Home Main Stories বানত আক্ৰান্ত ৩২ লক্ষাধিক লোক: ভূটান-মেঘালয়ৰ পানীৰ ধলৰ নামনিত তাণ্ডৱ

বানত আক্ৰান্ত ৩২ লক্ষাধিক লোক: ভূটান-মেঘালয়ৰ পানীৰ ধলৰ নামনিত তাণ্ডৱ

80
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ জুন ঃ
ৰাজ্যত বানৰ তাণ্ডৱ ৰূপত এতিয়া চকুৰে সৰিয়হৰ ফুল দেখিছে ৰাজ্যবাসীয়ে৷ বিগত এসপ্তাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সম্প্ৰতি ৰাজ্যৰ ৩২খনকৈ জিলা পানীৰ তলত৷ বৰপেটা, বজালী, বিশ্বনাথ, বাক্সা, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাচাও, গোৱালপাৰা, গোলাঘাট, হোজাই, কামৰূপ, কামৰূপ [ম], কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিত বানে তাণ্ডৱ অব্যাহত ৰাখিছে৷ বিশেষকৈ নামনি অসমত ভূটানৰ নদীবান্ধৰ পানীয়ে এখনৰ পিছত আনখন গাঁও বুৰাই আছে৷ এতিয়াও কে’বাখনো গাঁৱলৈ বান সম্প্ৰসাৰিত হৈ আহিছে৷ ৰাজ্যত ১২০টা ৰাজহ চক্ৰলৈ বান সম্প্ৰসাৰিত হৈছে৷ উল্লেখ্য যে এতিয়ালৈকে ৰাজ্যত প্ৰায় চ্ছ্ৰ,৩০০খন গাঁও বানৰ কবলত পৰিছে৷ বজালী জিলাত ১৭৩, বৰপেটাত, ৫৮চ্ছ্ৰ, গোৱালপাৰাত ২৮৪, ধুবুৰীত, ৪৩৯, কামৰূপ [গ্ৰাম্য] ২৮৩, কোকৰাঝাৰত ১৭৮, নলবাৰীত ৩৫৪খন গাঁও জলমগ্ন হৈছে৷ উল্লেখ্য যে ভূটান আৰু মেঘালয়ৰ পানীয়ে বৰপেটা, নলবাৰী, বঙাইগাঁও, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত ব্যাপক সংহাৰী ৰূপ লৈছে৷ আজি বৰষুণ এৰিছে যদিও ধলপানীৰ বাবে কামৰূপ, বৰপেটা আৰু নলবাৰী বানৰ প্ৰবলতা বাঢ়িয়ে আছে৷ উল্লেখ্য যে ৰাজ্যত প্ৰলয়ংকৰী বানত এতিয়ালৈ ৩২ লাখ লোক আক্ৰান্ত হৈছে৷ তদুপৰি ৬৬,৪৫৫ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে৷ ইপিনে, বানৰ ফলত ২৫ লাখ ৫৪হাজাৰ ৪৬০টা পশুধন আক্ৰান্ত হৈছে৷ আনহাতে বানৰ ফলত ৰাজ্যত ১৪টা মথাউৰি বিভিন্ন স্থানত ছিগিছে৷ ভূটানৰ পৰা অহা পানীয়ে নলবাৰীত প্তটা মথাউৰি উটুৱাই নিছে৷ একেদৰে শিৱসাগৰত তিনিটা, লখিমপুৰত এটা, কোকৰাঝাৰত এটা, কামৰূপত এটা, দৰঙত দুটা, বজালীত এটা মথাউৰিছিগি নিছে৷ ইপিনে, বানে অঞ্চলজুৰি বাট-পথৰ বিভিন্ন অংশ ছিঙি নিয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ তদুপৰি কে’বাস্থানত আৰচিচি দলং উটুৱাই নিছে৷ ৰাজ্যত ২৩০টা পথ বানে বিভিন্ন অংশত ছিগি নিছে৷ বৰপেটাত ৪৬টা, বঙাইগাঁৱত ২৮টা, ধুবুৰীত ৩২টা, নলবাৰীত ৩১টা পথ উটুৱাই নিছে৷ ইপিনে, বানৰ ফলত বজালীত দুখন, মৰিগাঁৱত এখন, নলবাৰীত এখন, শোণিতপুৰত এখন দলং ক্ষতিগ্ৰস্ত হৈছে৷ ইতিমধ্যে এনডিআৰএফ আৰু এছডিআৰএফ সেনাবাহিনী নিয়োজিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰখা হৈছে৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজ্যত ১৮৬টা অস্থায়ী সাহায্য শিবিৰ স্থাপন কৰা হৈছে৷ লক্ষণীয় যে বানৰ বাবে নামনি অসমৰ বিভিন্ন স্থানত বিদ্যালয়সমূহ বন্ধ কৰা হৈছে৷ কামৰূপত ভূটান আৰু মেঘালয়ৰ ধলপানী আজি বিয়লি বেলাৰ পৰা বান পৰিস্থিতি বৃদ্ধি ঘটাত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে¸৷ ইপিনে, আজি গুৱাহাটীত কে’বাস্থানতো ভূমি¦খলনৰ ঘটনা সংঘটিত হয়৷ কামাখ্যা নাৰ্ছাৰীত ভূমি¦খলন ঘটি ৰে’লপথ অৱৰুদ্ধ হৈ পৰে৷ আনহাতে, মহানগৰীৰ জ্যোতিনগৰৰ গণেশনগৰত প্ৰফুল্ল বণিয়াৰ ঘৰত ভূমি¦খলনৰ ফলত বণিয়াৰ তিনিটাকৈ কোঠা সম্পূৰ্ণৰূপে পোত যায়৷ উল্লেখ্য যে উক্ত কোঠা তিনিটাত চাৰিজনীয়া পৰিয়ালটোৱে বাস কৰি আছিল যদিও আজি বাহিৰলৈ যোৱা বাবে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে৷ একেদৰে নুনমাটিৰ আনন্দনগৰ আৰু বিজয় নগৰতো ভূমি¦খলন হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here