Home অসম বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে কলগাছিয়া একাদশ গ্ৰন্থমেলাৰ শুভ উদ্বোধন সাংসদ আব্দুল খালেকৰ

বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে কলগাছিয়া একাদশ গ্ৰন্থমেলাৰ শুভ উদ্বোধন সাংসদ আব্দুল খালেকৰ

205
0

গণ বাৰ্তা বিশেষ, কলগাছিয়া, ২৫ ডিচেম্বৰ ঃ আজিৰে পৰা কলগাছিয়া ৰাজহুৱা খেলপথাৰত আৰম্ভ হৈছে অইন অইন বছৰৰ দৰে এইবেলিও ব্যাপক আয়োজনেৰে ৬ দিনীয়া কাৰ্যসূচীৰে একাদশ কলগাছিয়া গ্ৰন্থ মেলা। কাৰ্যসূচী অনুসৰি আজি আবেলি ৩ বজাত বৰ্ণাঢ্য অনুষ্ঠানেৰে এখন দীঘলীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰি গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে বৰপেটাৰ সাংসদ তথা আয়োজক সমিতিৰ সভাপতি আব্দুল খালেকে। এই উপলক্ষে গ্ৰন্থ মেলাৰ ১১খনকৈ পতাকা উত্তোলন কৰি আয়োজক সমিতিৰ পৰিচালনাত এখন সভা অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু নলবাৰী জিলাৰ বিশিষ্ট লেখক ৰফিউল হুছেইন বৰুৱাই গ্ৰন্থমেলা উপলক্ষে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিন্‌হা, বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দীনেশ বৈশ্য আৰু অধ্যাপক তথা বিশিষ্ট প্ৰবন্ধকাৰ ৰণজিৎ সভাপণ্ডিত, ভাৰতীয় কৰ সেৱাৰ বিষয়া আশ্বিক উজ জামান, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰান আহমেদ আৰু মুখ্য কাৰ্যবাহী বিষয়া মাইন উদ্দিন উপস্থিত থাকে। সন্ধিয়াৰ পৰা কছেৰ সৰকাৰ আৰু আমিনা সৰকাৰৰ দ্বাৰা পৰিচালিত লোকসংস্কৃতিৰ পৰম্পৰাগত অনুষ্ঠান কবি গান অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক হিচাপে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওমপ্ৰকাশ তেৱাৰী উপস্থিত থাকে।

আজিৰ গ্ৰন্থমলো অনুষ্ঠানত অঞ্চলটোৰ ভালে সংখ্যক গ্ৰন্থপ্ৰেমী দৰ্শক উপস্থিত থাকি গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰে। ইফালে, ২৬ ডিচেম্বৰ পুৱা ১১ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। উদ্বোধক হিচাপে কলগাছিয়া ষ্টেট বেংকৰ শাখা প্ৰবন্ধক মিজানুৰ ৰহমান উপস্থিত থাকিব। পৰিচালনা কৰিব নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক ছামচুল আলম আৰু মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক বাহাদুৰ আলী আহমেদ। দুপৰীয়া ১২ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। উদ্বোধক হিচাপে মহকুমা স্বাস্থ্য বিষয়া ডাঃ নজিৰুল ইছলাম, অতিথি হিচাপে খৰিচালা ঘূগুবাৰীৰ জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লালমামুদ খান উপস্থিত থাকিব। সন্ধিয়া ৬ বজাত প্ৰতিভাৰ সন্ধান। পৰিৱেশক মইনবৰী শংকৰ আজান জাতীয় বিদ্যালয়। উদ্বোধক হিচাপে মন্দিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সোণবৰ চুতীয়া আৰু অতিথি হিচাপে পাকা বেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আবুল হুছেইন, বৰভিটা জিলা পৰিষদৰ সদস্যা মহেলা খাতুন আৰু মইনবৰীৰ পৰা আবুল কালাম আজাদ, আব্দুল খালেক আহমেদ উপস্থিত থাকিব। গ্ৰন্থমেলাৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আয়োজক সমিতিয়ে সকলো পক্ষকে আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here