Home Main Stories বৰপেটাত ‘গণ অধিকাৰ ছ’চিয়েল চাৰ্কোল’ৰ উদ্যোগত এম্বুলেঞ্চ সেৱা উদ্বোধন সাংসদ আব্দুল খালেকৰ

বৰপেটাত ‘গণ অধিকাৰ ছ’চিয়েল চাৰ্কোল’ৰ উদ্যোগত এম্বুলেঞ্চ সেৱা উদ্বোধন সাংসদ আব্দুল খালেকৰ

761
0

সাংবাদিকসকলে সমাজখনক বৌদ্ধিক  নেতৃত্ব দিব লাগিব- অক্ষয় কুমাৰ মিশ্ৰ

আজিজুল হক, ভেল্লা, ২৬ নৱেম্বৰ ঃ বৰপেটাত আজি আনুষ্ঠানিকভাৱে উদ্বোধন হয় এখন এম্বুলেঞ্চ। গণ অধিকাৰ ছ’চিয়েল চাৰ্কোলৰ উদ্যোগত মুকলি হোৱা এম্বুলেঞ্চখন উদ্বোধন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে। এই এম্বুলেঞ্চ সেৱা উদ্বোধন উপলক্ষে বৰপেটা প্ৰেছ ক্লাবত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ভাষণত ‘গণ অধিকাৰ’ ছ’চিয়েল চাৰ্কোলৰ উদ্যোগত বৰপেটাত নতুনকৈ মুকলি হোৱা এম্বুলেঞ্চ সেৱাৰ জৰিয়তে সমাজসেৱা কৰাৰ এই মনোবৃত্তিৰ শলাগ লয়। তাৰ পিছতে তেওঁ সমাজৰ পৰা বিশ্বাস, সততা, প্ৰেম নিৰ্বাপিত হৈ আছে বুলি কৈ সমাজত বিভৎস্‌ কাণ্ড সংঘটিত হৈ আছে বুলি কয়। ভায়েকে ভায়েকক, বন্ধুৱে বন্ধুক, পুত্ৰই পিতৃ-মাতৃক, পিতৃ-মাতৃয়ে সন্তানক নিৰ্মমভাৱে অত্যাচাৰ, হত্যা কৰাৰ এখন সমাজত আমি বসবাস কৰি আছোঁ বুলি কৈ এই ক্ষেত্ৰত সাংবাদিকৰ দায়িত্ব গধুৰ আৰু ব্যাপক হৈ পৰিছে। মাত্ৰ আমি আশা পালি জীয়াই আছোঁ বুলি কৈ বিশিষ্ট সাহিত্যিকগৰাকীয়ে সেই আশাৰ বন্তি হিচাপে সমাজত থিয় হৈ আছে ‘গণ অধিকাৰ’ৰ দৰে স্তম্ভসমূহ বুলি কয়। ইয়াৰ লগে লগে তেওঁ আমাৰ সমাজখন নৰক হৈ পৰা নাই বুলি কৈ সুন্দৰ সমাজ গঢ়িবলৈ সাংবাদিকে প্ৰকৃত বাতৰি পৰিৱেশনত অধিক গুৰুত্ব দিব লাগিব বুলি কয়। গতিকে সাংবাদিকসকলে সমাজখনক বৌদ্ধিক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত সাংবাদিকসকলৰ কৰণীয় আৰু বহুত আছে। এই ক্ষেত্ৰত সাংবাদিকসকল সমাজৰ প্ৰেম, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। সমাজৰ চিকিৎসক হৈছে সাংবাদিকসকল বুলি অতি গুৰুত্বপূৰ্ণ মন্তব্য ভাষণৰ জৰিয়তে দাঙি ধৰে। দৈনিক গণ অধিকাৰৰ মুখ্য সম্পাদক খবিৰ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাহিত্যিক নঞ্জু দত্তই জনসাধাৰণৰ সেৱাত এম্বুলেঞ্চ মুকলি কৰাটো  বৰপেটাৰ বাবে এক বিৰল মুহূৰ্ত বুলি ভাষণত কয়।

সাংসদ খালেকৰ সাংসদ পঁুজিৰ জৰিয়তে ১৫ লাখতকৈ অধিক টকা এম্বুলেঞ্চৰ বাবে আবন্টন দিয়া এই এম্বুলেঞ্চ উদ্বোধনী সভাত সাংসদগৰাকীয়ে এই এম্বুলেঞ্চৰ জৰিয়তে জিলাখনৰ সকলো শ্ৰেণীৰ লোকৰ উপকাৰ সাধন হ’ব বুলি আশা ব্যক্ত কৰে। বিগত দুবছৰে সাংসদ পুঁজি বন্ধ হৈ আছে বুলি কৈ এইবাৰ দিয়া ধনৰ উক্ত অংশৰে এই এম্বুলেঞ্চখন ক্ৰয় কৰি ৰাইজৰ মাজত মুকলি কৰি দিয়া হৈছে বুলি তেওঁ কয়। সাংসদ পুঁজিৰ সীমাবদ্ধতা আছে যদিও এম্বুলেঞ্চৰ ক্ষেত্ৰত সেই সীমাবদ্ধতা ৰখা নাই বুলি কৈ জিলাখনৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা যাতে এই এম্বুলেেঞ্চ গ্ৰহণ কৰে তাৰেই কামনা কৰে তেওঁ। জিলাখনৰ দুখীয়া-নিচলা লোকক যাতে অতি কম খৰচৰ ভিতৰতে এই এম্বুলেঞ্চৰ সুবিধা প্ৰদান কৰে তাৰ বাবে ‘গণ অধিকাৰ’ ছ’চিয়েল চাৰ্কোলক আহ্বান জনায় সাংসদ আব্দুল খালেকে। ‘গণ অধিকাৰ’ ছ’চিয়েল চাৰ্কোল তথা কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে এমপিএলএডি পঁুজিৰ জৰিয়তে আবন্টিত এম্বুলেঞ্চখন ৰাইজৰ সেৱাত উৎসৰ্গিত হ’ব বুলি জনায়। ৰাইজে ৯৪০১১১৪৪৪৪, ৭৫৭৫৯৫৪১০১ আৰু ৯৪৩৫০২৫৩৭৭ ফোন নম্বৰৰ জৰিয়তে সদ্যহতে এই এম্বুলেঞ্চ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ জনায়। সভাত অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম সেখে ভাষণত ‘গণ অধিকাৰ’ ছ’চিয়েল চাৰ্কোলৰ উদ্যোগত আজি মুকলি হোৱা এম্বুলেঞ্চ সেৱাই জিলাখনৰ বঞ্চিত, নিষ্পেষিতৰ লগতে সৰ্বসাধাৰণ লোকৰ জৰুৰীকালীন সময়ত উপকাৰ সাধন কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰে।

ছাবলাইম একাডেমীৰ সঞ্চালক দেৱান নজৰুল কাদেৰেও ‘গণ অধিকাৰ’ ছ’চিয়েল চাৰ্কোলে লোৱা এই পদক্ষেপক আদৰণি জনাই এই এম্বুলেঞ্চ সেৱাই জিলাখনৰ স্বাস্থ্যখণ্ডলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰে। সভাত কে’বাগৰাকীও অধ্যক্ষ, বিশিষ্ট ব্যক্তি, সাংবাদিক, সাহিত্যিক, লেখকৰ লগতে শতাধিক লোক উপস্থিত থাকে। সভাৰ অন্তত দৈনিক গণ অধিকাৰৰ মুখ্য সম্পাদক খবিৰ আহমেদে ‘সনন্ত তাঁতী সমন্বিতে’ শীৰ্ষক কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰি তোলে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here