Home অসম টোপাতলীত পশুধনৰ আলৈ-আথানিঃ গোশালাত খাদ্য-চিকিৎসাৰ অভাৱত ৩০টাতকৈ অধিক গোধনৰ মৃত্যু

টোপাতলীত পশুধনৰ আলৈ-আথানিঃ গোশালাত খাদ্য-চিকিৎসাৰ অভাৱত ৩০টাতকৈ অধিক গোধনৰ মৃত্যু

304
0

জাগীৰোড, ২৮ মাৰ্চ ঃ টোপাতলীৰ এটা অস্থায়ী গোশালাত মৃত্যু হয় ৩০টাতকৈ অধিক গোধনৰ। খাদ্য, খোৱাপানী আৰু চিকিৎসাৰ অভাৱত ইটোৰ পিছত সিটো গোধনৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা গোধনসমূহ ৰখা হৈছিল মৰিগাওঁ-কামৰূপ সীমান্তৱৰ্তী টোপাতলীৰ এটা অস্থায়ী গোশালাত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অবৈধভাৱে সৰবৰাহ কৰাৰ সময়ত জব্দ কৰা হৈছিল এই গোধনসমূহ। তাৎপৰ্যপূৰ্ণভাৱে যোৱা এমাহৰ ভিতৰত উপযুক্ত খাদ্যৰ অভাৱত মৃত্যু হৈছে ৩০টাতকৈ অধিক গোধনৰ। চোৰাং গৰুৰ অবৈধ ব্যৱসায় ৰোধ কৰিবলৈ আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই ট্ৰাকে ট্ৰাকে জব্দ কৰিছে চোৰাং গৰুসমূহ। এফালে চোৰাং গৰু জব্দ কৰি আৰক্ষীয়ে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে যদিও আনফালে উপযুক্ত খাদ্যৰ অভাৱত গৰুৰ মৃত্যুৰ ঘটনাই হতচকিত কৰিছে স্থানীয় লোকক। যোৱা এটা মাহতে উপযুক্ত খাদ্যৰ অভাৱত মৃত্যু হৈছে ৩০টা গোধনৰ। ক্ষেত্ৰী আৰক্ষীয়ে জব্দ কৰিছিল এই গোধনসমূহ। একাংশই গো সুৰক্ষাৰ দাবী তুলি অহাৰ সময়তে খাদ্যৰ অভাৱত ছট্‌ফটাই মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা গোধনক লৈ চিন্তিত সচেতন মহল। অনাহাৰে মৃত্যু হোৱা গোধনক খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰি গো সুৰক্ষাৰ দাবী তুলিছে স্থানীয় লোকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here