Home Main Stories জাগীৰোডত কভিড পৰীক্ষা নকৰাকৈ বিবেক এক্সপ্ৰেছৰ ৫ শতাধিক কেৰেলাৰ পৰা অহা ৰেলযাত্ৰীৰ...

জাগীৰোডত কভিড পৰীক্ষা নকৰাকৈ বিবেক এক্সপ্ৰেছৰ ৫ শতাধিক কেৰেলাৰ পৰা অহা ৰেলযাত্ৰীৰ পলায়ন

134
0

জাগীৰোড, ২৩ মে : আজি জাগীৰোড ৰেল ষ্টেচনত এক ভয়ংকৰ কাণ্ড সংঘটিত হয় ৷ কন্যাকুমাৰীী পৰা ডিব্ৰুগড়লৈ বিবেক এক্সপ্ৰেছেৰে কেৰেলাৰ পৰা অহা ৰেলযাত্ৰী জাগীৰোড ষ্টেচনত নামিয়ে কৰে পলায়ন ৷ এক অভাৱনীয় পৰিবেশত ক’ভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰিলে প্ৰায় ৫ শতাধিক যাত্ৰীৰ ৷ আজি কন্যাকুমাৰীৰ পৰা ৰেলেৰে আহি জাগীৰোডত উপস্থিত হয় প্ৰায় ৬ শতাধিক লোক ৷ জাগীৰোড ৰেল ষ্টেচনত যাত্ৰী সকলৰ বাবে কৰা হৈছিল ক’ভিড পৰীক্ষাৰ ব্যৱস্থা ৷ কিন্তু নিৰাপত্তাৰক্ষী কম থকাৰ সুযোগ লৈ কোভিড পৰীক্ষা নকৰাকৈ প্ৰায় ৫ শতাধিক যাত্ৰীয়ে পলায়ন কৰে ষ্টেচনৰ পৰা ৷ পলায়ন কৰা যাত্ৰী সকলৰ ভিতৰত প্ৰায়সংখ্যক যাত্ৰী আছিল মৰিগাঁও আৰু নগাঁও জিলাৰ ৷ পলাবলৈ সক্ষম নোহোৱা যাত্ৰী সকলৰ মাজত কেইবাগৰাকী লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হয় যদিও পলায়ন কৰা কোনো যাত্ৰীকে আটক কৰিবলৈ সক্ষম নহল ৷ পলায়ন কৰা যাত্ৰী সকলৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষনীয় বিষয় হৈ পৰিছে ৷ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ জাগীৰোডৰ নগতে মৰিগাঁও জিলাখনত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here