Home বৰপেটা কলগাছিয়াত দ্বিতীয় দিনাও ভাৰত বন্ধৰ সমৰ্থনত চি আই টি ইউ ৰ তিনি...

কলগাছিয়াত দ্বিতীয় দিনাও ভাৰত বন্ধৰ সমৰ্থনত চি আই টি ইউ ৰ তিনি শতাধিক মহিলা কৰ্মীৰ উত্তাল প্ৰতিবাদ

389
0

গণ বাৰ্তা, কলগাছিয়া, ২৯ মাৰ্চ:  বিজেপি চৰকাৰৰ জনবিৰোধী নীতি বাতিল কৰাৰ দাবীৰ লগতে শ্ৰমিক কল্যাণ আইন চালু কৰাৰ দাবীত ১১ টাকৈ ট্ৰেডইউনিয়ন আৰু ১৪ টাকৈ কৰ্মচাৰী ফেডাৰেচনে দেশ ব্যাপী দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ লগতে ভাৰত বন্ধৰ আহ্বান জনাইছিল যদিও কালি চকা বন্ধ কৰাৰ লগতে আজিও কলগাছিয়াত প্ৰায় তিনি শতাধিক মহিলা শ্ৰমিকে বেনাৰ পোষ্টাৰ লৈ সমদল ওলিয়াই ভাৰত বন্ধৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে। আন্দোলনকাৰী মহিলা সকলে- মূল্যবৃদ্ধি ৰোধ কৰক, বেংক বিমা ব্যক্তিগতকৰণ কৰা বন্ধ কৰক, মাননিৰ সলনি মজুৰি দিয়ক, আমাৰ দাবী মানি লওক আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। আন্দোলনকাৰী সকলক কলগাছিয়া আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। সমগ্ৰদেশৰ লগতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত বিজেপি চৰকাৰৰ জনবিৰোধী নীতি বাতিল কৰাৰ দাবীৰ লগতে মটৰ শ্ৰমিক কল্যাণ আইন চালু কৰাৰ দাবীত শ্ৰমিক ইউনিয়নে ভাৰত বন্ধৰ সমৰ্থনত চকা বন্ধ কাৰ্য্যসূচী পালন কৰে। কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়ন আৰু চি আই টি ইউৰ উদ্যোগত কলগাছিয়াতো শান্তিপূৰ্ণ ভাবে বন্ধ পালন কৰা হয় যদিও বন্ধ সমৰ্থক সকলক কলগাছিয়াৰ আৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। ভাৰতবৰ্ষৰ সৰ্ববৃহত ১১ টাকৈ ট্ৰেড ইউনিয়ন আৰু ১৬ টাকৈ কৰ্মচাৰী ফেডাৰেচনে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনসাধাৰণ বিৰোধী নীতি সমূহ বাতিল কৰাৰ লগতে মটৰ শ্ৰমিক কল্যাণ আইন চালু কৰাৰ দাবীত আহ্বান জনাইছে দেশজোৰা দুদিনীয়া সাধাৰণ ধৰ্মঘট। তাৰ অংশ হিচাপে বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বৃহত্তৰ কলগাছিয়াতো পালন কৰা হয় ১৪ দফীয়া দাবীৰ ভিত্তিত ভাৰত বন্ধ। ভাৰত বন্ধৰ সমৰ্থনত কলগাছিয়াত আজি প্ৰায় তিনি শতাধিক মহিলা আন্দোলনকাৰী সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। ইফালে, বৃহত্তৰ কলগাছিয়াৰ লগতে খৰিচালা, বামুনটাৰী, লাংলা, বৰভিটা, মইনবড়ী, বালাগাওঁ আদি ঠাইত চকা বন্ধ কৰাৰ লগতে সমগ্ৰ দোকান পোহাৰ বন্ধ কৰি দেশজোৰা সাধাৰণ ধৰ্মঘট পালন কৰে। এই আন্দোলনৰ প্ৰতি সদৌ অসম অঙ্গনৱাড়ী কৰ্মী সহসিকা সন্হাৰ কৰ্মীসকল, আশা কৰ্মীসকল আৰু মহ্নন্যভোজনৰ ৰান্ধনী কৰ্মীসকলেও এই আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই ৰাজপথলৈ ওলাই আহি আন্দোলনত অংশ গ্ৰহণ কৰে। বিজেপি চৰকাৰৰ জনবিৰোধী  নীতিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে আন্দোলনকাৰী সকলে শেষত আন্দোলনকাৰী পুৰুষ মহিলা সমৰ্থনকাৰী সকলক কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তেৱাৰীয়ে গ্ৰেপ্তাৰ কৰি কলগাছিয়াল আৰক্ষী থানালৈ লৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here