Home স্থানীয় ঢেকীয়াজুলিৰ ৰঙাগঢ়া পথাৰত ধান খেতিত জুই: ৫০ বিঘাতকৈ অধিক মাটিৰ ধান খেতি...

ঢেকীয়াজুলিৰ ৰঙাগঢ়া পথাৰত ধান খেতিত জুই: ৫০ বিঘাতকৈ অধিক মাটিৰ ধান খেতি বিনষ্ট

89
0


গণ বাৰ্তা বিশেষ, ঢেকীয়াজুলি, ২৯ নৱেম্বৰ : ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ মেধিচুবুৰী-ৰঙাগঢ়াত আজি দিনৰ ১০মান বজাত হুৱা- দুৱা লাগে গাওঁবাসীৰ মাজত ৷অঞ্চলটোৰ বিস্তৃৰ্ণ কৃষি ভূমিৰ ধান খেতিত দাও দাওকৈ জুই দেখি হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয় ৰাইজৰ মাজত ৷ধান পথাৰত বিধবংসী অগ্নিকাণ্ডত প্ৰায় ৫০বিঘাতকৈ অধিক মাটিৰ ধান খেতি জ্বলি ছাঁই হয়৷অভিযোগ অনুসৰি স্থানীয় এজন লোকে ধান পথাৰত নৰাত জুই লগোৱাত হঠাৎ জুই বিয়পী পৰে কাষৰীয়া পথাৰৰ ধান খেতিত ৷ফলত নিমিখতে জ্বলি ছাঁই হয় স্থানীয় কেইবাজনো কৃষকৰ ৫০বিঘাতকৈ অধিক মাটিৰ ধান খেতি৷ইপিনে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু গাওঁবাসীৰ তৎপৰতাত বহু সময়ৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ধান খেতিত এই জুই লগাৰ ফলত সমূলি নষ্ট হয়৷ইপিনে এই অবিবেচক কাণ্ড সংঘটিত কৰা কোলেন নামৰ লোক জন পলায়ন কৰে৷আঘোণৰ পথাৰত সোন গুটি চপোৱাৰ সময়তে ধাননি পথাৰত এই ঘটনা সংঘটিত হোৱাত ক্ষতিগ্ৰস্ত কৃষক সকলে এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে৷ভূক্তভোগি কৃষকে কেইজনে ঘটনা সন্দৰ্ভত ঢেকীয়াজুলি আৰক্ষীৰ কাষ চাপি ন্যায়ৰ দাবী কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here