Home স্থানীয় যোৰহাটৰ বালিগাঁৱৰ প্ৰবীন বাওঁপন্থী নেতা, কৃষক নেতা তথা বিশিষ্ট সমাজকৰ্মী মোহন বৰাৰ...

যোৰহাটৰ বালিগাঁৱৰ প্ৰবীন বাওঁপন্থী নেতা, কৃষক নেতা তথা বিশিষ্ট সমাজকৰ্মী মোহন বৰাৰ দেহাৱসান: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ দেহদান সম্পন্ন

137
0

ইলোৰা বিজ্ঞান মঞ্চৰ শোক প্ৰকাশ

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১৮ জুন : যোৰহাটৰ বালিগাওঁ অঞ্চলৰ প্ৰবীন বাওঁপন্থী নেতা, কৃষক নেতা তথা বিশিষ্ট সমাজকৰ্মী মোহন বৰাৰ (৯০ বছৰ) কালি ১৭ জুন তাৰিখে বাৰ্ধক্যজনিত কাৰণত যোৰহাটৰ নিজ বালিগাওঁ স্থিত নিজ গৃহত দেহাৱসান হয়। ৭০ দশকতে কৃষক আন্দোলনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হোৱা মোহন বৰা পিছলৈ নিখিল ভাৰত কৃষক সভাৰ যোৰহাট জিলা সমিতিৰ সম্পাদকৰ দ্বায়িত্ব বহন কৰিছিল। মাজতে তেখেত পঞ্চায়তৰ সচিব পদৰ এটা চৰকাৰী চাকৰিত নিযুক্ত হৈছিল। পিছত এই চাকৰি ত্যাগ কৰি তেখেত কৃষক আন্দোলনৰ লগত অধিক সক্ৰিয়তাৰে যুক্ত হৈ পৰে। পিছলৈ তেখেত ভাৰতৰ কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) ৰ জড়িত হৈ জিলা সমিতিৰ সদস্যৰ দায়িত্বও বহন কৰিছিল। অসম আন্দোলনৰ সময়ছোৱাত তেখেত আৰু তেখেতৰ পৰিয়ালে উগ্ৰজাতীয়তাবাদী শক্তিৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল। বালিগাঁৱৰ লগতে বৃহত্তৰ পহুমৰা অঞ্চলৰ কৃষকৰ মাটিৰ অধিকাৰ আন্দোলনৰ ক্ষেত্ৰত প্ৰয়াত বৰাৰ উল্লেখযোগ্য অৱদান আছিল। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত তেখেতৰ নেতৃত্বত আন্দোলন কৰি যোৰহাট জিলাৰ বহু কৃষকে মাটিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এনে ৰাজনৈতিক সক্রিয়তাৰ উপৰিও প্ৰয়াত মোহন বৰা সামাজিকভাৱেও অতি সক্ৰিয় ব্যক্তি আছিল। নিজবালিগাওঁ প্ৰথমিক বিদ্যালয়, সেই অঞ্চলৰ পুথিভঁৰাল, সমবায় সমিতি আদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মোহন বৰা এজন মূখ্য উদ্যোক্তা আছিল।

মৃত্যুৰ সময়ত মোহন বৰাই তিনিজন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ আত্মীয়-স্বজনৰ লগতে অসংখ্য গুণমুগ্ধক এৰি গৈছে। প্ৰয়াত মোহন বৰাই চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ অৰ্থে মৰণোত্তৰ দেহদান কৰি থৈ গৈছিল। বৰ্তমানৰ কভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেখেতৰ দেহৰ কভিড পৰীক্ষাৰ অন্তত নিগেটিভ ফলাফল অহাত আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শৰীৰতত্ব বিভাগত তেখেতৰ দেহদান কৰা হয়। আজি তেখেতৰ শেষকৃত অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ কাৰ্যকৰী সভাপতি নিৰ্মল চন্দ্ৰ গগৈ আৰু সম্পাদক ঋতুপৰ্ণ গোস্বামীকে ধৰি মঞ্চৰ অন্যতম সদস্য পিনাকী সেনগুপ্ত, পংকজ তামুলী, বিদ্যাধৰ কলিতা উপস্থিত থাকি মঞ্চৰ তৰফৰ পৰা তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। তেখেতৰ মৰণোত্তৰ দেহদানৰ কাৰ্যসূচীত পৰিয়াল-বন্ধুবৰ্গ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ কৰ্মকৰ্তাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰত্ন তালুকদাৰ আৰু শৰীৰতত্ব বিভাগৰ অধ্যাপক ডঃ ৰজত শইকীয়া উপস্থিত থাকি মোহন বৰাৰ পৰিয়ালবৰ্গক চিকিৎসালয়ৰ তৰফৰ পৰা এখন ধন্যবাদসূচক পত্ৰ প্ৰদান কৰে। ইলোৰা বিজ্ঞান মঞ্চই মোহন বৰাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল আত্মীয়-স্বজন আৰু গুণমুগ্ধসকলৰ প্ৰতিও সমবেদনা জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here