৃহ আৰু জনতা ভৱনৰ সুৰক্ষাৰ অৰ্থে সংস্থাপিত চি চি কেমেৰা ব্যৱস্থাৱলীও আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি পুৱা গুৱাহাটীৰ নৱগ্ৰহস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলত উপস্থিত হৈ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সহধৰ্মিণী সুৰবালা বৰদলৈৰ সমাধিতো পুষ্পাঞ্জলি অৰ্পণ কৰে৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে লোক কল্যাণ দিৱস উপলক্ষে নৱগ্ৰহত অনুষ্ঠিত কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তদানীন্তন ছাদুল্লা চৰকাৰ নীতিৰ ফলত অসমলৈ বৃহৎসংখ্যক প্ৰব্ৰজনকাৰী অসমলৈ অহাৰ সুযোগ লাভ কৰিছিল৷ এই প্ৰব্ৰজনকাৰীৰ হেঁচাৰ ফলত দেশৰ অবিচ্ছেদ্য অংগ হিচাপে চিৰকালৰ বাবে থকা অসমে পূব পাকিস্তানৰ লগত সংলগ্ন হোৱাৰ উপক্ৰম ঘটিছিল৷ গোপীনাথ বৰদলৈৰ দৃঢ় স্থিতিৰ বাবে অসম ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিবলৈ সক্ষম হৈছিল বুলিও তেওঁ কয়৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আলাবৈ ৰণত দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া বীৰসকললৈও শ্ৰদ্ধা জ্ঞাপন কৰে৷ নৱগ্ৰহত অনুষ্ঠিত অনুষ্ঠানটোত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰায়, গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here