Home Uncategorized নগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষক মুহিবুল্লা কাছিমীৰ মৃত্যুত শোক

নগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষক মুহিবুল্লা কাছিমীৰ মৃত্যুত শোক

86
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৪ জুন : নগাঁও জিলা সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰাক্তন সভাপতি, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰবী শিক্ষক, ৰাজ্যিক জমিয়তৰ নিষ্ঠাবান কৰ্মী, বিশিষ্ট সমাজসেৱক, বিদগ্ধ মৌলানা মহিবুল্লা কাছিমীৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। তেওঁ বিগত প্ৰায় এমাহ দিন মধূমেহ, হাওঁফাওঁ জনিত বেমাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। নগাঁও চহৰৰ নাতি দূৰৈৰ চিলঙনী নিবাসী মহিবুল্লা কাছিমী নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰবী শিক্ষক হিচাপে যোৱা ২০১৭ চনত অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ। আজি সন্ধ্যা সাতমান বজাত কভিড প্ৰটকল অনুসৰি তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ শিক্ষয়িত্ৰী পত্নী সহ চাৰি সন্তান ইহ সংসাৰত এৰি থৈ গৈছে। তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জৰিত হৈ সমাজ সেৱা আগবঢ়াইছিল। তেওঁৰ মৃত্যুত চিলঙনীৰ লগতে সমগ্র নগাঁৱত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, তেওঁ শিক্ষকতা কৰা শিক্ষানুষ্ঠানখনৰ অধ্যক্ষা দীপিকা লস্কৰ, সমাজ সেৱক ছিৰাজ উদ্দিন আহমেদ, আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰ, চৰ-চাপৰি সাহিত্য পৰিষদৰ নগাঁও জিলা সভাপতি তথা শিক্ষক ফজলুল হক মৰল, নগাঁও জিলা চি চি এম অ’ৰ সভাপতি আব্দুল মজিদ ফাৰুকী, অনগ্ৰৰ মুছলিম জাতীয় ঐক্য মঞ্চৰ সভাপতি জালাল উদ্দিন আহমেদ আদিকে ধৰি বিভিন্ন ব্যক্তি-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here