ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২১ নৱেম্বৰ : দৰং জিলাৰ বিভিন্ন স্থানত আজি কেইবাটাও পৃথক পৃথক ঘটনাত ৫ জনকৈ যুৱক, কিশোৰ আৰু মহিলাই প্ৰাণ হেৰুৱাব লগা হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি মঙলদৈ নগৰৰ নিকটৱৰ্তী বনিয়াপাৰাৰ ডিম্ব ওৰফে দীপজ্যোতি বৈশ্যৰ আউলাচৌকাত এক পথ দুৰ্ঘটনাত যোৱা নিশা মৃত্যু ঘটে। আনহাতে মঙলদৈ শলালপাৰাৰ জোন ওৰফে ইন্দ্ৰনীল বড়াৰ গুৰুতৰ ভাৱে আহত হৈ গুৱাহাটীৰ নাৰায়না হাস্পাতালত অকাল বিয়োগ ঘটে। ইপিনে দৰং জিলাৰ নামখলাৰ প্ৰাঞ্জল কলিতা নামৰ এজন যুৱকক নিশা ঘৰৰ পৰা মোমায়েকৰ পুত্ৰই মাতি নিয়াৰ পাছত নিকটৱৰ্তী খৈৰাবাৰীত মুমুৰ্ষ অৱস্হাত ৰহস্যজনকভাৱে উদ্ধাৰ হয় । পিছত ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনাৰ পাছত চিকিৎসালয়তে মৃত্যু ঘটে । ইফালে মঙলদৈ নগৰৰ নিকটৱৰ্তী জলজলিৰ ১৫ বছৰীয়া কিশোৰ ৰক্তিম ডেকাৰ পানীত ডুবি আৰু দেওমৰনৈ ঝাকুৱাপাৰা গাৱৰ ৰূপালী ডেকাৰ অকালতে মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । এইদৰে একেদিনাই উঠি অহা যুৱক, কিশোৰকে ধৰি পাচ গৰাকী লোকৰ আকষ্মিক মৃত্যুৱে ব্যথিত কৰি তুলিছে ৰাইজক ।