Home স্থানীয় মাজুলীত ধুমুহাৰ তাণ্ডৱ : ধুমুহাই ক্ষতিগ্ৰস্ত কৰিলে প্ৰায় ১১১৫ পৰিয়ালৰ, প্ৰায় ৬০...

মাজুলীত ধুমুহাৰ তাণ্ডৱ : ধুমুহাই ক্ষতিগ্ৰস্ত কৰিলে প্ৰায় ১১১৫ পৰিয়ালৰ, প্ৰায় ৬০ খনতকৈও অধিক গাঁও ধুমুহাত তচ্ নচ , পশুধনৰ মৃত্যু

135
0

পৰাণজ্যোতি বৰা, মাজুলী, ২৩ জুলাই :

প্ৰচণ্ড ধুমুহা কোবাই গল উজনি মাজুলী লগতে পূৱ মাজুলীবাসীক।নিমিষতে থান বান হল বহু পৰিয়ালৰ বাসগৃহ।পৰিয়াল সমূহৰ মাজত এতিয়া হাহাকাৰ পৰিবেশ।২২ তাৰিখৰ নিশা অহা প্ৰচণ্ড ধুমুহাই উজনি মাজুলীৰ লগতে পূৱ মাজুলীবাসীৰ জীৱনলৈ নমাই আনে আমানিশা।মাজুলী আৰু উজনি মাজুলীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৬০ খনতকৈও অধিক গাঁওই তচ্ নচ কৰাৰ লগতে দুইটা চক্ৰৰ অন্তৰ্গত প্ৰায় ১১১৫ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ মাজুলী বিভাগৰ তথ্য অনুসৰি জানিব পৰা গৈছে।মাজুলীৰ ৰাজহ চক্ৰৰ প্ৰায় ১৯২ পৰিয়াল আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ প্ৰায় ৯২৩ পৰিয়ালৰ ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মাজুলীৰ ৰাজহ চক্ৰৰ প্ৰায় ১৪খন গাঁও আৰু উজনি মাজুলী ৰাজহ চক্ৰৰ প্ৰায় ৪৬ খনতকৈও অধিক গাঁও ধুমুহাই মোহাৰি পেলাই।নিশা অহা ধুমুহাৰ প্ৰভাৱত দিক বিদিক হেৰুৱাই পেলাই উজনি মাজুলীৰ লোক সকলে।বাসগৃহ সমূহত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাত প্ৰায় সমূহ বাস গৃহ নিমিষতে চেপেটা কৰি পেলোৱাৰ লগতে লোক সকল কোনোমতে নিজৰ জীৱন বচাই ঘৰৰ ভিতৰৰ পৰা লৰি পলাবলৈ সক্ষম হোৱা লগতে কেইবাজনো লোকৰ আঘাটপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।ফুলনি,ভকতিদুৱাৰ,লাহন গাঁও,গায়নগাঁও,শুকানসুঁতি,নিকিনিখোৱা,দক্ষিণপাট,মেৰাগঁড়,যোগীগাঁও,শালমৰা,ধোঁৱাছলা,মুদৈবিল,নৱৰতনপুৰ,বাঘৰগাঁও,বনগাঁওকে আদি কৰি দুইটা ৰাজহ চক্ৰৰ প্ৰায় ৬০ খন গাঁও অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে। ধুমুহাৰ  প্ৰভাৱত প্ৰায় ৭খনতকৈও অধিক বিদ্যালয় ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে।ধুমুহাৰ প্ৰভাৱত এটা পশুধনৰো মৃত্যু হয়।প্ৰকাণ্ড গছ উভালি পৰাত বিদ্যুত তাৰ ছিঙি যোৱাৰ লগতে বিদ্য।ৎৰ খুটা ভাঙি যোৱাত যোৱা ৰাতিৰে পৰা বিদ্যুৎ সেৱা ব্যাহত হৈ আছে উজনি মাজুলীৰ লগতে পূব মাজুলীত।বহু পথত গছ বাগৰি পৰাত পুৱা বেলা যাতায়তত সমস্যা সৃষ্টি হয়।পুৱা মাজুলী জিলা প্ৰশাসন, ৰাজহ চক্ৰ, স্থনীয় ৰাইজৰ তৎপৰতাত পথৰ ওপৰত উভালি পৰা গছ কাটি যাতায়ত সুচল কৰি তোলে।মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়দ্বীপ ৰজক আৰু দুইটা চক্ৰৰ মণ্ডলসকলৰ লগতে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ মাজুলী বিভাগ বিষয়াই ৰাইজৰ কাষত উপস্থিত হৈ খা খবৰ লোৱাৰ লগতে ক্ষয় ক্ষতি বুজ লয়।ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক ক্ষতিপূৰণ দিবলৈ জিলা প্ৰশাসন মাজুলীৰ দল সংগঠন সমূহে আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here