Home অসম বইটামাৰীত শোকাবহ পথ দুৰ্ঘটনাত চি এছ এফ জোৱান নিহত : অঞ্চলজুৰি...

বইটামাৰীত শোকাবহ পথ দুৰ্ঘটনাত চি এছ এফ জোৱান নিহত : অঞ্চলজুৰি শোকৰ ছাঁ

275
0

গন বাৰ্তা, বইটামাৰী, ২৩ নৱেম্বৰ :  বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা অঞ্চলটোৰ এগৰাকী চি এছ এফ জোৱান পথ দুৰ্ঘটনাত পতিত হৈ নিহত হয়। বইটামাৰীৰ মলিগাওৰ নীলাম্বৰ মণ্ডল( ২৯) নামৰ জোৱান গৰাকী কালি নিশা নিজৰ এ এছ ১৯ জে ৫৪৩২ নম্বৰৰ মটৰ চাইকেলেৰে বহলপুৰৰ পৰা বইটামাৰী অভিমুখে আহি থকা অৱস্থাত বিপৰত দিশৰ পৰা অহা এ চি ১৮ চি ৩৫৭৭ নম্বৰৰ এখন মালবাহী মিনি ট্ৰাকে খুন্দিযায়। ফলত যুৱক জন পথৰ ওপৰত চিটিকি পৰি আহত হয়। লগে লগে আহত যুৱক জনক বইটামাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত যুৱক জনৰ ইতিমধ্যে মৃত্যু হয়। চি এছ এফত কৰ্মৰত যুবকজন কিছুদিন পূৰ্বে ছুটিত আহি কালি বহলপুৰত বন্ধুৰ নিমন্ত্ৰণ মৰ্মে উপস্থিত হৈছিল। নিশাই যুৱক জনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰে। অমায়িক মিতভাষী সৰবৰহী যুৱক জন কিছু বছৰ পূৰ্বে চি, এছ এফত ফায়াৰমেন পদত নিযুক্তি লাভ কৰিছিল। জানিব পৰা মতে এইবাৰ আঘোন মাহত যুবক জন বিবাহপাশত আবদ্ধ হোৱাৰ যো-জা চলাইছিল। মৃত্যুৰ সময়ত যুৱক জনে পিতৃ-মাতৃ, এগৰাকী ভাতৃ আৰু ভগ্নী আৰু অসংখ্য আত্মীয় স্বজন এৰি থৈ যায়। আজি  যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত স্থানীয় শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here