Home স্থানীয় নগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষক-ধৰ্মপ্ৰাণ ব্যক্তি আব্দুল কৰিমৰ মৃত্যুত শোক

নগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষক-ধৰ্মপ্ৰাণ ব্যক্তি আব্দুল কৰিমৰ মৃত্যুত শোক

128
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৬ মে’ : নগাঁও চহৰৰ ধিং ৰোড নিৰ্বাসী অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি আব্দুল কৰিমৰ কালি হৃদ ৰোগত আক্ৰান্ত হৈ নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৮০ বছৰ। তেওঁ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সমাজহিতকৰ কামত জড়িত হৈ আছিল। মৰিগাঁও জিলাৰ ধুমকুৰা বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৫ চনতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ পিছৰে পৰাই বিভিন্ন সামাজিক কাজ কাজত জৰিত থকাৰ সমান্তৰাল ভাবে তেওঁ ধৰ্ম চৰ্চাতো জৰিত হৈ আছিল। মৃত্যুৰ আগমুহুৰ্তলৈকে তেওঁ ১ নং মোলাপট্টি জামে মছজিদৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। অতি সৎ আৰু অমায়িক স্বভাৱৰ ধৰ্মপ্ৰাণ ব্যক্তি গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। কালি সন্ধ্যা তেওঁৰ জানাজা সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, চাৰি পুত্ৰ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰৰ এৰি থৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here