Home অসম মোৰাঝাৰত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যুত শোক

মোৰাঝাৰত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যুত শোক

1947
0

গণ বাৰ্তা, হোজাই, ১৭ মে’ ঃ হোজাই জিলাৰ মোৰাঝাৰৰ সাংবাদিক ছাদিকুজ জামানৰ পিতৃ তথা লংকা শিক্ষাৰ অন্তৰ্গত বৰবালি মোক্তাব বিদ্যালয়ৰ স্বেচ্ছামূলক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক স্বাৰ উদ্দিনৰ কালি নিশা ১০.৫০ বজাত বিয়োগ ঘটে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ৷ দীৰ্ঘদিন ধৰি উচ্ছ ৰক্তচাপজনিত কাৰণত তেখেত অসুস্থ হৈ প্ৰথম অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত আৰু পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নেদেখাজনৰ ওপৰত শেষ ভৰসা ৰাখি হোজাইৰ হাম হাস্পতালত ভেণ্টিলেচনত পাঁচদিন ৰখাৰ অন্তত কালি নিশাৰ ভাগত শিক্ষকগৰাকীয়ে মেলানি মাগে৷ তেওঁ মৃত্যুৰ সময়ত ইহ সংসাৰত পত্নী, সুযোগ্য সন্তান, নাতি-নাতিনীয়েককে ধৰি অনেক গুণমুগ্ধক এৰি যায়৷ আজি দিনৰ ৰ.৩০ বজাত আত্মীয় আৰু গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে স্থানীয় ৰোহিণী পথাৰ জামে মছজিদত কে’বাশ লোকৰ উপস্থিতিত পীৰবজাৰ আলজামিয়াতুল আৰাবিয়াহ দাৰুল হাদিছ মাদ্ৰাছাৰ স্বনামধন্য মুহতমিম আৰু মুহাদ্দিছ, আলহাজ শ্বেইখ মুফ্‌টি হোছাইন আহমদ হাম্মাদ চৌধুৰী কাছিমীৰ ইমামতিত মৰহুমৰ শেষ জানাজাৰ নামাজ সম্পন্ন কৰে৷ উল্লেখ্য যে স্বাস্থ্যজনিত কাৰণত ২০১৮ চনত স্বেচ্ছামূলক অৱসৰ লোৱা শিক্ষকগৰাকীয়ে উন্নত চিকিৎসাৰ বাবে চেন্নাইকে ধৰি বিভিন্ন ঠাইত চিকিৎসা কৰাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি চিৰবিদায় লয়৷ তেওঁ বৰবালি জামে মছজিদ সুদীৰ্ঘ ২০ বছৰকাল পৰিচালনা কৰি সৰ্বজনৰ প্ৰশংসা আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল৷ সমাজৰ বিভিন্ন কামৰ সৈতে জড়িত লোকজনৰ মৃত্যুত ‘গণ অধিকাৰ’ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰ, হোজাই জিলা কৰ্মচাৰী পৰিষদ, হোজাই জিলা সাহিত্য সভা, হোজাই জিলা জমিয়ত, হোজাই জিলা আমছু, বিধায়কৰ হৈ আনোৱাৰ হুছেইন, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, মোৰাঝাৰ প্ৰেছ ক্লাবৰ হৈ হেলাল আহমেদ আৰু আব্দুল কাদিৰ, নীলবাগান প্ৰেছ ক্লাবৰ হৈ কফিল উদ্দিন বৰভূঞা, যুৱ সমাজৰ হৈ বাচিত আলম চৌধুৰী, নীলবাগান ক্ৰীড়া সন্থাৰ হৈ ৰায়হান আহমেদ চৌধুৰী, নীলবাগান শাখা সাহিত্য সভা, যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি মোজাম্মিল আলী, মোৰাঝাৰ আঞ্চলিক আমছু, বুৰুঙাতলী আঞ্চলিক আমছু, জাতীয় একাডেমী পৰিয়াল, গাইডেন্স জুনিয়ৰ কলেজ পৰিয়াল, পদুমণি জাতীয় বিদ্যালয় পৰিয়াল, প্ৰতিভা বিদ্যাপীঠ পৰিয়াল, মাৰাম একাডেমী পৰিয়ালকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here