Home অসম উচ্ছেদৰ বিৰোধীতাৰে লাঠিমাৰী চৰত সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ ধৰ্মঘট: পুনৰ সংস্থাপন অবিহনে...

উচ্ছেদৰ বিৰোধীতাৰে লাঠিমাৰী চৰত সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ ধৰ্মঘট: পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কাৰ্য সহ্য কৰা নহ’ব- মহম্মদ আলী খলিফা

141
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৩০ নৱেম্বৰ : চৰ অঞ্চলৰ খাটিখোৱা ৰাইজক চৰকাৰে উচ্ছেদ চলোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি জুৰীয়াৰ সমীপৱৰ্তী লাঠিমাৰী চৰত সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ সংগঠনটোৱে চৰ চাপৰি ৰাইজক উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰা, চৰ অঞ্চলসমূহত উচ্ছ শিক্ষাৰ ব্যৱস্থা কৰা, চৰবাসীক মাটিৰ পট্টা প্ৰদান কৰা, চৰৰ সীমা নিৰ্ধাৰণ কৰা আদিকে ধৰি ৬দফীয়া দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ সংগঠনটোৰ জিলা সভাপতি এহিয়া হাছানে কে’বাশতাধিক সংখ্যালঘু ৰাইজৰ সন্মুখত ৰাজনৈতিক দলবোৰৰ বিৰুদ্ধে তীৰ্যক মন্তব্য প্ৰদান কৰি কয় যে সংখ্যালঘু ৰাইজৰ এই দুৰ্দশাৰ সময়ত কোনো এটা ৰাজনৈতিক দলেই সংখ্যালঘু ৰাইজৰ মাজত নাই৷ কেৱল ভোটৰ অংকত ব্যস্ত সকলো বুলি মন্তব্য কৰে৷ সংগ্ৰাম পৰিষদৰ ৰাজ্যিক সভাপতি মহম্মদ আলী খলিফাই কয়, বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰাই সংখ্যালঘু ৰাইজক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে৷ যতেই দাড়ি, লুঙী থকা মানুহ আছে তাতেই উচ্ছেদৰ দৰে অমানৱীয় কাম কাম কৰি সংখ্যলঘু ৰাইজক অযথা অত্যাচাৰ কৰি আহিছে৷ আমি উচ্ছেদৰ বিৰোধী নহয় বুলি মন্তব্য কৰি খলিফাই কয়, চৰাঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি বিভিন্ন চবজি খেতি কৰি অসমৰ অৰ্থনৈতিক ভাণ্ডাৰ টনকিয়াল কৰাত সহায় কৰি আহিছে৷ সেয়ে উচ্ছেদৰ পূৰ্বে মানুহখিনিক সংস্থাপন দিয়াৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা উচিত৷ পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কাৰ্য সহ্য কৰা নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে৷ তেওঁ লগতে কয়, শোণিতপুৰ আৰু নগাঁও জিলাৰ সীমামূৰীয়া চৰাঞ্চলসমূহত ১৬খন প্ৰাথমিক বিদ্যালয়কে ধৰি অংগনবাদী কেন্দ্ৰ আৰু বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে৷ সেই শিক্ষানুষ্ঠান সমূহত বৰ্তমান পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে৷ সেয়া এই ক্ষেত্ৰত চৰকাৰে বাবে বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে৷ লগতে ধৰ্মঘটস্থলীত অংশগ্ৰহণ কৰি সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিকে কয়, খাটি খোৱা চৰাঞ্চলৰ লোক উচ্ছেদৰ পৰিৱৰ্তে অতি সহজ সৰল লোকক দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰা মাতাব্বৰীৰাজ বন্ধ কৰাৰ লগতে ভু-মাফিয়াৰাজো বন্ধ কৰিব লাগে৷ বিকল্প সংস্থাপন অবিহনে চৰাঞ্চলত উচ্ছেদ কৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে৷ আজিৰ প্ৰতিবাদত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা দেখা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here